--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মনোৰঞ্জনৰ এক অনন্য আৰু বহুল সমাদৃত মাধ্যম হৈছে বলীউড। বলীউডৰ মাজেৰেই দৰ্শকে সন্ধান পায় ন ন প্ৰতিভাৰ। বহু অভিনেতা-অভিনেত্ৰীৰ উত্থান-পতনৰ সাক্ষীও এই বলীউড। সৃষ্টিশীলতাৰ সমান্তৰালকৈ সময়ে সময়ে কেতবোৰ নেতিবাচক দিশো উন্মোচিত হয় বলীউডত। পৰৱৰ্তী সময়ত উদ্ৰেগকাৰী কিছুমান খবৰে চলচ্চিত্ৰ অনুৰাগীক ব্যথিত নকৰাও নহয়। শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰিছে এগৰাকী অভিনেত্ৰীয়ে। নাম মল্লিকা শ্বেৰাৱট। লাস্যময়ী ৰূপৰ অধিকাৰী বলীউডৰ বিগ বাজেট চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ নকৰিলেও নৱ প্ৰজন্মৰ অন্তৰত খলকনি তুলিবলৈ সক্ষম হোৱা এইগৰাকী অভিনেত্ৰী বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উল্লেখ্য যে, বলীউড কেৰিয়াৰৰ আৰম্ভণিৰ মাজ ভাগতে হলীউডত খোজ দিছিল মল্লিকাই। কিন্তু ৰূপালী পৰ্দাত সাৱলীল অভিনয়েৰে সহস্ৰ অনুৰাগীৰ হৃদয় জিনাৰ পাছতো বলীউডৰ বিগ বাজেটৰ এখনো ছবিত কিয় দেখা পোৱা নগ’ল মল্লিকাক?

শেহতীয়াকৈ তেনে কেতবোৰ স্পৰ্শকাতৰ প্ৰশ্নৰে উত্তৰ দিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বিশেষ সাফল্য অৰ্জন কৰা সত্ত্বেও বলীউডৰ প্ৰথম শাৰীৰ নায়কৰ বিপৰীতে কিয় দেখা পোৱা নগ’ল বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘এটাই কাৰণ। অভিনেতা বা প্ৰযোজক সকলে মোৰ পৰা যিটো বিচাৰিছিল মই সেইখিনি দিব নোৱাৰিলো। তেওঁলোকে মোক কম্প্ৰ’মাইজ কৰিবলৈ কৈছিল। কিন্তু মই তেওঁলোকৰ প্ৰস্তাৱ মানি লোৱা নাছিলো। মই হাৰিয়ানাৰ ছোৱালী। মোৰ আত্মসন্মান আছে। নিজক লৈ মই গৌৰৱ অনুভব কৰো। মই তেওঁলোকক স্পষ্ট কৰি দিছিলো যে, মই কম্প্ৰ’মাইজ কৰিব নোৱাৰিম। মোক ডাঙৰৰ বেনাৰৰ বিজ্ঞাপনৰ প্ৰযোজন নাই। সেইবাবে আজিলৈকে বলীউডৰ প্ৰথম শাৰীৰ নায়কৰ বিপৰীত শাৰীত দৰ্শকে মোক দেখা নাই।’ শেহতীয়াকৈ হলীউড অভিনেত্ৰীগৰাকীৰ এনে বিস্ফোৰক মন্তব্যই সকলোকে হতচকিত কৰি তুলিছে। একাংশই কটু সমালোচনাৰে থকা-সৰকাও কৰিছে মল্লিকাক। অৱশ্যে, ইয়াক লৈ এতিয়া কোনো মন্তব্য প্ৰকাশ কৰা নাই মল্লিকাই।
উল্লেখ্য যে, ২০০৩-ত ‘খোয়াইশ’, ২০০৪-ত ‘মাৰ্ডাৰ’ৰ দৰে ছবিৰ যোগেদি ছুপাৰহিট অভিনেত্ৰীৰ খ্যাতি অৰ্জন কৰিছিল মল্লিকা শ্বেৰাৱটে। ইয়াৰ পাছতো মল্লিকাই ‘প্যায়াৰ কে ছাইড এফেক্ট’ ; ‘ৱেলকাম’; ‘আগলী ঔৰ পাগলী’ৰ দৰে ছবিত দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ‘নকাব’ৰ জৰিয়তে ৱেব ছবিতো পদাৰ্পণ কৰিছে অভিনেত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ