--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে৷ তেওঁলোকক আৰক্ষীয়ে যধে-মধে গ্ৰেপ্তাৰ কৰিবলৈ লৈছে৷ এয়া কোনো সাধাৰণ লোকে কোৱা কথা নহয়৷ এই মন্তব্য কৰিছে আমেৰিকাৰ দৰে বিশ্বৰ প্ৰভাৱশালী দেশ খনে৷ শেহতীয়াকৈ ভাৰতত ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ বৃদ্ধি পোৱা বুলি স্পষ্ট অভিযোগ কৰি মাৰ্কিন  বিদেশ সচিব এণ্টনি ব্লিঙ্কেনে মুকলি কৰিছে এক বিশেষ প্ৰতিবেদন৷ প্ৰতিবেদন খনত ভাৰতত  ধৰ্মীয় স্বাধীনতাৰ ওপৰত কেতবোৰ বিশেষ মন্তব্য কৰা হৈছে৷

 ইউএছচিআইআৰএফ (আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগ)ৰ প্ৰতিবেদনখন শেহতীয়াকৈ ৰাজহুৱা কৰিছে মাৰ্কিন বিদেশ সচিব ব্লিঙ্কেনে৷ প্ৰতিবেদন খন ৰাজহুৱা কৰি ব্লিঙ্কেনে কয় , "বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু বহুধৰ্মৰ লোকৰ  বাসস্থান হিচাপে বিবেচিত ভাৰতত সংখ্যালঘু লোক আৰু তেওঁলোকৰ ধৰ্মীয় স্থানৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।"

প্ৰতিবেদন খনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন্তৰ্জাতিক ধৰ্মীয় স্বাধীনতা আয়োগে (ইউএছচিআইআৰএফ একেৰাহে তৃতীয় বছৰৰ বাবে  ভাৰতক 'বিশেষ উদ্বেগৰ দেশ (চিপিচি)' হিচাপে শ্ৰেণীবদ্ধ কৰাৰ পৰামৰ্শ দিছে৷

ভাৰতক  ধৰ্মীয় স্বাধীনতা খৰ্বৰ বিষয়ত তালিকাৰ ওপৰৰ পিনে  থকা দেশ বুলি প্ৰতিবেদন খনত কোৱা হৈছে৷ । 
ধৰ্মীয় স্বাধীনতা কেৱল এক মৌলিক অধিকাৰ নহয়, কিন্তু এক "গুৰুত্বপূৰ্ণ বৈদেশিক নীতিৰ অগ্ৰাধিকাৰ", শ্ৰীযুত ব্লিঙ্কেনে বৃহস্পতিবাৰে কয়। এপ্ৰিলত, ৱাশ্বিংটন ডিচিত প্ৰতিৰক্ষা আৰু বৈদেশিক মন্ত্ৰীসকলৰ আমেৰিকা-ভাৰত "2+2" যুটীয়া সংবাদমেলৰ সময়ত, শ্ৰীযুত ব্লিঙ্কেনে কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতত মানৱ অধিকাৰসম্পৰ্কীয় "শেহতীয়া উন্নয়ন" অনুসৰণ কৰি আছে।

বৃহস্পতিবাৰে শ্ৰীযুত ব্লিকেনে মৰক্কো, তিমুৰ লেষ্টে, টাইৱান আৰু ইৰাকক ধৰ্মীয় স্বাধীনতাৰ ক্ষেত্ৰত অগ্ৰগতি হোৱা দেশসমূহৰ উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ কয় যে কিছুমান দেশে নাগৰিকসকলৰ "মৌলিক অধিকাৰ"ক সন্মান কৰা নাই - যাৰ ভিতৰত আছে ধৰ্মত্যাগ আৰু নিন্দা আইন ব্যৱহাৰ কৰা আৰু ধৰ্মীয় অভিব্যক্তি হ্ৰাস কৰা - যেনে ধৰ্মীয় পোছাক সীমিত কৰা।

"ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকলৰ ওপৰত আক্ৰমণ, যাৰ ভিতৰত আছে হত্যা, আক্ৰমণ আৰু ভীতি প্ৰদৰ্শন, গোটেই বছৰজুৰি সংঘটিত হৈছিল। ইয়াৰ ভিতৰত আছে গৰু হত্যা বা গোমাংসৰ ব্যৱসায়ৰ অভিযোগৰ ওপৰত ভিত্তি কৰি অ-হিন্দুসকলৰ বিৰুদ্ধে 'গৰু সতৰ্কতাবাদ'ৰ ঘটনা," ভাৰতৰ দেশৰ প্ৰতিবেদনত কোৱা হৈছে।

ব্লিকেনে মৰক্কো, তিমুৰ লেষ্টে, টাইৱান আৰু ইৰাকক ধৰ্মীয় স্বাধীনতাৰ ক্ষেত্ৰত সন্মানজনক স্থানত থকা বুলি উল্লেখ কৰাৰ লগতে কয় যে   কিছুমান দেশে নাগৰিকসকলৰ "মৌলিক অধিকাৰ"ক সন্মান জনোৱা নাই৷ বহু দেশে ধৰ্মীয় আচৰণ আৰু ধৰ্মীয় পোছাক আদিৰ ক্ষেত্ৰতো হস্তক্ষেপ কৰা বুলি ব্লিকেনে  মন্তব্য কৰে৷

ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ ওপৰত আক্ৰমণ, যাৰ ভিতৰত আছে হত্যা, আক্ৰমণ আৰু ভীতি প্ৰদৰ্শন আদি  গোটেই বছৰজুৰি ভাৰতত সংঘটিত হৈছিল। গো হত্যা বা গোমাংসৰ ব্যৱসায়ৰ অভিযোগত  অনা-হিন্দুসকলৰ বিৰুদ্ধে অত্যাচাৰ ঘটনা ঘটিছে বুলি প্ৰতিবেদন খনত কোৱা হৈছে।

যোৱা বছৰ ত্ৰিপুৰা, ৰাজস্থান আৰু জম্মু-কাশ্মীৰত বহু মুছলমানলোকক হত্যা কৰাৰ ঘটনাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।নাগৰিকত্ব সংশোধনী আইন  আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি  ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত দিল্লীৰ সংঘৰ্ষৰ কথাও প্ৰতিবেদন খনত স্থান পাইছে৷

প্ৰতিবেদন খনত উল্লেখ কৰা মতে-"হিন্দু বা হিন্দু ধৰ্মৰ প্ৰতি আপত্তিজনক বুলি গণ্য কৰা মন্তব্য ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰাৰ বাবে আৰক্ষীয়ে বহু অনা-হিন্দুলোকক গ্ৰেপ্তাৰ কৰিছে"৷

ধৰ্মীয় স্বাধীনতা খৰ্ব হোৱা দেশসমূহৰ কথা উল্লেখ কৰি  ব্লিঙ্কেনে চৌদি আৰৱৰ লগতে চীন, পাকিস্তান আৰু আফগানিস্তানৰ (য'ত তালিবানে চৰকাৰ গঠন কৰিছে) উদাহৰণো দিয়ে।"চীনে মুখ্যতঃ মুছলমান উইঘূৰ আৰু অন্যান্য ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে গণহত্যা আৰু দমনমূলক কাৰ্য অব্যাহত ৰাখিছে," সচিবজনে কয়। 

তেওঁ লগতে কয়, "চীনত ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ১০ লাখতকৈও অধিক উইঘূৰ মুছলমান লোকক কাজাখ, কিৰগিজ আৰু  জিনজিয়াঙৰ বন্দী শিবিৰত বন্দী কৰি ৰখা হৈছে।" 

 ইপিনে ভাৰতত ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত অত্যাচাৰ বৃদ্ধি পোৱা বুলি আমেৰিকাই প্ৰকাশ কৰা প্ৰতিবেদনে এতিয়া ভাৰতত তোলপাৰ লগাইছে৷প্ৰতিবেদন খনে অস্বস্তিত পেলাইছে মোদীৰ চৰকাৰকো৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement