--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শৰীৰত মেৰিয়াই থোৱা বগা চাৰ্টিনৰ পোছাক। ওপৰৰ পৰা তললৈ সংলগ্ন হৈ আছে এখন বগা ওৰণি। সোণমৰ পোছাকত মুকুতাৰ খাজ কটা। আকৰ্ষণীয় পোছাকৰ মাজেৰে স্পষ্ট বেবী বাম্প। এনেদৰেই আজি নিজৰ জন্মদিনৰ বিশেষ দিনটোত ফটোশ্বুট কৰে সোণম কাপুৰে।


যেন স্বৰ্গৰ পৰা নামি অহা কোনো অপ্সৰা, কিম্বা পৰী। এনেদৰেই ফটোশ্বুটত ধৰা দিছে গৰ্ভৱতী সোণমে। ৩৭’ত ভৰি দিছে, তথাপি যেন চকু চাট মাৰি ধৰে অনিল কন্যাৰ সৌন্দৰ্যত।


সোণম কাপুৰৰ এই ছবিখন শ্বেয়াৰ কৰিছে বলীউডৰ দুগৰাকী বিখ্যাত ফেশ্বন ডিজাইনাৰ আবু জানী আৰু সন্দীপ খোছলাই। দীঘলীয়া শুভেচ্ছা বাৰ্তাৰে লিখিছে, ‘আমি এই মহিলাগৰাকীক ভালপাওঁ। ফেশ্বনৰ প্ৰতি থকা তাইৰ আকৰ্ষণে তাইক আন সকলোৰে পৰা পৃথক কৰি তুলিছে। তাইৰ সাজ-পোছাক সদায় অনন্য। আৰু এই মাতৃত্বৰ যাত্ৰাৰ প্ৰাকক্ষণতো এগৰাকী গৰ্বিত নাৰীৰ দৰেই থিয় হৈ আছে সোণম কাপুৰ।’


পিছে এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও আবু জানী আৰু সন্দীপ খোছলাৰ পোছাকত বেবী বাম্পৰ সৈতে ফটোশ্বুট কৰিছিল সোণম কাপুৰে। তাতো তেওঁ বগা পোছাকত ৰাজকুমাৰী যেন দেখা হৈছিল।


২০১৮ চনৰ পৰাই এক দীৰ্ঘদিনীয়া বন্ধুত্ব। ব্যৱসায়ী আনন্দ আহুজাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সোণম। বিবাহৰ ৪ বছৰ পিছত মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰীগৰাকী। যোৱা মাৰ্চ মাহত বলীউডৰ ফেশ্বনিষ্টগৰাকীয়ে স্বামী আনন্দৰ সৈতে বেবী বাম্পৰ এখন ছবি পোষ্ট কৰি অনুৰাগীসকলৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছিল। সোণম-আনন্দৰ পৰিয়াললৈ শীঘ্ৰেই নতুন অতিথি আহি আছে বুলিও তেওঁ কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক