--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ নুছৰত প্ৰসংগই খলকনি লগাইছে সৰ্বত্ৰে। সন্তান সম্ভৱা নুছৰতৰ পৰা মাতৃ নুছৰতলৈ এক বিৰামহীন বিতৰ্কই স্পৰ্শ কৰি গৈছে সাংসদ-অভিনেত্ৰীগৰাকীক। মাতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ পাছত একাংশই প্ৰশংসাৰে উপচাই পেলোৱাৰ সমান্তৰালকৈ উপহাসৰো পাত্ৰ হৈছিল নুছৰত। শেহতীয়াকৈ পুনৰ চৰ্চিত হৈছে নুছৰত আখ্যান। এইবাৰ বুকু পুৰিছে তছলিমা নাছৰিনৰ। কিছুদিন আগলৈকে নুছৰতক কেন্দ্ৰ কৰি লেখনিৰে উত্‍সাহ দিয়া লেখিকা গৰাকী হঠাত্‍ হৈ পৰিছে সৰব। ‘কাৰ বীৰ্যৰ দ্বাৰা নুছৰত গৰ্ভৱতী হৈছিল সেয়া প্ৰকাশ কৰাৰ কোনো প্ৰয়োজন নাছিল’ সন্তানৰ পিতৃ পৰি‌চয় প্ৰকাশ পোৱাৰ পাছতে সাংসদ-অভিনেত্ৰীৰ সমালোচনাত মুখৰ তছলিমা নাছৰিন।

আৰু পঢ়িব পাৰে: কোহলীৰ কালদোষ আইচিচি ট্ৰফী! কি প্ৰতিক্ৰিয়া বিচিচিআইৰ?

ইয়াৰ পূৰ্বে নুছৰত জাহানক বাহ্ বাহ্ দি সাহসী নাৰী বুলি আখ্যা দি প্ৰশংসাত পঞ্চমুখ হৈছিল লেখিকাগৰাকী। কিন্তু সম্প্ৰতি নুছৰতৰ সন্তানৰ জন্মৰ প্ৰমাণ-পত্ৰত পিতৃৰ নাম উল্লেখ কৰাত বেজাৰত একপ্ৰকাৰ ক্ষুন্ন হৈ পৰিছে লেখিকাগৰাকী। তেওঁৰ কয়, ‘নুছৰতক যেনে বিপ্লৱী বুলি ভাবিছিলো তেনে বিপ্লৱী তেওঁ নহয়। সাধাৰণ মহিলাৰ কৰ্মতকৈ কোনো গুণে ব্যতিক্ৰম নহয় নুছৰতৰ কাণ্ড।’

আৰু পঢ়িব পাৰে: কিং কোহলীৰ কলংকিত অধ্যায়, ক্ষোভিত বিচিচিআই

দৰাচলতে, লেখিকাগৰাকীয়ে আশা কৰিছিল যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সন্তানক নিজৰ পৰিচয়ত ডাঙৰ-দীঘল কৰিব। শ শ মহিলাৰ বাবে এগৰাকী ‘ছিংগল মাডাৰ’ হিচাপে সমাজত আন এক উজ্জ্বল উদাহৰণ দাঙি ধৰাৰ পেষকতা কৰিছিল জনপ্ৰিয় লেখিকাগৰাকীয়ে। কিন্তু নুছৰতে সেই পথেৰে অগ্ৰসৰ হ’ব নোৱাৰিলে। তাৰ পৰিৱৰ্তে, তেওঁ সন্তানৰ পিতৃক জন্মৰ প্ৰমাণ-পত্ৰত পৰিচয় কৰাই দিলে। য'ত জলজল-পটপটকৈ দেবাশীষ দাসগুপ্ত ওৰফে যশৰ নাম জিলিকি আছে। এই পৰিপ্ৰেক্ষিততে তছলিমাই নুছৰত জাহানক তাচ্ছিল্য কৰি এটা ফেচবুক পোষ্ট কৰিছিল। শেহতীয়াকৈ এই পোষ্টটোৱে সামাজিক মাধ্যমত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ