--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তান : চৰকাৰ গঠনৰ পাছতে তালিবানৰ ইটোৰ পাছত সিটো নিষেধাজ্ঞাৰ সন্মুখীন হৈছে আফগান মহিলা৷ এতিয়া আফগানিস্তানৰ মহিলাসকলক ক্ৰিকেট খেলকে আদি কৰি অন্যান্য ক্ৰীড়াত অংশ লোৱাৰ ক্ষেত্ৰত তালিবানে নিষেধাজ্ঞা আৰোপ কৰিছে৷ বুধবাৰে তালিবানৰ এই ঘোষণাৰ পাছতে নৱেম্বৰত হোবাৰ্টত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচখনক লৈ অনিশ্চয়তা পৰিলক্ষিত হৈছে ৷তালিবানৰ সাংস্কৃতিক আয়োগৰ উপ-মুৰব্বী আহমেদুল্লাই এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে ৷

তেওঁ কয় যে, মহিলাসকলক ক্ৰিকেট খেলিবলৈ অনুমতি দিয়া নহয় , কিয়নো মহিলাসকলে ক্ৰিকেট খেলাটো প্ৰয়োজনীয় নহয় ৷ লগতে তেওঁ কয় যে ক্ৰিকেট খেলত তেওঁলোকৰ মুখ আৰু শৰীৰ ঢাকি ৰাখিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে আৰু ইছলাম তথা ইছলামিক আমিৰাতে মহিলাসকলক ক্ৰিকেট খেলিবলৈ বা এনে ধৰণৰ খেল খেলিবলৈ অনুমতি নিদিয়ে য'ত তেওঁলোকৰ শৰীৰ উন্মোচিত হয় ৷


উল্লেখ্য যে, ২০২০ চনৰ নৱেম্বৰত আফগানিস্তান ক্ৰিকেট ব'ৰ্ড এ ২৫ গৰাকী মহিলা ক্ৰিকেটাৰক কেন্দ্ৰীয় চুক্তি প্ৰদান কৰিছিল ৷ ব'ৰ্ডে কাবুলত ৪০ গৰাকী মহিলা ক্ৰিকেটাৰৰ বাবে ২১ দিনীয়া প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰিছিল ৷ মহিলা ক্ৰিকেট নথকাৰ কথাটোৱে আইচিচি য়ে হোবাৰ্ট টেষ্ট বাতিল হোৱাৰ ইংগিত দিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৱাচিকয়ে তালিবানে আপোচ নকৰে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, প্ৰয়োজনীয়তাৰ ভিত্তিত বজাৰ কৰা আদি কামৰ বাবে ইছলামে মহিলাসকলক বাহিৰলৈ যাবলৈ অনুমতি দিছে কিন্তু খেলক প্ৰয়োজন বুলি গণ্য কৰা নহয় ৷ তেওঁ কয়, "ক্ৰিকেট আৰু অন্যান্য ক্ৰীড়াক্ষেত্ৰত মহিলাসকলে ইছলামিক পোছাক বিধি নাপাব ৷ এয়া স্পষ্ট যে, তেওঁলোকৰ শৰীৰ উন্মোচিত হ'ব আৰু তেওঁলোকে পোছাক বিধি অনুসৰণ নকৰিব ৷ ইছলামে ইয়াৰ অনুমতি নিদিয়ে" ৷তালিবানৰ পক্ষৰ পৰা এনে মন্তব্যৰ বিষয়ে অৱগত হোৱাৰ পাচতে অষ্ট্ৰেলিয়াৰ বাণিজ্য মন্ত্ৰী ডেন তেহানয়ে মহিলা খেলুৱৈসকলক খেলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা তালিবানৰ সিদ্ধান্তক অবিশ্বাস্যভাৱে হতাশাজনক বুলি আখ্যা দিছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু