--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পৰ্ণ’গ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাই জামিন লাভ কৰাৰ পাচত প্ৰথমবাৰৰ বাবে একেলগে দেখা গ'ল অভিনেত্ৰী শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাক। দুয়ো হাঁহি হাঁহি মুকলিলৈ ওলাই আহিছে। এটি মন্দিৰত দুয়োকে সুখী অৱস্থাত দেখা পোৱা গ'ল। যোৱা কেইটামান মাহ দুয়োৰে বাবে অত্যন্ত কঠিন আছিল।যোৱা ১৯ জুলাইত ১১ জন লোকৰ সৈতে ৰাজক আৰক্ষীয়ে অশ্লীল চলচ্চিত্ৰ নিৰ্মাণৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। ছেপ্তেম্বৰত ৫০ হাজাৰ টকা আদায় দিয়াৰ পাচত মুম্বাইৰ আদালতে পৰ্ণ’গ্ৰাফী গোচৰত ৰাজ কুন্দ্ৰাৰ জামিন মঞ্জুৰ কৰিছিল। জামিন লাভৰ কেইদিনমান পিছত ৰাজে টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰিছিল।

এই সমস্যাৰ পৰা সামান্য সকাহ পোৱাৰ পাছত ৰাজ আৰু শিল্পাই এতিয়া ভগৱানৰ শৰণাপন্ন হৈ সুখৰ সন্ধান কৰিব বিচাৰিছে। ভগৱানৰ আশিস লোৱাৰ উদ্দেশ্যেৰে কুন্দ্ৰা দম্পতী হিমাচলত প্ৰদেশৰ ধৰ্মশালাত থকা বগলামুখী মন্দিৰলৈ ৰাওনা হয়। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে দুয়োৰে ফটো। উল্লেখ্য যে দূৰদূৰণিৰ পৰা মানুহ বগলামুখী মন্দিৰলৈ তন্ত্ৰৰ উপাসনা কৰিবলৈ আহে। বিশ্বাস কৰা হয় যে বগলামুখী মন্দিৰলৈ আহি পূজা উপসনা কৰিলে জীৱনৰ দুখ-কষ্ট দূৰ হোৱাৰ লগতে শত্ৰু নাশ হয়। ইয়াত তন্ত্ৰৰ পূজা কৰা হয়।

আৰু পঢ়কঃ অন্য যুৱকৰ সৈতে বিয়া বন্দৱস্ত; প্ৰেমিকাক ১৮ বাৰ ছুৰিকাঘাত প্ৰেমিকৰ

জীৱনৰ পৰা সকলো শত্ৰু দূৰ কৰিবলৈ বগলামুখী মন্দিৰত সেৱা জনায় শিল্পা আৰু ৰাজে। মন্দিৰলৈ আহোতে উজ্জ্বল হালধীয়া ৰঙৰ ছেলৱাৰ পিন্ধাৰ লগতে কম প্ৰসাধন কৰা দেখা গৈছিল শিল্পাক। ৰাজয়েও হালধীয়া ৰঙৰ সাজ পৰিধান কৰিছিল। ৰাজ কুন্দ্ৰা কাৰগাৰত থকাৰ সময়তো মন্দিৰে মন্দিৰে দৌৰিছিল শিল্পা ছেট্টী। এইবাৰ মুখত এটি মিঠা হাঁহি লৈ স্বামীৰ সৈতে মন্দিৰলৈ আহে অভিনেত্ৰীগৰাকী। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়ো একেলগে থকা কেইবাখনো ফটো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ