--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিশোৰ কুমাৰ আছিল চিনেমা জগতৰ এনে এক ব্যক্তিত্ব, যাৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰি। তেওঁ আমাৰ মাজত নাথাকিলেও তেওঁৰ যাদুকৰী কণ্ঠৰ বাবেই মানুহৰ হৃদয়ত তেওঁ আজিও জীয়াই আছে। কিশোৰ কুমাৰৰ গীতবোৰে বহু যুৱক-যুৱতীসকলৰ হৃদয়ত উৎসাহ জগাই তুলিবলৈও যথেষ্ট আছিল। আজিও মানুহে কিশোৰ কুমাৰে গোৱা গীতবোৰ গুণগুণাই থকা দেখা যায়। কিশোৰ কুমাৰৰ জন্ম জয়ন্তী ৪ আগষ্টত। কিশোৰ কুমাৰ  কেৱল পেছাদাৰীভাৱে নহয় ব্যক্তিগত জীৱনতো অতি সাধাৰণ ব্যক্তি। তেওঁৰ জীৱনৰ কিছুমান অকথিত কাহিনীৰ বিষয়ে জানো আহক

কিশোৰ কুমাৰেও মহিলাৰ কণ্ঠতো গান গাইছিল

কিশোৰ কুমাৰক ভগৱানে বহু প্ৰতিভা প্ৰদান কৰিছিল। তেওঁ কেৱল এজন ভাল কণ্ঠশিল্পীয়েই নহয় অভিনয়ৰ ক্ষেত্ৰতো পিছ পৰি থকা নাছিল। ইয়াৰ বাহিৰেও আটাইতকৈ আমোদজনক কথাটো আছিল যে তেওঁ এগৰাকী মহিলাৰ কণ্ঠতো গান গাব পাৰিছিল। কিশোৰ কুমাৰে ১৯৬২ চনৰ ছবি 'হাফ টিকট'ৰ 'আকে সিধী লগা দিল পে জয়ছি' গীতটো পুৰুষ-মহিলা উভয় কণ্ঠত গাইছিল ।আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁ এই গীতটো এবাৰতে ৰেকৰ্ডিং কৰিছিল। পৰবৰ্তী এই গীতটো হৈ পৰিছিল এক চুপাৰ হিট। উল্লেখযোগ্য যে যে কণ্ঠ ৰাণী লতা মংগেশকাৰে এই গীতটো গাবলৈ গৈ আছিল কিন্তু কিবা কাৰণত তেওঁ কণ্ঠ দিব নোৱাৰিলে, তাৰ পাছত কিশোৰ কুমাৰে এই গীতটো গাইছিল।

কিশোৰ কুমাৰে বিচাৰিছিল তেওঁৰ সপোনৰ এনে এটা ঘৰ

কিশোৰ কুমাৰৰ কল্পনাৰ উৰণো বহুত বেলেগ আছিল। তেওঁৰ ঘৰৰ বিষয়ে এটা বেলেগ সপোন আছিল, যিটো পূৰণ কৰিবলৈ তেওঁ এজন স্থাপত্যবিদক তেওঁৰ ঘৰলৈ মাতি ক’লে, "মোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰক য’ত প্ৰতিটো কোঠাতে পানী থাকে।" তেওঁ এইটোও বিচাৰিছিল যে তেওঁৰ বিচনাৰ ওচৰত এখন নাও থাকিব লাগে য’ত তেওঁ বহি ডাইনিং হললৈ যাব পাৰে। অৱশ্যে তেওঁৰ সপোন পূৰণ হ’ব পৰা নাছিল।

কিশোৰ কুমাৰৰ আছিল এক বিশাল ব্যক্তিত্বৰ অধিকাৰী 

কোৱা হয় যে কিশোৰ কুমাৰৰ ব্যক্তিত্ব আনতকৈ সুকীয়া । ইচ্ছা কৰিলেই এবাৰতে গীতটো ৰেকৰ্ডিং কৰিছিল, কিন্তু মন নাথাকিলে যিমানেই টকা দিলেও তেওঁ গান গোৱা নাছিল। এটা আমোদজনক কাহিনীত কোৱা হৈছে যে তেওঁ এবাৰ বন্ধু এজনক কৈছিল যে যেতিয়া আমি মৰিবলৈ ওলম তেতিয়া আমি সকলো টকা বুকুত বান্ধি দিম আৰু তাৰ পিছত আমি মৰি যাম।

এখন বিশেষ বৰ্ড কিশোৰৰ ঘৰৰ বাহিৰত ৰখা হৈছিল

কোৱা হয় যে কিশোৰ কুমাৰে তেওঁৰ ঘৰৰ বাহিৰত এখন চাইন বৰ্ড লগাইছিল, য'ত লিখা আছিল "কিশোৰৰ পৰা সাৱধান"। ইয়াৰ লগত জড়িত এটা কাহিনীও আছে যে যেতিয়া প্ৰযোজক-পৰিচালক এইচ এছ ৰাৱাইলে কিশোৰৰ ঘৰত তেওঁক লগ কৰিবলৈ গৈছিল, তেতিয়া কিশোৰে তেওঁৰ হাতখন কাটি দিয়ে, ৰাৱাইলে এই সম্পৰ্কে কিশোৰক প্ৰশ্ন কৰাত তেওঁ উত্তৰ দিছিল যে," মোৰ ঘৰত প্ৰৱেশ কৰাৰ আগতে বৰ্ডখন চাব লাগে ।" পিছে এয়া কিমান দূৰ সত্য সেয়া সঠিককৈ জানিব পৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিয়াৰ প্ৰলোভন দি সহবাস, গৰ্ভৱতী হোৱাৰ পিছত পৰিত্যাগ; ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিল যুৱতী
ইউটিউবাৰ ডেঞ্জাৰ বাপ্পীৰ ঘৰত উদ্ধাৰ বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰী
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য