--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ মাজত বাঢ়িছে ব্যাপক তৎপৰতা৷ বিজেপিক পৰাভূত কৰাৰ চেষ্টাত সমষ্টি ভগাই লোৱাৰ কৰিছে বিৰোধী পক্ষই৷ কংগ্ৰেছ দলৰ পৰা আৰম্ভ কৰি আঞ্চলিক ৰাজনৈতিক দলেও কোন সমষ্টিত কাক প্ৰাৰ্থীত্ব প্ৰদান কৰিব তাক লৈ ব্যস্ত হৈ পৰিছে৷ জানিব পৰা মতে ছয় সমষ্টিৰ ৪টাতে কংগ্ৰেছে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰিছে৷

আৰু পঢ়িব পাৰিব : ১৪ মাহে বেতন বঞ্চিত পৌৰসভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ!


নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ এখন যুটীয়া সংবাদমেলত মাজুলী সমষ্টি কংগ্ৰেছে অজাপক এৰি দিয়াৰ কথা ঘোষণা কৰে৷ দেওবাৰে নিশা কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত হোৱা আলোচনাত এই কথা প্ৰকাশ কৰে৷ ইপিনে ভৱানীপুৰ সমষ্টিও কংগ্ৰেছে ৰাইজৰ দলক এৰি দিয়াৰ কথা জনায় সংবাদমেলত৷

আৰু পঢ়িব পাৰিব : থানাত কিদৰে আছে বিধায়ক শ্বেৰমান; ৰাজ আতিথ্য নে সাধাৰণ কয়দী?

অৱশ্যে, এই ক্ষেত্ৰত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰপৰা সদুত্তৰৰ বাবে অপেক্ষা কৰিছে ভূপেন বৰাই৷ ভৱানীপুৰ সমষ্টিক লৈ এতিয়াও মহাঁজোটত অংক চলি আছে৷ ভৱানীপুৰত প্ৰতিদ্বন্দ্বিতাৰ বাবে ৰাইজৰ দল আগ্ৰহী নহয়৷ যদিহে ভৱানীপুৰত অখিল গগৈৰ পৰা সদুত্তৰ নাপাই তেন্তে সমষ্টিটো অজাপক এৰি দিয়াৰ সম্ভাৱনা আছে কংগ্ৰেছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ