--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশকে শোকত স্তব্ধ কৰি দিলে এটা খবৰে। ভাৰতীয় সেনাৰ ইতিহাসত ৮ ডিচেম্বৰ,২০২১ তাৰিখটো কেতিয়াও নুশুকুৱা এটুকুৰা কেঁচা ঘাঁ হৈ ৰৈ যাব। দেশৰ চীফ অব ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱটৰ আকস্মিক মৃত্যু হ’ল হেলিকপ্টাৰ দুৰ্ঘটনাত। দেশৰ প্ৰতিৰক্ষাৰ গধুৰ ভাৰ বহন কৰি থকা বিপিন ৰাৱাটৰ জীৱন কুটিল নিয়তিৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰিলে। চিডিএছ ৰাৱট হঠাতে চিৰদিনলৈ হেৰাই গ’ল এই দুৰ্ঘটনাটোত।

ছুলুৰ বায়ুসেনা ঘাটীৰ পৰা ৱেলিংটনত থকা ডিফেন্স ছাৰ্ভিচেজ কলেজলৈ গৈ থকাৰ বাটতে তামিলনাডুৰ কুন্নুৰৰ নাঞ্জাপাঞ্চাথিৰামত ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন। ভাৰতীয় বায়ুসেনাৰ Mi-17V5 হেলিকপ্টাৰখনত পাইলটসহ চৈধ্যজন আৰোহী আছিল।চি ডি এছ ৰাৱাটকে ধৰি তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত ৰাৱটৰ পত্নী মধুলিকা ৰাৱাটকে ধৰি ১৩জনকৈ লোকে মৃত্যুক আঁকোৱালি লয়।এগৰাকীয়ে এতিয়াও জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছে। ভাৰতীয় সেনাৰ সৰ্বাধিনায়কগৰাকীৰ মৃত্যুত ম্ৰিয়মান দেশবাসী।

শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ অন্ত্যেষ্টিক্রিয়া শুকুৰবাৰে দিল্লীত সম্পন্ন কৰা হ’ব। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে দেশৰ বীৰ সন্তানগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব। বৃহস্পতিবাৰে এখন বিশেষ সেনা বাহিনীৰ বিমানেৰে চিডিএছ ৰাৱট আৰু পত্নী মধুলিকা ৰাৱাটৰ নশ্বৰ দেহ দিল্লীলৈ অনা হ’ব। শুকুৰবাৰে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ চিডিএছ বিপিন ৰাৱাট আৰু পত্নীৰ নশ্বৰ দেহ গুণমুগ্ধ আৰু আত্মীয় লোকসকলৰ বাবে ৰাৱাটৰ নিজা বাসগৃহত ৰখা হ’ব। উল্লেখ্য যে বিপিন ৰাৱাটৰ মৃত্যুত বিদেশ ৰাষ্ট্ৰসমূহেও গভীৰ শোক প্ৰকাশ কৰিছে।

আৰু পঢ়কঃ ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক বিপিন ৰাৱটৰ মৃত্যুত কি প্ৰতিক্ৰিয়া চিৰবৈৰী পাকিস্তানৰ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ