--°C
Loading...
Listen to Article
2 min read
80%

গছ কটা কথাটো মুঠেই সহ্য কৰিব নোৱাৰে তেওঁ। গছত ঘাপ মৰাৰ শব্দ শুনিলেই তেওঁৰ দেহতে ঘাপ মৰা যেন লাগে। গছজোপা বাগৰি পৰাৰ শব্দ শুনিলেই তেওঁৰ কলিজাত বিষে শিপা মেলে। ভাল পায় তেওঁ গছক। ওহাে, কেৱল ভাল পায় বুলি ক'লে ভুল হ’ব। তেওঁ দুর্দান্ত প্রেমিক প্ৰকৃতিৰ। অন্যায়ভাৱে ক'ৰবাত গছ কটাৰ কথা শুনিলে অকলেই তেওঁ তাৰ বিৰুদ্ধে যুঁজ দিয়ে। যিমান পাৰে সিমান মানুহক বুজাবলৈ যত্ন কৰে যে গছ থাকিলেহে মানুহ থাকিব…পৃথিৱী বাচিব। বুকুত গছপাতৰ দৰে সেউজীয়া হৃদয় এখন কঢ়িয়াই লৈ ফুৰা এই মানুহজনৰ নাম মাৰিমুথু যােগানাথন

সৎ কাম কৰিবলৈ সৎ উদ্দেশ্যপ্রণােদিত এটি মনৰ খুবেই প্রয়ােজন। কিছুমান মানুহে অকলেই সমাজত নিজ সৎ কৰ্মৰাজিৰে সুপ্ৰভাৱ পেলায় আৰু মানুহৰ অন্তৰতাে স্থান লয় প্রেৰণাৰ প্রতীক ৰূপে। এখন বিশাল আৰু নিকা হৃদয়ৰ গৰাকী মাৰিমুথু যােগানাথন। অসমৰ যাদৱ পায়েঙৰ দৰে ব্যক্তি তেওঁ। মাৰিমুথু বাস কৰে তামিলনাড়ু জিলাৰ কম্বাইটুৰত। বয়স ৫২। পেছাত তেওঁ এগৰাকী বাছ কণ্ডাক্টৰ আৰু প্রকৃতিক সুৰক্ষা প্রদান কৰাটো মাৰিমুথুৰ নিচা। সমগ্র তামিলনাডুত মাৰিমুথু যােগানাথন জনাজাত 'ট্রী মেন' নামেৰে। যােৱা ৩০ বছৰত তামিলনাডুৰ বিভিন্ন স্থানত যােগানাথনে ৩ লাখতকৈও অধিক গছ ৰােপণ কৰিছে। আশীৰ দশকত তেওঁ নীলগিৰি অঞ্চলত গছ কটা কাৰ্যৰ তীব্র বিৰােধিতা কৰি নিজা প্রচেষ্টাত সজাগতা অভিযান আৰম্ভ কৰিছিল। তেতিয়াৰে পৰা এই কার্যক মাৰিমুথুৱে জীৱনৰ ব্ৰত হিচাপে লােৱাৰ সিদ্ধান্ত ল'লে। সাপ্তাহিক বন্ধ আৰু আজৰি সময় পালেই তেওঁ তামিলনাডুৰ বিভিন্ন স্থানত উপস্থিত হয় আৰু বৃক্ষৰােপণ কাৰ্য আৰম্ভ কৰি দিয়ে।

তেওঁ আজৰি সময়ত বিশেষকৈ তামিলনাডুৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উপস্থিত হয়। গছ ৰােৱা আৰু পৰিৱেশ সজাগতা অভিযান চলােৱাৰ বাবে মাৰিমুথুৱে তিনি হাজাৰতকৈও অধিক শিক্ষানুষ্ঠান ভ্রমণ কৰিছে। যােগানাথনৰ প্ৰচেষ্টাত তামিলনাডুৱে পিন্ধিলে যেন সেউজ অলংকাৰ…গাত মেৰিয়াই ল’লে সেউজীয়া চাদৰ। এটি শিশুক যেতিয়া তেওঁ গছপুলি ৰুবলৈ কয়, সেই শিশুটিৰ নামেৰেই গছপুলিটো মাৰিমুথুৱে নামকৰণ কৰে। নিজৰ ভাতৃ বা ভগ্নীৰ দৰেই গছপুলিটোক মৰম, আপডাল, যত্ন ল’বলৈ শিশুটিৰ মন-মগজুত তেওঁ কথাৰে ৰেখাপাত কৰে আৰু সঁচাকৈয়ে যিকোনাে শিশুৱে মাৰিমুখুৰ কথা পালন নকৰাকৈ নাথাকে। দৈনিক পানী দি, সাৰ যােগান ধৰি গছপুলিটো জীয়াই ৰাখি এজোপা বৃহৎ গছলৈ ৰূপান্তৰ কৰাৰ পণ ল’বলৈ তেওঁ কয় শিশু তথা ছাত্র-ছাত্রীসকলক। কোনােবাই যদি এজোপা গছ কাটি ধ্বংসমুখী যাত্ৰা আৰম্ভ কৰে সেই স্থানতেই অথবা তাৰ আশে-পাশে মাৰিমুথু যােগানাথনে দুজোপা গছ ৰুই সৃষ্টিমুখী যাত্ৰাৰ উন্মেষ ঘটায়। প্রকৃতিৰ দুৰ্ঘোৰ প্রেমিক মাৰিমুথুৰ বাবে প্ৰকৃতিয়ে তেওঁৰ অভিভাৱক… প্রকৃতিয়ে তেওঁৰ সন্তান। তেওঁৰ এই প্রকৃতি-প্রেমে সমাজকো প্ৰভাৱান্বিত কৰিবলৈ সক্ষম হৈছে।

মাৰিমুথু যােগানাথনৰ লগত এবাৰ মাত্ৰ কথা পাতিয়ে বা এবাৰ তেওঁৰ সংস্পৰ্শলৈ আহিলে এজন ব্যক্তিয়ে এজোপা হ'লেও গছ ৰােপণ নকৰাকৈ কেতিয়াও নাথাকে। সেউজ বিপ্লৱৰ গুৰি ধৰোতা এইগৰাকী ব্যক্তি তামিলনাডুবাসীৰ অতি আদৰৰ আৰু সন্মানীয়। এগৰাকী বাছ কণ্ডাক্টৰৰ দিনজোৰা খাটনি তথা কষ্ট সহজেই অনুমেয় আৰু লগত বিভিন্ন সংঘর্ষ সংগ্রামবােৰতাে আছেই। তাৰ পাছতাে নিঃস্বার্থভাৱে নিৰলস মনে তেওঁ কৰি গৈছে সমাজৰ কাম। তামিলনাডুৰ চাৰিওদিশে দুচকু জুৰ পেলােৱা সুশােভিত সেউজ পৰিৱেশ গঢ়ি তুলিছে মাৰিমুথুৱে। সেউজ বিপ্লৱৰ গুৰি ধৰোঁতা এইগৰাকী ব্যক্তিৰ জন্ম হৈছিল তামিলনাডুৰ থানজাবুৰ জিলাৰ মায়াৱৰমত ১৯৬৯ চনত। এক অতি দুখীয়া পৰিয়ালৰ সন্তান আছিল তেওঁ। মাত্র ডেৰ বছৰ বয়সতে পিতৃক চিৰদিনৰ বাবে হেৰুৱাইছিল মাৰিমুথু যােগানাথনে।

বিভিন্ন সংঘর্ষ সংগ্ৰামৰ মাজেৰে জীৱনপাত কৰা মাৰিমুথু যােগানাথন তামিলনাডুবাসীৰ অতি আদৰৰ আৰু সন্মানীয় ব্যক্তি। বিভিন্ন দল-সংগঠনে মাৰিমুথু যােগানাথনক ন্যায্য সন্মান যাঁচিছে। তাৰ ভিতৰত অন্যতম তামিলনাডু চৰকাৰৰ ইক’ ৱাৰিয়ৰ এৱার্ড, চি এন এন আই বি এনৰ ৰীয়েল হিৰজ এৱার্ড, পেৰিয়াৰ এৱাৰ্ড, ট্রী মেন সন্মান, তামিলনাডু চৰকাৰৰ 'Suttru Suzhal Sevai Veerar' এৱাৰ্ড ইত্যাদি। এই সেউজ মনটোৰ সেউজীয়া প্রচ্ছায়া ব্যাপ্ত হৈ পৰক আমাৰ সকলােৰে অন্তৰৰ ভিতৰে-বাহিৰে।

কস্তুৰী বৰঠাকুৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা