--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ নুছৰত প্ৰসংগই খলকনি লগাইছে সৰ্বত্ৰে। সন্তান সম্ভৱা নুছৰতৰ পৰা মাতৃ নুছৰতলৈ এক বিৰামহীন বিতৰ্কই স্পৰ্শ কৰি গৈছে সাংসদ-অভিনেত্ৰীগৰাকীক। মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ পাছত একাংশই প্ৰশংসাৰে উপচাই পেলোৱাৰ সমান্তৰালকৈ উপহাসৰো পাত্ৰ হৈছিল নুছৰত। শেহতীয়াকৈ পুনৰ চৰ্চিত হৈছে নুছৰত আখ্যান। এইবাৰ বুকু পুৰিছে তছলিমা নাছৰিনৰ। কিছুদিন আগলৈকে নুছৰতক কেন্দ্ৰ কৰি লেখনিৰে উত্‍সাহ দিয়া লেখিকা গৰাকী হঠাত্‍ হৈ পৰিছে সৰব। ‘কাৰ বীৰ্যৰ দ্বাৰা নুছৰত গৰ্ভৱতী হৈছিল সেয়া প্ৰকাশ কৰাৰ কোনো প্ৰয়োজন নাছিল’ সন্তানৰ পিতৃ পৰি‌চয় প্ৰকাশ পোৱাৰ পাছতে সাংসদ-অভিনেত্ৰীৰ সমালোচনাত মুখৰ তছলিমা নাছৰিন।

আৰু পঢ়িব পাৰে: কোহলীৰ কালদোষ আইচিচি ট্ৰফী! কি প্ৰতিক্ৰিয়া বিচিচিআইৰ?

ইয়াৰ পূৰ্বে নুছৰত জাহানক বাহ্ বাহ্ দি সাহসী নাৰী বুলি আখ্যা দি প্ৰশংসাত পঞ্চমুখ হৈছিল লেখিকাগৰাকী। কিন্তু সম্প্ৰতি নুছৰতৰ সন্তানৰ জন্মৰ প্ৰমাণ-পত্ৰত পিতৃৰ নাম উল্লেখ কৰাত বেজাৰত একপ্ৰকাৰ ক্ষুন্ন হৈ পৰিছে লেখিকাগৰাকী। তেওঁৰ কয়, ‘নুছৰতক যেনে বিপ্লৱী বুলি ভাবিছিলো তেনে বিপ্লৱী তেওঁ নহয়। সাধাৰণ মহিলাৰ কৰ্মতকৈ কোনো গুণে ব্যতিক্ৰম নহয় নুছৰতৰ কাণ্ড।’

আৰু পঢ়িব পাৰে: কিং কোহলীৰ কলংকিত অধ্যায়, ক্ষোভিত বিচিচিআই

দৰাচলতে, লেখিকাগৰাকীয়ে আশা কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সন্তানক নিজৰ পৰিচয়ত ডাঙৰ-দীঘল কৰিব। শ শ মহিলাৰ বাবে এগৰাকী ‘ছিংগল মাডাৰ’ হিচাপে সমাজত আন এক উজ্জ্বল উদাহৰণ দাঙি ধৰাৰ পেষকতা কৰিছিল জনপ্ৰিয় লেখিকাগৰাকীয়ে। কিন্তু নুছৰতে সেই পথেৰে অগ্ৰসৰ হ’ব নোৱাৰিলে। তাৰ পৰিৱৰ্তে, তেওঁ সন্তানৰ পিতৃক জন্মৰ প্ৰমাণ-পত্ৰত পৰিচয় কৰাই দিলে। য'ত জলজল-পটপটকৈ দেবাশীষ দাসগুপ্ত ওৰফে যশৰ নাম জিলিকি আছে। এই পৰিপ্ৰেক্ষিততে তছলিমাই নুছৰত জাহানক তাচ্ছিল্য কৰি এটা ফেচবুক পোষ্ট কৰিছিল। শেহতীয়াকৈ এই পোষ্টটোৱে সামাজিক মাধ্যমত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু