--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তালিবানৰ দখলত থকা আফগানিস্তানত গুঞ্জিৰত হৈছে 'হৰে ৰাম হৰে কৃষ্ণ'। শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই সত্য। সন্ত্ৰাস, ভীতিগ্ৰস্ততাৰে জৰ্জৰিত আফগানিস্তানত এক অতুলনীয় দৃশ্য দেখিবলৈ পোৱা গ'ল। আফগানিস্তানৰ ৰাজধানী কাবুলত হিন্দুসকলে পবিত্ৰ নৱৰাত্ৰি উপলক্ষে নাম-কীৰ্তন কৰাৰ লগতে একেলগে আওৰায় 'হৰে ৰাম হৰে কৃষ্ণ'। হিন্দুসকলে কাবুলৰ আসমাই মন্দিৰত নাম-কীৰ্তন কৰাৰ লগতে ভক্তি সহকাৰে দেৱ-দেৱীসকললৈ সেৱা আগবঢ়ায়।

কাবুলৰ আসমাই মন্দিৰৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ৰাম শৰণ সিঙে কয় যে ''নৱৰাত্ৰি উপলক্ষে এই মন্দিৰত পূজা-অৰ্চনা হোৱাৰ লগতে দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য বিতৰণ কৰা হয়''। এই অনুষ্ঠানত হিন্দুসকলৰ লগতে শিখ ধৰ্মৰ লোকসকলেও ভাগ লৈছিল। প্ৰায় ১৫০ জন লোক সমবেত হৈ আসমাই মন্দিৰত উদযাপন কৰে নৱৰাত্ৰি। তালিবানী শাসনৰ মাজত ভয়ে ভয়ে দিন কটোৱা হিন্দু আৰু শিখসকলে ভাৰত চৰকাৰক অতি সোনকালে আফগানিস্তানৰ পৰা তেওঁলোকক স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে।

এই লোকসকলে কয় যে, আফগান অৰ্থনৈতিক পৰিস্থিতি এই মুহূৰ্তত ভাল নহয় আৰু তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আসমাই মন্দিৰ কাবুলত অৱস্থিত 'কৰতে পাৰৱান' গুৰুদ্বাৰৰ পৰা ৪-৫ কিলোমিটাৰ দূৰত অৱস্থিত। 'কৰতে পাৰৱান' গুৰুদ্বাৰক যোৱা সপ্তাহত সন্দেহযুক্ত তালিবান যোদ্ধাই ভাঙি চূৰমাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ