--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰেমে নামানে কোনো বাধা৷ ৰাছিয়াৰ চিৰ শত্ৰ দেশ ইউক্ৰেইনৰ প্ৰেমিকাক চিৰলগৰী হিচাবে পাবলৈ ব্যাকুল হৈ  আছিল ৰাছিয়াৰ এজন প্ৰেমিক৷ কিন্তু ইউক্ৰেইনৰ যুৱতীক নিজৰ দেশতে বিয়া পাতিলে ৰাছিয়াৰ প্ৰেমিক পুটিন প্ৰশাসনৰ ৰোষত পৰাৰ আশংকাই বেছি৷ সেয়ে প্ৰেমৰ বোৱতী নৈত উটি ভাঁহি আহি দুখন বৈৰী দেশৰ প্ৰেমিক প্ৰেমিকাই আহি পালেহি ভাৰত৷ 

প্ৰেমে সকলো সীমা অতিক্ৰম কৰে সেই কথাকেই প্ৰমাণ কৰি  ভাৰতৰ হিমাচল প্ৰদেশৰ ধৰ্মশালাত ৰাছিয়াৰ প্ৰেমিক  ছেৰ্গেই নভিকভে ইউক্ৰেনৰ প্ৰেমিকা  ইলোনা ব্ৰামোকাক  হিমাচল প্ৰদেশৰ দিব্যা আশ্ৰম খাৰোটাত আজি বিয়া কৰায়৷ 

সেৰ্গেই নভিকভ আৰু ইলোনা ব্ৰামোকাই  দুবছৰ ধৰি সম্পৰ্ক ৰক্ষা কৰি আহিছিল৷ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত বৰ্তমানযুদ্ধ চলি থকা বাবেই তেোঁলোকে ধৰ্মশালাত বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত লয়। 

সেইমৰ্মে তেওঁলোকে সনাতন ধৰ্মৰ ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হয়। বিবাহ অনুষ্ঠানটোত উপস্থিত থকা স্থানীয় লোকসকলে সকলো ৰীতি-নীতি পালন কৰি তেওঁলোকৰ যুগ্ম জীৱনৰ পথ প্ৰশস্ত কৰি দিয়ে৷

উপস্থিত লোকসকলে পৰম্পৰাগত হিমাচলী লোকগীতত নৃত্যও কৰিছিল। 

অতিথিসকলক কাংৰি ধামত  আপ্যায়নো কৰা হয় । দিব্যা আশ্ৰম খাৰোটাৰ পণ্ডিত সন্দীপ শৰ্মাৰ মতে, সেৰ্গেই আৰু ইলোনাই যোৱা এবছৰ ধৰি ধৰ্মশালাৰ ওচৰৰ ধৰ্মকোটত আছিল। 

যুদ্ধই বিধ্বস্ত কৰা ইউক্ৰেইনৰ যুৱতীগৰাকীৰ পৰিয়ালৰ বিশেষ কোনো লোক অৱশ্যে যুদ্ধৰ বাবেই বিবাহ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ