--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘যোগ’ শব্দ‌টি উচ্চাৰণ লগে লগে প্ৰথমে আমাৰ মনলৈ অহা ব্যক্তিগৰাকীয়ে হৈছে বাবা ৰামদেৱ। বিগত কেইবা দশকজুৰি যোগ সেৱাত ব্ৰতী আছে তেওঁ। বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈ যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ অব্যাহত ৰাখিছে ৰামদেৱে। এইবাৰ পিছে যোগগুৰুক দেখা গ’ল অন্য ৰূপত। যোগাসনৰ পৰা গৈ ছুপাৰ ডেন্সাৰৰ মঞ্চ পালেগৈ ৰামদেৱে। ছ’নি টিভিত সম্প্ৰচাৰিত অনুষ্ঠানটিৰ এটি ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে। ‘দেশ কী ফৰ্মাইছ’ৰ বিশেষ ছেমি ফাইনেল খণ্ডৰ সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল বাবা ৰামদেৱক।

অনুষ্ঠানৰ মাজতে ৰামদেৱৰ খুহুটীয়া কথাৰ মেল। সম্প্ৰতি তেনে কিছুমান আকৰ্ষণীয় কথাই পোহৰলৈ আহিছে। ৰামদেৱৰ এটা সৰু কৃতিত্বৰ দ্বাৰা অভিভূত হৈ পৰিছে উপস্থিত দৰ্শক। আনকি ৰামদেৱৰ প্ৰশংসাত পঞ্চমুখ বিচাৰকমণ্ডলী। অনুষ্ঠানটোত উপস্থিত থাকি সকলোকে ইমান আমোদদায়ক মুহূৰ্ত প্ৰদানৰ বাবে বিচাৰক তথা অভিনেত্ৰী শিল্পা ছেট্টীয়েও এটা পোষ্টৰ জৰিয়তে ধন্যবাদসূচক মন্তব্য প্ৰকাশ কৰিছে। শিল্পাই ৰামদেৱৰ সৈতে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি কয়, ‘অঞ্জলি উইথ দা ফ্রেমড পতঞ্জলি।’ শিল্পাৰ টুইটৰ পাছতে ভাইৰেল হৈ পৰিছে যোগগুৰুৰ কীৰ্তি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ