--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘দুখ নকৰিলে মুখ নভৰে…’- এজন ব্যক্তিয়ে জীৱনত মৰা সাফল্যৰ হাঁহিৰ আঁৰত কত যে কাহিনী লুকাই থাকে! আগতে হয়তো আপুনি বহু ব্যক্তিৰ জীৱনসংগ্ৰামৰ বিষয়ে পঢ়িছে। আজি আপোনাক জনাব বিচাৰিছোঁ একাংশ বলীউড তাৰকাৰ জীৱন সংগ্ৰামৰ বিষয়ে। কোন ষ্টাৰে কৰ্মজীৱনৰ প্ৰথম অৱস্থাত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল? বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ জীৱনতো আছে সংগ্ৰামৰ পৃষ্ঠা।

সংগ্ৰামৰত অৱস্থাত তেওঁ সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ অনুষ্ঠানলৈ অহা অতিথিসকলক স্বাগতম জনোৱাৰ দায়িত্বত নিয়োজিত হৈছিল। আৰু সেই কামৰ বাবে লাভ কৰিছিল মাত্ৰ ৫০ টকা। সেই ৫০টকাৰে যাত্ৰা আৰম্ভ কৰি এতিয়া তেওঁ সম্পদ আৰু প্ৰাচুৰ্যৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে। পৰীৰ দেশৰ কাহিনীৰ দৰেই সাফল্যৰ ইতিহাস ৰচনা কৰিছে বাদশ্বাহে! ইফালে, এতিয়া অক্ষয় কুমাৰৰ প্ৰায় প্ৰতিখন চলচ্চিত্ৰই ১০০ কোটিৰ ক্লাব চুইছে। কিন্তু অক্ষয় কুমাৰেও এটা সময়ত হোটেলৰ ৱেইটাৰ হিচাপে কাম কৰি মাহেকত ১৫০০ টকা উপাৰ্জন কৰি চলিবলগীয়া হৈছিল।


বলীউডত আলোড়ন সৃষ্টিৰ লগতে হলীউডতো খোজ পেলোৱা প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ প্ৰতিটো ইনষ্টাগ্ৰাম পোষ্টৰ বাবে এতিয়া ১.৮০ কোটি টকা উপাৰ্জন কৰে। তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে কৰা কামৰ বাবে তেওঁ লাভ কৰিছিল ৫,০০০ টকাহে। আমিৰ খানৰ প্ৰথম ছবি ‘কয়ামত চে কয়ামত তক’। তেওঁ সেই ছবিখনত অভিনয় কৰাৰ বাবে মাহে মাত্ৰ ১,০০০ টকা দৰমহা লাভ কৰিছিল। কংকণা ৰাণাৱতেও আজি তেওঁৰ অভিনয়ৰ স্বীকৃতিস্বৰূপে ‘পদ্মশ্ৰী’ৰ দৰে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। কিন্তু কেৰিয়াৰৰ আৰম্ভণিতে, মডেল হিচাপে তেওঁৰ প্ৰথম উপাৰ্জন আছিল মাত্ৰ ৪,০০০ টকা। আপোনালোকে শুনিলে আচৰিত হ’ব যে, বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰথম কৰা কামৰ পাৰিশ্ৰমিক হিচাপে লাভ কৰিছিল মাত্ৰ ৫০০ টকা।


দীপিকা পাডুকন বুলিলেই যেন এতিয়া সাফল্যই হাত বাউলি দি মাতে। ধনে-সম্পদেও তেওঁৰ ভঁৰাল ভৰা। কিন্তু তেওঁ নিজ হাতে কৰা প্ৰথম উপাৰ্জনৰ ধনৰ পৰিমাণ আছিল ২,০০০ টকা। ছুপাৰষ্টাৰ হৃত্বিক ৰোশনো এতিয়া বলীউডৰ অন্যতম দামী তাৰকা। পিছে ৰোশনে প্ৰথম উপাৰ্জন কৰা ধনৰ পৰিমাণ আছিল ১০০ টকা। বৰ্তমান তেওঁৰ মুম্বাইৰ পাঁচ স্থানত নিজৰ ঘৰ আছে। অলপতে ১০০ কোটি টকীয়া এটা ঘৰো কিনিছে তেওঁ। চলচ্চিত অভিনয় কৰাৰ পূৰ্বে ইৰফান খানে শিক্ষকতাক জীৱিকা হিচাপে বাছি লৈছিল। প্ৰথম উপাৰ্জন কৰা ধনৰ পৰিমাণ আছিল মাত্ৰ ২৫ টকা। আৰু যে কত অলিখিত আখ্যান আছে এইসকল তাৰকাৰ জীৱনত!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ