--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিৰে পৰা দেশত কাৰ্যকৰী হ’ল তিনিখনকৈ নতুন ফৌজদাৰী আইন।   তিনিখন  নতুন ফৌজদাৰী আইন ক্ৰমে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা,ভাৰতীয় ন্যায় সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম আজিৰ  পৰা দেশত প্ৰযোজ্য হৈছে। ইতিমধ্যে ৰুজু হৈছে প্ৰথমটো গোচৰ।কেন্দ্ৰীয় আইন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) অৰ্জুন ৰাম মেঘৱালে ঘোষণা কৰিছিল যে  ২০২৪ চনৰ ১ জুলাইৰ পৰা নতুন ফৌজদাৰী  আইন—ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় সুৰক্ষা সংহিতা, আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম—কাৰ্য্যকৰী কৰা হৈছে।এই আইনসমূহ  ব্যাপকভাৱে সংশোধন কৰা হৈছে। আইনসমূহত  শাস্তি আৰু জৰিমানৰো কেতবোৰ নতুন বিধান ৰখা হৈছে।

ভাৰতীয় ন্যায় সংহিতা (বিএনএছ)ত বহু  নতুন অপৰাধ সন্নিবিষ্ট কৰা হৈছে। উদাহৰণস্বৰূপে, ৬৯ নং ধাৰাত ‘প্ৰৱঞ্চনামূলক’ যৌন সম্পৰ্কৰ ক্ষেত্ৰত শাস্তিৰ ব্যৱস্থা ৰখা হৈছে। এই ধাৰাত কোৱা হৈছে, “যিকোনো ব্যক্তিয়ে কোনো মহিলাৰ সৈতে ‘প্ৰৱঞ্চনামূলক উপায়েৰে’ বা বিয়া কৰোৱাৰ  প্ৰতিশ্ৰুতি দি (সেয়া পূৰণ কৰাৰ কোনো উদ্দেশ্য নোহোৱাকৈ) শাৰীৰিক সম্পৰ্ক স্থাপন কৰিলে, দহ বছৰলৈকে কাৰাবাস আৰু জৰিমনা হ’ব...’ ‘প্ৰৱঞ্চনামূলক উপায়’ৰ ভিতৰত নিয়োগ বা পদোন্নতিৰ মিছা প্ৰতিশ্ৰুতি, যিকোনো ধৰণে হেঁচা প্ৰয়োগ কৰা বা প্ৰকৃত পৰিচয় লুকুৱাই বিবাহ কৰোৱাটোও  অন্তৰ্ভুক্ত কৰা হৈছে। এই ধাৰাই এতিয়া বিবাহিতা মহিলাৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰাসকলক নাকী লগাবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে। তদুপৰি চাকৰি দিয়াৰ প্ৰলোভন, পদোন্নতিৰ প্ৰলোভন আৰু বিয়া কৰোৱাৰ প্ৰলোভনেৰে মহিলা-যুৱতীৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাসকলৰো ১০ বছৰৰ কাৰাবাস নিশ্চিত হৈ পৰিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ