--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ তালিবানৰ দখলত থকা আফগানিস্তানত গুঞ্জিৰত হৈছে 'হৰে ৰাম হৰে কৃষ্ণ'। শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই সত্য। সন্ত্ৰাস, ভীতিগ্ৰস্ততাৰে জৰ্জৰিত আফগানিস্তানত এক অতুলনীয় দৃশ্য দেখিবলৈ পোৱা গ'ল। আফগানিস্তানৰ ৰাজধানী কাবুলত হিন্দুসকলে পবিত্ৰ নৱৰাত্ৰি উপলক্ষে নাম-কীৰ্তন কৰাৰ লগতে একেলগে আওৰায় 'হৰে ৰাম হৰে কৃষ্ণ'। হিন্দুসকলে কাবুলৰ আসমাই মন্দিৰত নাম-কীৰ্তন কৰাৰ লগতে ভক্তি সহকাৰে দেৱ-দেৱীসকললৈ সেৱা আগবঢ়ায়।

কাবুলৰ আসমাই মন্দিৰৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ৰাম শৰণ সিঙে কয় যে ''নৱৰাত্ৰি উপলক্ষে এই মন্দিৰত পূজা-অৰ্চনা হোৱাৰ লগতে দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য বিতৰণ কৰা হয়''। এই অনুষ্ঠানত হিন্দুসকলৰ লগতে শিখ ধৰ্মৰ লোকসকলেও ভাগ লৈছিল। প্ৰায় ১৫০ জন লোক সমবেত হৈ আসমাই মন্দিৰত উদযাপন কৰে নৱৰাত্ৰি। তালিবানী শাসনৰ মাজত ভয়ে ভয়ে দিন কটোৱা হিন্দু আৰু শিখসকলে ভাৰত চৰকাৰক অতি সোনকালে আফগানিস্তানৰ পৰা তেওঁলোকক স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে।

এই লোকসকলে কয় যে, আফগান অৰ্থনৈতিক পৰিস্থিতি এই মুহূৰ্তত ভাল নহয় আৰু তেওঁলোকে বহুতো অসুবিধাৰ সন্মুখীন হৈছে। আসমাই মন্দিৰ কাবুলত অৱস্থিত 'কৰতে পাৰৱান' গুৰুদ্বাৰৰ পৰা ৪-৫ কিলোমিটাৰ দূৰত অৱস্থিত। 'কৰতে পাৰৱান' গুৰুদ্বাৰক যোৱা সপ্তাহত সন্দেহযুক্ত তালিবান যোদ্ধাই ভাঙি চূৰমাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু