--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শিক্ষাৰ কেতিয়াও শেষ নাই। জীৱনৰ অন্তিম সময়লৈকে মানুহে কিবা নহয় কিবা শিকিব পাৰে,সেয়েহে কোৱা হয় শিক্ষাৰ কোনো বয়স নাথাকে। কেৰালাৰ এগৰাকী ১০৪ বছৰীয়া আইতাই তাকেই প্ৰমাণ কৰি দেখুৱালে।আইতাগৰাকীৰ নাম কুট্টিয়াম্মা। কেৰালাৰ ৰাজ্যিক সাক্ষৰতা অভিযানৰ পৰীক্ষাত ১০৪ বছৰীয়া কুট্টিয়াম্মাই ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰে।

সমগ্ৰ দেশৰে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিল কেৰালাৰ কুট্টিয়াম্মা।কেৰালাৰ শিক্ষা আৰু শ্ৰম বিভাগৰ মন্ত্ৰী বাসুদেবন শিবনকুট্টিয়ে আইতাগৰাকীৰ এই সাফল্যৰ কথা টুইটাৰত শ্বেয়াৰ কৰি সকলোকে জনায়। পৰীক্ষাত ইমান নম্বৰ পোৱাৰ বাবে বাসুদেবন শিবনকুট্টিয়ে শুভেচ্ছা জনাইছে আইতাগৰাকীক।

অনুপ্ৰেৰণাৰ উৎস , সাহসৰ সমল ১০৪ বছৰীয়া কুট্টিয়ামা

তেওঁক সকলোৱে এতিয়া শুভকামনাৰে উপচাই পেলাইছে। উল্লেখ্য যে কেৰালা চৰকাৰৰ সাক্ষৰতা অভিযান এক লেখত লবলগীয়া অভিযান হিচাপে জনাজাত। সেই প্ৰচেষ্টাতে বৰ্তমান সোণত সুৱগা চৰালে আইতা কুট্টিয়ামাই। সফলতা অৰ্জন কৰাৰ পাছত কুট্টিয়াম্মাৰ মুখৰ খোলা হাঁহিটিয়ে এতিয়া সকলোৰে মন মুহিছে। আইতাগৰাকীক বহুতেই প্ৰেৰণাৰ উৎস হিচাপে লৈছে।

আৰু পঢ়কঃ ধোঁৱা ধোঁৱা চহৰ…দিল্লীৰ উশাহত কোনে মিলালে জহৰ?

অধ্যৱসায়ৰ ফল সদায় মিঠা...তাকে প্ৰমাণ কৰি দেখুৱালে কেৰালাৰ কুট্টিয়ামাই

কুট্টিয়াম্মাই প্ৰমাণ কৰিছে যে যেতিয়া মানুহে কিবা কৰিবলৈ আগ্ৰহী হয় তেতিয়া বয়স কোনো বাধা নহয়। কুট্টিয়াম্মা কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল আৰু আগতে পঢ়িব বা লিখিব পৰা নাছিল। কেৱলমাত্ৰ নিজৰ মনৰ জোৰত কিছুদিন পঢ়া-শুনা কৰি এই পৰীক্ষাত সাফল্য অৰ্জন কৰি তেওঁ এতিয়া চতুৰ্থ শ্ৰেণীত পঢ়িব পৰাকৈ যোগ্যতা অৰ্জন কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে