--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা দেশত কাৰ্যকৰী হ’ল তিনিখনকৈ নতুন ফৌজদাৰী আইন।   তিনিখন  নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ  পৰা দেশত প্ৰযোজ্য হৈছে। ইতিমধ্যে ৰুজু হৈছে প্ৰথমটো গোচৰ।কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে ঘোষণা কৰিছিল যে  ২০২৪ চনৰ ১ জুলাইৰ পৰা নতুন ফৌজদাৰী  আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা, আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—কাৰ্য্যকৰী কৰা হৈছে।এই আইনসমূহ  ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত  শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে।

ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ত বহু  নতুন অপৰাধ সন্নিবিষ্ট কৰা হৈছে। উদাহৰণস্বৰূপে, ৬৯ নং ধাৰাত ‘প্ৰৱঞ্চনামূলক’ যৌন সম্পৰ্কৰ ক্ষেত্ৰত শাস্তিৰ ব্যৱস্থা ৰখা হৈছে। এই ধাৰাত কোৱা হৈছে, “যিকোনো ব্যক্তিয়ে কোনো মহিলাৰ সৈতে ‘প্ৰৱঞ্চনামূলক উপায়েৰে’ বা বিয়া কৰোৱাৰ  প্ৰতিশ্ৰুতি দি (সেয়া পূৰণ কৰাৰ কোনো উদ্দেশ্য নোহোৱাকৈ) শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে, দহ বছৰলৈকে কাৰাবাস আৰু জৰিমনা হ’ব...’ ‘প্ৰৱঞ্চনামূলক উপায়’ৰ ভিতৰত নিয়োগ বা পদোন্নতিৰ মিছা প্ৰতিশ্ৰুতি, যিকোনো ধৰণে হেঁচা প্ৰয়োগ কৰা বা প্ৰকৃত পৰিচয় লুকুৱাই বিবাহ কৰোৱাটোও  অন্তৰ্ভুক্ত কৰা হৈছে। এই ধাৰাই এতিয়া বিবাহিতা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰাসকলক নাকী লগাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। তদুপৰি চাকৰি দিয়াৰ প্ৰলোভন, পদোন্নতিৰ প্ৰলোভন আৰু বিয়া কৰোৱাৰ প্ৰলোভনেৰে মহিলা-যুৱতীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাসকলৰো ১০ বছৰৰ কাৰাবাস নিশ্চিত হৈ পৰিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু