--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকত স্তব্ধ কৰি দিলে এটা খবৰে। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ,২০২১ তাৰিখটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। চিডিএছ ৰাৱট হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত।

ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।চি ডি এছ ৰাৱাটকে ধৰি তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। ভাৰতীয় সেনাৰ সৰ্বাধিনায়কগৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশবাসী।

শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ অন্ত্যেষ্টিক্রিয়া শুকুৰবাৰে দিল্লীত সম্পন্ন কৰা হ’ব। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে দেশৰ বীৰ সন্তানগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। বৃহস্পতিবাৰে এখন বিশেষ সেনা বাহিনীৰ বিমানেৰে চিডিএছ ৰাৱট আৰু পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰ দেহ দিল্লীলৈ অনা হ’ব। শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ চিডিএছ বিপিন ৰাৱাট আৰু পত্নীৰ নশ্বৰ দেহ গুণমুগ্ধ আৰু আত্মীয় লোকসকলৰ বাবে ৰাৱাটৰ নিজা বাসগৃহত ৰখা হ’ব। উল্লেখ্য যে বিপিন ৰাৱাটৰ মৃত্যুত বিদেশ ৰাষ্ট্ৰসমূহেও গভীৰ শোক প্ৰকাশ কৰিছে।

আৰু পঢ়কঃ ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱটৰ মৃত্যুত কি প্ৰতিক্ৰিয়া চিৰবৈৰী পাকিস্তানৰ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে