--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ শিক্ষাৰ কেতিয়াও শেষ নাই। জীৱনৰ অন্তিম সময়লৈকে মানুহে কিবা নহয় কিবা শিকিব পাৰে,সেয়েহে কোৱা হয় শিক্ষাৰ কোনো বয়স নাথাকে। কেৰালাৰ এগৰাকী ১০৪ বছৰীয়া আইতাই তাকেই প্ৰমাণ কৰি দেখুৱালে।আইতাগৰাকীৰ নাম কুট্টিয়াম্মা। কেৰালাৰ ৰাজ্যিক সাক্ষৰতা অভিযানৰ পৰীক্ষাত ১০৪ বছৰীয়া কুট্টিয়াম্মাই ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰে।

সমগ্ৰ দেশৰে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিল কেৰালাৰ কুট্টিয়াম্মা।কেৰালাৰ শিক্ষা আৰু শ্ৰম বিভাগৰ মন্ত্ৰী বাসুদেবন শিবনকুট্টিয়ে আইতাগৰাকীৰ এই সাফল্যৰ কথা টুইটাৰত শ্বেয়াৰ কৰি সকলোকে জনায়। পৰীক্ষাত ইমান নম্বৰ পোৱাৰ বাবে বাসুদেবন শিবনকুট্টিয়ে শুভেচ্ছা জনাইছে আইতাগৰাকীক।

অনুপ্ৰেৰণাৰ উৎস , সাহসৰ সমল ১০৪ বছৰীয়া কুট্টিয়ামা

তেওঁক সকলোৱে এতিয়া শুভকামনাৰে উপচাই পেলাইছে। উল্লেখ্য যে কেৰালা চৰকাৰৰ সাক্ষৰতা অভিযান এক লেখত লবলগীয়া অভিযান হিচাপে জনাজাত। সেই প্ৰচেষ্টাতে বৰ্তমান সোণত সুৱগা চৰালে আইতা কুট্টিয়ামাই। সফলতা অৰ্জন কৰাৰ পাছত কুট্টিয়াম্মাৰ মুখৰ খোলা হাঁহিটিয়ে এতিয়া সকলোৰে মন মুহিছে। আইতাগৰাকীক বহুতেই প্ৰেৰণাৰ উৎস হিচাপে লৈছে।

আৰু পঢ়কঃ ধোঁৱা ধোঁৱা চহৰ…দিল্লীৰ উশাহত কোনে মিলালে জহৰ?

অধ্যৱসায়ৰ ফল সদায় মিঠা...তাকে প্ৰমাণ কৰি দেখুৱালে কেৰালাৰ কুট্টিয়ামাই

কুট্টিয়াম্মাই প্ৰমাণ কৰিছে যে যেতিয়া মানুহে কিবা কৰিবলৈ আগ্ৰহী হয় তেতিয়া বয়স কোনো বাধা নহয়। কুট্টিয়াম্মা কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল আৰু আগতে পঢ়িব বা লিখিব পৰা নাছিল। কেৱলমাত্ৰ নিজৰ মনৰ জোৰত কিছুদিন পঢ়া-শুনা কৰি এই পৰীক্ষাত সাফল্য অৰ্জন কৰি তেওঁ এতিয়া চতুৰ্থ শ্ৰেণীত পঢ়িব পৰাকৈ যোগ্যতা অৰ্জন কৰিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক