--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুশান্ত সিং ৰাজপুতৰ দৰেই অৱস্থা হ’লহেঁতেন প্ৰিয়ংকা চোপ্ৰাৰ৷ বলিউডৰ অভিনেত্ৰীগৰাকীক লৈ ৰচনা কৰা হৈছিল ষড়যন্ত্ৰ৷ এই অভিযোগ কৰিছে এগৰাকী বলিউডৰ এগৰাকী শিল্পীয়ে৷

প্ৰায় সাত-আঠ বছৰ পূৰ্বে তেওঁ বলীউড এৰি গৈছিল। প্ৰিয়ংকা চোপ্ৰা জোনাছে এতিয়া হলিউডত কৰ্মৰত। প্ৰিয়ংকাই আমেৰিকাত পপ তাৰকা নিক জ’নাছৰ সৈতে বিবাহপাশত আবদ্ধ হ’ল। এতিয়া তেওঁৰ স্বামী আৰু কন্যা মালতী মেৰীৰ সৈতে সুখী বিবাহ।

কিন্তু বলীউড এৰি যোৱাৰ আগতে প্ৰিয়ংকাই প্ৰায় হতাশাত ভুগিছিল। ‘ষ্টাৰ’ৰ খিতাপ পোৱাৰ পিছতো বলীউডত ভাল কাম পোৱা নাছিল বুলি শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত তেওঁ নিজে কয়।

প্ৰিয়ংকাৰ বিস্ফোৰক সাক্ষাৎকাৰৰ পিছত বলীউডৰ আন এগৰাকী ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিল্পী অপূৰ্ব আছৰাণীয়ে বলিউডৰ আভ্যন্তৰীণ ৰাজনীতিৰ বিষয়ে মুকলিকৈ ক’লে।

অপূৰ্ব আছৰাণী বলীউডৰ বিখ্যাত চিত্ৰনাট্যকাৰ আৰু সম্পাদক। ‘চিমৰাণ’ৰ চিত্ৰনাট্যকাৰগৰাকীয়ে ইয়াৰ পূৰ্বেও কেইবাবাৰো মুখ মেলিছে বলীউডৰ অন্ধকাৰ দিশটোক লৈ।

অপূৰ্বই কয়, ‘এই উদ্যোগটোত প্ৰত্যেকৰে নিজস্ব স্বাৰ্থ আছে। এজন ব্যক্তিয়ে আন এজন ব্যক্তিক ফোন কৰি অমুক লগত কাম নকৰিবলৈ কয়। ইয়াৰ পিছত তেওঁলোকৰ বিৰুদ্ধে সাংবাদিক আৰু জনসংযোগৰ সৈতে এক অভিযান চলাই যাতে শিল্পীজনৰ নাম সম্পূৰ্ণৰূপে ধূলিৰে আবৃত হৈ পৰে। ভুৱা প্ৰতিবেদন লিখা হয়, যাতে শিল্পীৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত হয়।''

অপূৰ্বই কয় যে সুশান্ত সিং ৰাজপুতকো এনেদৰে একাষৰীয়া কৰা হৈছিল। তেওঁ কয়- ‘‘সুশান্তৰ শেষৰখন ছবিয়ে বক্স অফিচত ১০০ কোটি টকা উপাৰ্জন কৰিছিল যদিও ছবিখন ফ্লপ হোৱা বুলি প্ৰচাৰ হৈছিল। সুশান্তই ইমান বুদ্ধিমত্তাৰে কথা পাতিছিল, কিন্তু সকলোৱে এই খবৰ বিয়পাই দিছিল যে তেওঁ মানসিকভাৱে অসুস্থ।''

কিছুদিন পূৰ্বে দিয়া এক সাক্ষাৎকাৰত প্ৰিয়ংকাই বলীউড এৰি যোৱাৰ সন্দৰ্ভত কৈছিল, "বলিউডৰ লেতেৰা ৰাজনীতিত মই ভাগৰি পৰিছিলো।'' প্ৰিয়ংকাই কয় যে তেওঁ ভাগৰুৱা হৈ বলীউড এৰি যোৱাৰ সিদ্ধান্ত লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী