--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘যোগ’ শব্দ‌টি উচ্চাৰণ লগে লগে প্ৰথমে আমাৰ মনলৈ অহা ব্যক্তিগৰাকীয়ে হৈছে বাবা ৰামদেৱ। বিগত কেইবা দশকজুৰি যোগ সেৱাত ব্ৰতী আছে তেওঁ। বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গৈ যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ অব্যাহত ৰাখিছে ৰামদেৱে। এইবাৰ পিছে যোগগুৰুক দেখা গ’ল অন্য ৰূপত। যোগাসনৰ পৰা গৈ ছুপাৰ ডেন্সাৰৰ মঞ্চ পালেগৈ ৰামদেৱে। ছ’নি টিভিত সম্প্ৰচাৰিত অনুষ্ঠানটিৰ এটি ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে। ‘দেশ কী ফৰ্মাইছ’ৰ বিশেষ ছেমি ফাইনেল খণ্ডৰ সন্মানীয় অতিথি হিচাপে আমন্ত্ৰণ কৰা হৈছিল বাবা ৰামদেৱক।

অনুষ্ঠানৰ মাজতে ৰামদেৱৰ খুহুটীয়া কথাৰ মেল। সম্প্ৰতি তেনে কিছুমান আকৰ্ষণীয় কথাই পোহৰলৈ আহিছে। ৰামদেৱৰ এটা সৰু কৃতিত্বৰ দ্বাৰা অভিভূত হৈ পৰিছে উপস্থিত দৰ্শক। আনকি ৰামদেৱৰ প্ৰশংসাত পঞ্চমুখ বিচাৰকমণ্ডলী। অনুষ্ঠানটোত উপস্থিত থাকি সকলোকে ইমান আমোদদায়ক মুহূৰ্ত প্ৰদানৰ বাবে বিচাৰক তথা অভিনেত্ৰী শিল্পা ছেট্টীয়েও এটা পোষ্টৰ জৰিয়তে ধন্যবাদসূচক মন্তব্য প্ৰকাশ কৰিছে। শিল্পাই ৰামদেৱৰ সৈতে সামাজিক মাধ্যমত এখন ফটো শ্বেয়াৰ কৰি কয়, ‘অঞ্জলি উইথ দা ফ্রেমড পতঞ্জলি।’ শিল্পাৰ টুইটৰ পাছতে ভাইৰেল হৈ পৰিছে যোগগুৰুৰ কীৰ্তি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ