--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ‘দুখ নকৰিলে মুখ নভৰে…’- এজন ব্যক্তিয়ে জীৱনত মৰা সাফল্যৰ হাঁহিৰ আঁৰত কত যে কাহিনী লুকাই থাকে! আগতে হয়তো আপুনি বহু ব্যক্তিৰ জীৱনসংগ্ৰামৰ বিষয়ে পঢ়িছে। আজি আপোনাক জনাব বিচাৰিছোঁ একাংশ বলীউড তাৰকাৰ জীৱন সংগ্ৰামৰ বিষয়ে। কোন ষ্টাৰে কৰ্মজীৱনৰ প্ৰথম অৱস্থাত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল? বলীউড বাদশ্বাহ শ্বাহৰুখ খানৰ জীৱনতো আছে সংগ্ৰামৰ পৃষ্ঠা।

সংগ্ৰামৰত অৱস্থাত তেওঁ সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত হৈ অনুষ্ঠানলৈ অহা অতিথিসকলক স্বাগতম জনোৱাৰ দায়িত্বত নিয়োজিত হৈছিল। আৰু সেই কামৰ বাবে লাভ কৰিছিল মাত্ৰ ৫০ টকা। সেই ৫০টকাৰে যাত্ৰা আৰম্ভ কৰি এতিয়া তেওঁ সম্পদ আৰু প্ৰাচুৰ্যৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছে। পৰীৰ দেশৰ কাহিনীৰ দৰেই সাফল্যৰ ইতিহাস ৰচনা কৰিছে বাদশ্বাহে! ইফালে, এতিয়া অক্ষয় কুমাৰৰ প্ৰায় প্ৰতিখন চলচ্চিত্ৰই ১০০ কোটিৰ ক্লাব চুইছে। কিন্তু অক্ষয় কুমাৰেও এটা সময়ত হোটেলৰ ৱেইটাৰ হিচাপে কাম কৰি মাহেকত ১৫০০ টকা উপাৰ্জন কৰি চলিবলগীয়া হৈছিল।


বলীউডত আলোড়ন সৃষ্টিৰ লগতে হলীউডতো খোজ পেলোৱা প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ প্ৰতিটো ইনষ্টাগ্ৰাম পোষ্টৰ বাবে এতিয়া ১.৮০ কোটি টকা উপাৰ্জন কৰে। তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে কৰা কামৰ বাবে তেওঁ লাভ কৰিছিল ৫,০০০ টকাহে। আমিৰ খানৰ প্ৰথম ছবি ‘কয়ামত চে কয়ামত তক’। তেওঁ সেই ছবিখনত অভিনয় কৰাৰ বাবে মাহে মাত্ৰ ১,০০০ টকা দৰমহা লাভ কৰিছিল। কংকণা ৰাণাৱতেও আজি তেওঁৰ অভিনয়ৰ স্বীকৃতিস্বৰূপে ‘পদ্মশ্ৰী’ৰ দৰে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। কিন্তু কেৰিয়াৰৰ আৰম্ভণিতে, মডেল হিচাপে তেওঁৰ প্ৰথম উপাৰ্জন আছিল মাত্ৰ ৪,০০০ টকা। আপোনালোকে শুনিলে আচৰিত হ’ব যে, বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে প্ৰথম কৰা কামৰ পাৰিশ্ৰমিক হিচাপে লাভ কৰিছিল মাত্ৰ ৫০০ টকা।


দীপিকা পাডুকন বুলিলেই যেন এতিয়া সাফল্যই হাত বাউলি দি মাতে। ধনে-সম্পদেও তেওঁৰ ভঁৰাল ভৰা। কিন্তু তেওঁ নিজ হাতে কৰা প্ৰথম উপাৰ্জনৰ ধনৰ পৰিমাণ আছিল ২,০০০ টকা। ছুপাৰষ্টাৰ হৃত্বিক ৰোশনো এতিয়া বলীউডৰ অন্যতম দামী তাৰকা। পিছে ৰোশনে প্ৰথম উপাৰ্জন কৰা ধনৰ পৰিমাণ আছিল ১০০ টকা। বৰ্তমান তেওঁৰ মুম্বাইৰ পাঁচ স্থানত নিজৰ ঘৰ আছে। অলপতে ১০০ কোটি টকীয়া এটা ঘৰো কিনিছে তেওঁ। চলচ্চিত অভিনয় কৰাৰ পূৰ্বে ইৰফান খানে শিক্ষকতাক জীৱিকা হিচাপে বাছি লৈছিল। প্ৰথম উপাৰ্জন কৰা ধনৰ পৰিমাণ আছিল মাত্ৰ ২৫ টকা। আৰু যে কত অলিখিত আখ্যান আছে এইসকল তাৰকাৰ জীৱনত!


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু