--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''দেউতা তুমি শুদ্ধ আছিলা। তেওঁ ভাল মানুহ নহয়''-এনেদৰে ছুইচাইড নোট লিখি বিয়াৰ ৭ মাহৰ পাছত এগৰাকী বোৱাৰীয়ে কৰিলে আত্মহত্যা। মাত্ৰ ২১ বছৰ বয়সতে জীৱনৰ প্ৰতি মোহ হেৰুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে বোৱাৰীগৰাকীয়ে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কেৰালাৰ ইডায়াপুৰমত। মৃত বোৱাৰীগৰাকী আইনৰ ছাত্ৰী আছিল। তেওঁৰ নাম মৌফিয়া পাৰবিন দিলশ্বাদ। ছুইচাইড নোটত মৌফিয়াই তেওঁৰ মৃত্যুৰ বাবে স্বামী মহম্মদ ছোহেইল,শহুৰ ইউচুফ আৰু শাহু ৰুখিয়াক জগৰীয়া কৰিছে।

মৌফিয়াই ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল মহম্মদ ছোহেইলৰ সৈতে। প্ৰথমে মেছেজ, তাৰ পিছত ফোন আৰু অৱশেষত ঘনিষ্ঠতা বাঢ়ি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লয়। ঘৰৰ অমতত হাজাৰ বাধা নেওচি যুৱকগৰাকীৰ সৈতে বিয়াত বহিছিল মৌফিয়া। মহম্মদ ছোহেইলে মিছা কথা কৈ বিয়া পাতিছিল মৌফিয়াক। প্ৰথমে ডুবাইত চাকৰি কৰো বুলি কোৱাৰ লগতে ইউটিউবৰ এগৰাকী ব্লগাৰ বুলি চিনাকি দিছিল মহম্মদে। কিন্তু বিয়াৰ পাছত মহম্মদ ছোহেইলে চিনেমাৰ প্ৰযোজক হোৱাৰ ইচ্ছাৰ কথা কয়। ইয়াৰ বাবে তেওঁ এখন চিনেমা নিৰ্মাণ কৰিবলৈ মৌফিয়াৰ পৰিয়ালৰ পৰা ৪০লাখ টকা যৌতুক দাবী কৰে।

মৌফিয়া কেতিয়াও যৌতুকৰ পক্ষত নাছিল। সেয়েহে তেওঁ স্বামীৰ এই দাবী কেতিয়াও মানি লোৱা নাছিল। অৱশেষত ঘৰুৱা হিংসাৰ বলি হয় ২১ বছৰীয়া বোৱাৰীগৰাকী। যৌতুক দাবীৰে স্বামীৰ লগতে শাহু-শহুৰেও অকথ্য নিৰ্যাতন চলাইছিল মৌফিয়াৰ ওপৰত। মৌফিয়াই লাহে লাহে বুজি উঠিছিল যে তেওঁ জীৱনসংগী নিৰ্বাচন কৰাত শুদ্ধ নাছিল। অৱশেষত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰি ৭ মহীয়া সংসাৰৰ তিক্ত অভিজ্ঞতাৰে এখন চিলিং ফেনত চিপ লৈ নিজ জীৱন ত্যাগ কৰে মৌফিয়া পাৰবিন দিলশ্বাদে। কন্যাক হেৰুৱাই শোকত ভাগি পৰা মৌফিয়াৰ পৰিয়ালে স্বামীৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

আৰু পঢ়কঃ নুমাই গ’ল কাব্য সাহিত্যৰ এগচি বন্তি; বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ