--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ মনোৰঞ্জনৰ এক অনন্য আৰু বহুল সমাদৃত মাধ্যম হৈছে বলীউড। বলীউডৰ মাজেৰেই দৰ্শকে সন্ধান পায় ন ন প্ৰতিভাৰ। বহু অভিনেতা-অভিনেত্ৰীৰ উত্থান-পতনৰ সাক্ষীও এই বলীউড। সৃষ্টিশীলতাৰ সমান্তৰালকৈ সময়ে সময়ে কেতবোৰ নেতিবাচক দিশো উন্মোচিত হয় বলীউডত। পৰৱৰ্তী সময়ত উদ্ৰেগকাৰী কিছুমান খবৰে চলচ্চিত্ৰ অনুৰাগীক ব্যথিত নকৰাও নহয়। শেহতীয়াকৈ সংবাদ শিৰোনাম দখল কৰিছে এগৰাকী অভিনেত্ৰীয়ে। নাম মল্লিকা শ্বেৰাৱট। লাস্যময়ী ৰূপৰ অধিকাৰী বলীউডৰ বিগ বাজেট চলচ্চিত্ৰত অভিনয়ৰ সুযোগ লাভ নকৰিলেও নৱ প্ৰজন্মৰ অন্তৰত খলকনি তুলিবলৈ সক্ষম হোৱা এইগৰাকী অভিনেত্ৰী বৰ্তমান চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। উল্লেখ্য যে, বলীউড কেৰিয়াৰৰ আৰম্ভণিৰ মাজ ভাগতে হলীউডত খোজ দিছিল মল্লিকাই। কিন্তু ৰূপালী পৰ্দাত সাৱলীল অভিনয়েৰে সহস্ৰ অনুৰাগীৰ হৃদয় জিনাৰ পাছতো বলীউডৰ বিগ বাজেটৰ এখনো ছবিত কিয় দেখা পোৱা নগ’ল মল্লিকাক?

শেহতীয়াকৈ তেনে কেতবোৰ স্পৰ্শকাতৰ প্ৰশ্নৰে উত্তৰ দিছে জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে। বিশেষ সাফল্য অৰ্জন কৰা সত্ত্বেও বলীউডৰ প্ৰথম শাৰীৰ নায়কৰ বিপৰীতে কিয় দেখা পোৱা নগ’ল বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘এটাই কাৰণ। অভিনেতা বা প্ৰযোজক সকলে মোৰ পৰা যিটো বিচাৰিছিল মই সেইখিনি দিব নোৱাৰিলো। তেওঁলোকে মোক কম্প্ৰ’মাইজ কৰিবলৈ কৈছিল। কিন্তু মই তেওঁলোকৰ প্ৰস্তাৱ মানি লোৱা নাছিলো। মই হাৰিয়ানাৰ ছোৱালী। মোৰ আত্মসন্মান আছে। নিজক লৈ মই গৌৰৱ অনুভব কৰো। মই তেওঁলোকক স্পষ্ট কৰি দিছিলো যে, মই কম্প্ৰ’মাইজ কৰিব নোৱাৰিম। মোক ডাঙৰৰ বেনাৰৰ বিজ্ঞাপনৰ প্ৰযোজন নাই। সেইবাবে আজিলৈকে বলীউডৰ প্ৰথম শাৰীৰ নায়কৰ বিপৰীত শাৰীত দৰ্শকে মোক দেখা নাই।’ শেহতীয়াকৈ হলীউড অভিনেত্ৰীগৰাকীৰ এনে বিস্ফোৰক মন্তব্যই সকলোকে হতচকিত কৰি তুলিছে। একাংশই কটু সমালোচনাৰে থকা-সৰকাও কৰিছে মল্লিকাক। অৱশ্যে, ইয়াক লৈ এতিয়া কোনো মন্তব্য প্ৰকাশ কৰা নাই মল্লিকাই।
উল্লেখ্য যে, ২০০৩-ত ‘খোয়াইশ’, ২০০৪-ত ‘মাৰ্ডাৰ’ৰ দৰে ছবিৰ যোগেদি ছুপাৰহিট অভিনেত্ৰীৰ খ্যাতি অৰ্জন কৰিছিল মল্লিকা শ্বেৰাৱটে। ইয়াৰ পাছতো মল্লিকাই ‘প্যায়াৰ কে ছাইড এফেক্ট’ ; ‘ৱেলকাম’; ‘আগলী ঔৰ পাগলী’ৰ দৰে ছবিত দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ‘নকাব’ৰ জৰিয়তে ৱেব ছবিতো পদাৰ্পণ কৰিছে অভিনেত্ৰীগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ