--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় পপ আইকন তথা জনপ্ৰিয় কণ্ঠশিল্পী ঊষা উত্থুপৰ স্বামী জানি চাকো উত্থুপৰ সোমবাৰে দেহাৱসান ঘটে। তেওঁৰ পৰিয়ালে কয় যে তেওঁ কলকাতাতে শেষ নিঃশ্বাস ত্যাগ কৰে। ঘৰত টিভি চাই থাকোঁতে হৃদযন্ত্ৰৰ সমস্যাত ভুগে ঊষা উত্থুপৰ স্বামী। তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত তেওঁক মৃত ঘোষণা কৰা হয়।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবে তেওঁৰ মৃত্যু হোৱা বুলি সদৰী কৰে চিকিৎসকে। জানি চাকো উত্থুপ উষা উত্থুপৰ দ্বিতীয় স্বামী আৰু তেওঁ চাহ খেতি উদ্যোগৰ সৈতে জড়িত আছিল। উষা আৰু জানিৰ প্ৰথম লগ হৈছিল ৭০ৰ দশকৰ আৰম্ভণিতে কলকাতাৰ আইকনিক ৰেষ্টুৰেণ্ট ট্ৰিংকেজত।

ঊষাৰ বাহিৰেও জানিয়ে দুটা সন্তান এৰি থৈ গৈছে। তেওঁৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে। 

উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে উষা উত্থুপক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণেৰে সন্মানিত কৰা হৈছিল। সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই সন্মান দিয়া হৈছিল। 

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাষ্ট্ৰপতি ভৱনত উষাক পদ্মভূষণ প্ৰদান কৰা হয়।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু