--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অসমৰ যুৱ-প্ৰজন্মৰ অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী হ'ল দীপলীনা ডেকা৷ নিজৰ সুৰীয়া কণ্ঠেৰে হাজাৰ-হাজাৰ শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি আহিছে দীপলীনাই৷ ‘মিছন চাইনা’ চিনেমাখনৰ জৰিয়তে লাইমলাইটলৈ অহা দীপলীনাই অসমীয়া সংগীত জগতক উপহাৰ দি গৈছে ইটোৰ পিছত সিটো জনপ্ৰিয় গীত৷ নিজৰ গীতসমূহত অভিনয় কৰিও তেওঁ দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছে৷ ছ'চিয়েল মিডিয়াতো অতি সক্ৰিয় থাকে কণ্ঠশিল্পীগৰাকী৷

মানপত্ৰ

শেহতীয়াকৈ দীপলীনা ডেকাই লাভ কৰিছে এক বিশেষ বঁটা৷ ‘দিছপুৰ প্ৰেছ ক্লাব’-এ 'উদীয়মান কণ্ঠশিল্পী ২০২১' বঁটাৰে সন্মানিত কৰিছে দীপলীনা ডেকাক৷ এই বঁটাক 'জীৱনৰ প্ৰথমটো বঁটা' বুলি অভিহিত কৰিছে দীপলীনাই৷

বঁটাৰ সৈতে দীপলীনা

বঁটাৰ সৈতে বিভিন্ন আকৰ্ষণীয় ফটো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি দীপলীনা ডেকাই লিখিছে, ''জীৱনৰ প্ৰথমটো বঁটা৷ 'উদীয়মান কণ্ঠশিল্পী ২০২১'
ধন্যবাদ দিছপুৰ প্ৰেছ ক্লাব, আপোনালোকৰ এই স্বীকৃতিয়ে মোক আৰু অধিক দায়িত্বশীল কৰি তুলিলে, নিজৰ কৰ্মৰ প্ৰতি সমান্তৰালভাবে সমাজৰ প্ৰতি৷৷''
দীপলীনা ডেকাৰ এই সফলতাত শুভকামনা আৰু অভিনন্দনেৰে উপচাই তুলিছে তেওঁৰ অনুৰাগীসকলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু