--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত মেৰিয়াই থোৱা বগা চাৰ্টিনৰ পোছাক। ওপৰৰ পৰা তললৈ সংলগ্ন হৈ আছে এখন বগা ওৰণি। সোণমৰ পোছাকত মুকুতাৰ খাজ কটা। আকৰ্ষণীয় পোছাকৰ মাজেৰে স্পষ্ট বেবী বাম্প। এনেদৰেই আজি নিজৰ জন্মদিনৰ বিশেষ দিনটোত ফটোশ্বুট কৰে সোণম কাপুৰে।


যেন স্বৰ্গৰ পৰা নামি অহা কোনো অপ্সৰা, কিম্বা পৰী। এনেদৰেই ফটোশ্বুটত ধৰা দিছে গৰ্ভৱতী সোণমে। ৩৭’ত ভৰি দিছে, তথাপি যেন চকু চাট মাৰি ধৰে অনিল কন্যাৰ সৌন্দৰ্যত।


সোণম কাপুৰৰ এই ছবিখন শ্বেয়াৰ কৰিছে বলীউডৰ দুগৰাকী বিখ্যাত ফেশ্বন ডিজাইনাৰ আবু জানী আৰু সন্দীপ খোছলাই। দীঘলীয়া শুভেচ্ছা বাৰ্তাৰে লিখিছে, ‘আমি এই মহিলাগৰাকীক ভালপাওঁ। ফেশ্বনৰ প্ৰতি থকা তাইৰ আকৰ্ষণে তাইক আন সকলোৰে পৰা পৃথক কৰি তুলিছে। তাইৰ সাজ-পোছাক সদায় অনন্য। আৰু এই মাতৃত্বৰ যাত্ৰাৰ প্ৰাকক্ষণতো এগৰাকী গৰ্বিত নাৰীৰ দৰেই থিয় হৈ আছে সোণম কাপুৰ।’


পিছে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও আবু জানী আৰু সন্দীপ খোছলাৰ পোছাকত বেবী বাম্পৰ সৈতে ফটোশ্বুট কৰিছিল সোণম কাপুৰে। তাতো তেওঁ বগা পোছাকত ৰাজকুমাৰী যেন দেখা হৈছিল।


২০১৮ চনৰ পৰাই এক দীৰ্ঘদিনীয়া বন্ধুত্ব। ব্যৱসায়ী আনন্দ আহুজাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সোণম। বিবাহৰ ৪ বছৰ পিছত মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰীগৰাকী। যোৱা মাৰ্চ মাহত বলীউডৰ ফেশ্বনিষ্টগৰাকীয়ে স্বামী আনন্দৰ সৈতে বেবী বাম্পৰ এখন ছবি পোষ্ট কৰি অনুৰাগীসকলৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল। সোণম-আনন্দৰ পৰিয়াললৈ শীঘ্ৰেই নতুন অতিথি আহি আছে বুলিও তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান