--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ''দেউতা তুমি শুদ্ধ আছিলা। তেওঁ ভাল মানুহ নহয়''-এনেদৰে ছুইচাইড নোট লিখি বিয়াৰ ৭ মাহৰ পাছত এগৰাকী বোৱাৰীয়ে কৰিলে আত্মহত্যা। মাত্ৰ ২১ বছৰ বয়সতে জীৱনৰ প্ৰতি মোহ হেৰুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে বোৱাৰীগৰাকীয়ে। এই শোকাৱহ ঘটনা সংঘটিত হৈছে কেৰালাৰ ইডায়াপুৰমত। মৃত বোৱাৰীগৰাকী আইনৰ ছাত্ৰী আছিল। তেওঁৰ নাম মৌফিয়া পাৰবিন দিলশ্বাদ। ছুইচাইড নোটত মৌফিয়াই তেওঁৰ মৃত্যুৰ বাবে স্বামী মহম্মদ ছোহেইল,শহুৰ ইউচুফ আৰু শাহু ৰুখিয়াক জগৰীয়া কৰিছে।

মৌফিয়াই ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল মহম্মদ ছোহেইলৰ সৈতে। প্ৰথমে মেছেজ, তাৰ পিছত ফোন আৰু অৱশেষত ঘনিষ্ঠতা বাঢ়ি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লয়। ঘৰৰ অমতত হাজাৰ বাধা নেওচি যুৱকগৰাকীৰ সৈতে বিয়াত বহিছিল মৌফিয়া। মহম্মদ ছোহেইলে মিছা কথা কৈ বিয়া পাতিছিল মৌফিয়াক। প্ৰথমে ডুবাইত চাকৰি কৰো বুলি কোৱাৰ লগতে ইউটিউবৰ এগৰাকী ব্লগাৰ বুলি চিনাকি দিছিল মহম্মদে। কিন্তু বিয়াৰ পাছত মহম্মদ ছোহেইলে চিনেমাৰ প্ৰযোজক হোৱাৰ ইচ্ছাৰ কথা কয়। ইয়াৰ বাবে তেওঁ এখন চিনেমা নিৰ্মাণ কৰিবলৈ মৌফিয়াৰ পৰিয়ালৰ পৰা ৪০লাখ টকা যৌতুক দাবী কৰে।

মৌফিয়া কেতিয়াও যৌতুকৰ পক্ষত নাছিল। সেয়েহে তেওঁ স্বামীৰ এই দাবী কেতিয়াও মানি লোৱা নাছিল। অৱশেষত ঘৰুৱা হিংসাৰ বলি হয় ২১ বছৰীয়া বোৱাৰীগৰাকী। যৌতুক দাবীৰে স্বামীৰ লগতে শাহু-শহুৰেও অকথ্য নিৰ্যাতন চলাইছিল মৌফিয়াৰ ওপৰত। মৌফিয়াই লাহে লাহে বুজি উঠিছিল যে তেওঁ জীৱনসংগী নিৰ্বাচন কৰাত শুদ্ধ নাছিল। অৱশেষত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰি ৭ মহীয়া সংসাৰৰ তিক্ত অভিজ্ঞতাৰে এখন চিলিং ফেনত চিপ লৈ নিজ জীৱন ত্যাগ কৰে মৌফিয়া পাৰবিন দিলশ্বাদে। কন্যাক হেৰুৱাই শোকত ভাগি পৰা মৌফিয়াৰ পৰিয়ালে স্বামীৰ লগতে তেওঁৰ পৰিয়ালৰ ওপৰত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে।

আৰু পঢ়কঃ নুমাই গ’ল কাব্য সাহিত্যৰ এগচি বন্তি; বিশিষ্ট কবি সনন্ত তাঁতীৰ দেহাৱসান

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?