--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি ভেলেণ্টাইন ডে'৷ প্ৰতিবছৰে ১৪ ফেব্ৰুৱাৰীৰ দিনটোত উদযাপন কৰা হয় প্ৰেমৰ দিৱস৷ প্ৰেমৰ দিৱস উপলক্ষে ৰঙা গোলাপে বজাৰ দখল কৰিছে৷ ষ্টেচনাৰী দোকানত দেখিবলৈ পোৱা গৈছে উপহাৰৰ সমাহাৰ৷ কিন্তু এই দিনটোত হোৱা এটি বিশেষ ঠাইৰ নিৰাপত্তাই চকু কপালত তুলিছে সাধাৰণ জনতাৰ৷ আইন শৃংখলা বজাই ৰখাৰ উদ্দেশ্যে গুৰগাঁৱৰ লিজাৰ ভেলী, চৰকাৰী সংগ্ৰহালয় আৰু আৰ্ট গেলেৰীত কটকটীয়া কৰা হৈছে আইন-শৃংখলা৷ ভেলেণ্টাইন দিৱসৰ দিনা আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাৰ বাবে মহিলাসহ কমেও ৭৫০জন আৰক্ষী কৰ্মীক নিযুক্তি দিয়া হৈছে এই অঞ্চলত। লিজাৰ ভেলী, চৰকাৰী সংগ্ৰহালয় আৰু আৰ্ট গেলেৰী, চেক্টৰ-১০ৰ কাষৰ পথবোৰতো বিশেষ সুৰক্ষা ব্যৱস্থা কৰা হৈছিল ৷ যিটো ঘেৰী পথ হিচাপেও জনপ্ৰিয়। ইয়াৰ উপৰি মহিলা মহাবিদ্যালয়, পঞ্জাব বিশ্ববিদ্যালয়, কৰ্মৰত মহিলা হোষ্টেল আৰু খণ্ডৰ বজাৰ ৮, ৯, ১০, ১১, ১৫, ১৬, ১৭, ২২, ২৬, ৩২, ৪৬, ৪২ আৰু ৩৬ৰ চাৰিওফালে আৰক্ষী কৰ্মী মোতায়েন কৰা হয়।   ভেলেণ্টাইন দিৱসৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয়শাসিত অঞ্চলত আৰক্ষীয়ে যিকোনো অপ্ৰীতিকৰ ঘটনা পৰিহাৰ কৰিবলৈ বিশেষ ব্যৱস্থা কৰিছে। দুৰ্বৃত্তৰ ওপৰত নজৰ ৰাখিবলৈ ৭জন ডিএছপি, ২১জন এছএইচঅ'/পৰিদৰ্শক আৰু যান-বাহন কৰ্মচাৰীকে ধৰি ৭৫০জন আৰক্ষী কৰ্মী নিয়োজিত কৰা হৈছে। বাহিনীটো বিভিন্ন স্থানত মোতায়েন কৰা হয়। সূত্ৰসমূহে কৈছিল যে মহিলা আৰক্ষীসকলক কিছুসংখ্যকক সাধাৰণ পোছাকতো নিয়োজিত কৰা হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন