--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি ভেলেণ্টাইন ডে'৷ প্ৰতিবছৰে ১৪ ফেব্ৰুৱাৰীৰ দিনটোত উদযাপন কৰা হয় প্ৰেমৰ দিৱস৷ প্ৰেমৰ দিৱস উপলক্ষে ৰঙা গোলাপে বজাৰ দখল কৰিছে৷ ষ্টেচনাৰী দোকানত দেখিবলৈ পোৱা গৈছে উপহাৰৰ সমাহাৰ৷ কিন্তু এই দিনটোত হোৱা এটি বিশেষ ঠাইৰ নিৰাপত্তাই চকু কপালত তুলিছে সাধাৰণ জনতাৰ৷ আইন শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে গুৰগাঁৱৰ লিজাৰ ভেলী, চৰকাৰী সংগ্ৰহালয় আৰু আৰ্ট গেলেৰীত কটকটীয়া কৰা হৈছে আইন-শৃংখলা৷ ভেলেণ্টাইন দিৱসৰ দিনা আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে মহিলাসহ কমেও ৭৫০জন আৰক্ষী কৰ্মীক নিযুক্তি দিয়া হৈছে এই অঞ্চলত। লিজাৰ ভেলী, চৰকাৰী সংগ্ৰহালয় আৰু আৰ্ট গেলেৰী, চেক্টৰ-১০ৰ কাষৰ পথবোৰতো বিশেষ সুৰক্ষা ব্যৱস্থা কৰা হৈছিল ৷ যিটো ঘেৰী পথ হিচাপেও জনপ্ৰিয়। ইয়াৰ উপৰি মহিলা মহাবিদ্যালয়, পঞ্জাব বিশ্ববিদ্যালয়, কৰ্মৰত মহিলা হোষ্টেল আৰু খণ্ডৰ বজাৰ ৮, ৯, ১০, ১১, ১৫, ১৬, ১৭, ২২, ২৬, ৩২, ৪৬, ৪২ আৰু ৩৬ৰ চাৰিওফালে আৰক্ষী কৰ্মী মোতায়েন কৰা হয়।   ভেলেণ্টাইন দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয়শাসিত অঞ্চলত আৰক্ষীয়ে যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ বিশেষ ব্যৱস্থা কৰিছে। দুৰ্বৃত্তৰ ওপৰত নজৰ ৰাখিবলৈ ৭জন ডিএছপি, ২১জন এছএইচঅ'/পৰিদৰ্শক আৰু যান-বাহন কৰ্মচাৰীকে ধৰি ৭৫০জন আৰক্ষী কৰ্মী নিয়োজিত কৰা হৈছে। বাহিনীটো বিভিন্ন স্থানত মোতায়েন কৰা হয়। সূত্ৰসমূহে কৈছিল যে মহিলা আৰক্ষীসকলক কিছুসংখ্যকক সাধাৰণ পোছাকতো নিয়োজিত কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়