--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পপ আইকন তথা জনপ্ৰিয় কণ্ঠশিল্পী ঊষা উত্থুপৰ স্বামী জানি চাকো উত্থুপৰ সোমবাৰে দেহাৱসান ঘটে। তেওঁৰ পৰিয়ালে কয় যে তেওঁ কলকাতাতে শেষ নিঃশ্বাস ত্যাগ কৰে। ঘৰত টিভি চাই থাকোঁতে হৃদযন্ত্ৰৰ সমস্যাত ভুগে ঊষা উত্থুপৰ স্বামী। তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি সদৰী কৰে চিকিৎসকে। জানি চাকো উত্থুপ উষা উত্থুপৰ দ্বিতীয় স্বামী আৰু তেওঁ চাহ খেতি উদ্যোগৰ সৈতে জড়িত আছিল। উষা আৰু জানিৰ প্ৰথম লগ হৈছিল ৭০ৰ দশকৰ আৰম্ভণিতে কলকাতাৰ আইকনিক ৰেষ্টুৰেণ্ট ট্ৰিংকেজত।

ঊষাৰ বাহিৰেও জানিয়ে দুটা সন্তান এৰি থৈ গৈছে। তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। 

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে উষা উত্থুপক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মান দিয়া হৈছিল। 

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাষ্ট্ৰপতি ভৱনত উষাক পদ্মভূষণ প্ৰদান কৰা হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ