--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ড্ৰাগছৰ গোচৰত ইজনৰ পাছত সিজন বলীউডৰ তাৰকা নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৰ জালত পৰাৰ পাছত এইবাৰ এটা বৃহৎ অঘটন ঘটিছে। এইবাৰ ড্ৰাগছ কাণ্ডৰে সাঙোৰ খাইছে বলীউডৰ বাদশ্বাহ শ্বাহৰুখৰ পুত্ৰৰ নাম। শ্বাহৰুখ খানৰ পু্ত্ৰ আৰয়ান খানক আটক কৰিছে এনচিবি-এ৷ কৰ্ডেলিয়া নামৰ ক্ৰুজখনত চলি থকা এটা পাৰ্টীৰ পৰা অন্য ১০জন লোকৰ সৈতে শ্বাহৰুখৰ পুত্ৰক আটক কৰিছে এনচিবিয়ে৷

মায়ানগৰী মুম্বাইত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ ঘটনা প্ৰায়ে পোহৰলৈ আহে৷ ড্ৰাগছৰ কেছত সময়ে সময়ে বলীউড তাৰকাৰ নামো জড়িত হৈ পৰিছে। এইবাৰ পুনৰ ড্ৰাগছ পাৰ্টীৰ বিৰুদ্ধে নাৰ্ক’টিক্স কন্ট্ৰ’ল ব্যুৰ’(NCB)য়ে চলালে তালাচী। এই ড্ৰাগছ পাৰ্টী চলি আছিল মু্ম্বাইৰ পৰা গোৱা অভিমুখে যোৱা কৰ্ডেলিয়া নামৰ ক্ৰুজ অৰ্থাৎ বিলাসী জাহাজখনত। ড্ৰাগছ পাৰ্টীটোত বলীউডৰ কেইবাগৰাকী তাৰকা উপস্থিত আছিল৷ সেই জাহাজতেই এনচিবিয়ে ৭ ঘণ্টা ধৰি চলালে অভিযান।

আৰয়ানে জনোৱা অনুসৰি ড্ৰাগছৰ সৈতে তেওঁৰ কোনো ধৰণৰ লেনদেন নাই। নিমন্ত্ৰণ ৰক্ষা কৰিবলৈহে গৈছিল সেই পাৰ্টীলৈ। উল্লেখ্য যে সেই ড্ৰাগছৰ পাৰ্টীত এনচিবিৰ অভিযানত ৪ প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰা বুলি তথ্য লাভ কৰা হৈছে। আৰয়ান খানক এতিয়াও জেৰা কৰি আছে এনচিবিয়ে। সেয়েহে আনুষ্ঠানিকভাবে কোনো কথা ঘোষণা কৰা নাই সংস্থাটোৱে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ