--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আহত মৃদুমুদ্ৰাৰ স্বাস্থ্যৰ নিয়মীয়াকৈ বুজ লৈ আছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। জি এম চি এইচত চিকিৎসাধীন মৃদুমুদ্ৰাৰ স্বাস্থ্য সম্পৰ্কত এই তথ্য ৰাজহুৱা কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে।

ডিজিটেল ডেস্ক : নলবাৰীকাণ্ডত গুৰুতৰভাৱে আহত মৃদুমুদ্রা ডেকা নামৰ কিশোৰীগৰাকী ক্রমাৎ সুস্থ হৈ আহিছে। মঙলবাৰে নিশা জি এম চি এইচত তেওঁৰ এটা অস্ত্রোপচাৰ সম্পন্ন হয়। শৰীৰত হিম'গ্লবিনৰ পৰিমাণো সম্প্ৰতি সুস্থিৰ অৱস্থাত আছে।


আহত মৃদুমুদ্ৰাৰ স্বাস্থ্যৰ নিয়মীয়াকৈ বুজ লৈ আছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। জি এম চি এইচত চিকিৎসাধীন মৃদুমুদ্ৰাৰ স্বাস্থ্য সম্পৰ্কত এই তথ্য ৰাজহুৱা কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিৎ চৌধুৰীয়ে। কালি তেওঁ প্রকাশ কৰে যে কালি কৰা মৃদুমুদ্ৰাৰ এম আৰ আইৰ প্ৰতিবেদনত তেওঁ বিভিন্ন স্থানত বহুকেইটা আঘাত লাভকৰাৰ কথা স্পষ্ট হয়। 


ইয়াৰ ভিতৰত ডিঙি আৰু পিঠিত লাভ কৰা দুটা আঘাত যথেষ্ট গুৰুতৰ। এই দুয়োটা স্থানতে আক্রমণকাৰী ৰ'জ আলীৰ ছুৰী পোনকৈ ভিতৰলৈ সোমাই গৈছিল আৰু ইয়াৰ ফলত শৰীৰৰ ভিতৰত যথেষ্ট গুৰুতৰ আঘাতৰ সৃষ্টি কৰিছিল। পিঠিৰ দিশৰ আঘাত ৰাজহাড়ৰ কাষলৈকে হৈছিল। সেয়ে মঙলবাৰে নিশা তেওঁৰ নিউৰ'ছাৰ্জাৰী বিভাগৰ এটা অস্ত্রোপচাৰ কৰা বুলি অধীক্ষকজনে সদৰী কৰে। 


কালি মৃদুমুদ্ৰাক পুনৰ আই চি ইউলৈ স্থানান্তৰ কৰা বুলিও তেওঁ প্রকাশ কৰে। ইফালে মৃদুমুদ্ৰাৰ স্বাস্থ্য ক্ৰমাৎ সুস্থিৰ হৈ আহিছে। অৱশ্যে এতিয়াও তেওঁ সংকটমুক্ত হোৱা নাই বুলি অধীক্ষক দেৱজিৎ চৌধুৰীয়ে প্রকাশ কৰে। তেওঁ কয় যে মৃদুমুদ্ৰাৰ শৰীৰৰ ৰক্তক্ষৰণ সম্প্ৰতি ৰোধ হৈছে। কালি তেওঁৰ হিম'গ্লবিনৰ পৰিমাণ ৮.৪ আছিল। কালি এই পৰিমাণ ৮.৯ লৈ বৃদ্ধি পোৱা বুলিও অধীক্ষকজনে কয়। 


অৱশ্যে মৃদুমুদ্ৰাক পুনৰ ৰক্তদান কৰিবলগীয়া পৰিস্থিতি হ'ব বুলিও তেওঁ কয়। আনহাতে, জি এম চি এইচত মৃদুমুদ্ৰাৰ চিকিৎসা সম্পূর্ণ বিনামূলীয়াকৈ কৰা বুলি সদৰী কৰি অধীক্ষক ডাঃ চৌধুৰীয়ে বিভিন্ন বিভাগৰ সাতজনীয়া বিশেষজ্ঞ চিকিৎসকে তেওঁৰ চিকিৎসাৰ তদাৰক কৰি থকা বুলি কয়। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই ব্যক্তিগতভাৱে আহত মৃদুমুদ্ৰাৰ চিকিৎসাৰ নিয়মীয়াকৈ বুজ লৈ আছে। তেওঁ আহত কিশোৰীগৰাকীৰ স্বাস্থ্যৰ উন্নতিৰ বিষয়ত দৈনিক খবৰ লৈ আছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি