--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তান : চৰকাৰ গঠনৰ পাছতে তালিবানৰ ইটোৰ পাছত সিটো নিষেধাজ্ঞাৰ সন্মুখীন হৈছে আফগান মহিলা৷ এতিয়া আফগানিস্তানৰ মহিলাসকলক ক্ৰিকেট খেলকে আদি কৰি অন্যান্য ক্ৰীড়াত অংশ লোৱাৰ ক্ষেত্ৰত তালিবানে নিষেধাজ্ঞা আৰোপ কৰিছে৷ বুধবাৰে তালিবানৰ এই ঘোষণাৰ পাছতে নৱেম্বৰত হোবাৰ্টত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ'বলগীয়া টেষ্ট মেচখনক লৈ অনিশ্চয়তা পৰিলক্ষিত হৈছে ৷তালিবানৰ সাংস্কৃতিক আয়োগৰ উপ-মুৰব্বী আহমেদুল্লাই এক সাক্ষাৎকাৰত এই কথা উল্লেখ কৰে ৷

তেওঁ কয় যে, মহিলাসকলক ক্ৰিকেট খেলিবলৈ অনুমতি দিয়া নহয় , কিয়নো মহিলাসকলে ক্ৰিকেট খেলাটো প্ৰয়োজনীয় নহয় ৷ লগতে তেওঁ কয় যে ক্ৰিকেট খেলত তেওঁলোকৰ মুখ আৰু শৰীৰ ঢাকি ৰাখিব নোৱাৰা পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে আৰু ইছলাম তথা ইছলামিক আমিৰাতে মহিলাসকলক ক্ৰিকেট খেলিবলৈ বা এনে ধৰণৰ খেল খেলিবলৈ অনুমতি নিদিয়ে য'ত তেওঁলোকৰ শৰীৰ উন্মোচিত হয় ৷


উল্লেখ্য যে, ২০২০ চনৰ নৱেম্বৰত আফগানিস্তান ক্ৰিকেট ব'ৰ্ড এ ২৫ গৰাকী মহিলা ক্ৰিকেটাৰক কেন্দ্ৰীয় চুক্তি প্ৰদান কৰিছিল ৷ ব'ৰ্ডে কাবুলত ৪০ গৰাকী মহিলা ক্ৰিকেটাৰৰ বাবে ২১ দিনীয়া প্ৰশিক্ষণ শিবিৰো অনুষ্ঠিত কৰিছিল ৷ মহিলা ক্ৰিকেট নথকাৰ কথাটোৱে আইচিচি য়ে হোবাৰ্ট টেষ্ট বাতিল হোৱাৰ ইংগিত দিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৱাচিকয়ে তালিবানে আপোচ নকৰে বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, প্ৰয়োজনীয়তাৰ ভিত্তিত বজাৰ কৰা আদি কামৰ বাবে ইছলামে মহিলাসকলক বাহিৰলৈ যাবলৈ অনুমতি দিছে কিন্তু খেলক প্ৰয়োজন বুলি গণ্য কৰা নহয় ৷ তেওঁ কয়, "ক্ৰিকেট আৰু অন্যান্য ক্ৰীড়াক্ষেত্ৰত মহিলাসকলে ইছলামিক পোছাক বিধি নাপাব ৷ এয়া স্পষ্ট যে, তেওঁলোকৰ শৰীৰ উন্মোচিত হ'ব আৰু তেওঁলোকে পোছাক বিধি অনুসৰণ নকৰিব ৷ ইছলামে ইয়াৰ অনুমতি নিদিয়ে" ৷তালিবানৰ পক্ষৰ পৰা এনে মন্তব্যৰ বিষয়ে অৱগত হোৱাৰ পাচতে অষ্ট্ৰেলিয়াৰ বাণিজ্য মন্ত্ৰী ডেন তেহানয়ে মহিলা খেলুৱৈসকলক খেলাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা তালিবানৰ সিদ্ধান্তক অবিশ্বাস্যভাৱে হতাশাজনক বুলি আখ্যা দিছে ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ