--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীত তেওঁৰ নথকা বস্তু বহুত কম। চখ পূৰণ কৰিবলৈ কি কিনা নাই তেওঁ! কিনিছে অলেখ ঘৰ। ইয়াৰ পিছতো জেফ বেজোছে এটা ঘৰ ভাড়াত ল’বলগীয়া হৈছে। তাৰ বাবে প্ৰতিমাহে প্ৰায় ৫ কোটি টকা দিব লগা হৈছে। এজন গায়কে সেই টকাখিনি পায়।

তেওঁৰ চখবোৰ যথেষ্ট আচহুৱা। কোটি কোটি টকা খৰচ কৰিও বেজোছে ভঙা বস্তু কিনিছে। এইবাৰ তেওঁ সেই চখ পূৰণৰ বাবে মাহে ৬ লাখ টকা খৰচ কৰিছে। ভাৰতীয় মুদ্ৰাত সেইটো প্ৰায় পাঁচ কোটি টকা।

সেই টকাৰে বেজোছে কেলিফৰ্ণিয়াৰ মালিবুত সাগৰৰ পাৰত এটা ঘৰ ভাড়াত লৈছিল। তাত তেওঁৰ সংগী লৰেন ছানচেজৰ সৈতে থাকে। সেই ঘৰটো আচলতে আমেৰিকাৰ জাজ চেক্সোফোনবাদক কেনি জীৰ। কেনি এজন সুৰকাৰ আৰু প্ৰযোজকও।

১৯৯৮ চনত কেনীয়ে ঘৰটো কিনিছিল। মূল্য আছিল ১ কোটি ২৫ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত ১০৩ কোটি টকা। পিছলৈ ২০০০ চনত কেনিয়ে মূল ঘৰৰ ওচৰতে আন এটা সৰু ঘৰ কিনিলে। তেওঁৰ দাম আছিল ৩০ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত প্ৰায় ২৪ কোটি টকা।

বেজোছে ভাড়াত লোৱা কেনিৰ ঘৰটো ৫৫০০ বৰ্গফুট। দুটা শোৱা কোঠা আৰু চাৰিটা বাথৰুম। ঘৰটোত এটা ৰেকৰ্ডিং ষ্টুডিঅ’ আছে। ইয়াৰ আয়তন ১৫০০ বৰ্গফুট। ইয়াৰ বাহিৰেও চিনেমা চোৱাৰ বাবে এটা সৰু থিয়েটাৰ আছে। ঘৰৰ পিছফালে এটা চুইমিং পুল, এখন ডাঙৰ বাগিচা।

ঘৰটোৰ লগত সংলগ্ন হৈ আছে ৩৫০০ বৰ্গফুটৰ অতিথিশালা। দুমহলীয়া গেষ্ট হাউচটোও কম বিলাসী নহয়। ঘৰটোৰ কাষতে  লিটিল ডুম বিচো আছে। ঘৰৰ বাসিন্দাসকলৰ বাহিৰে আন কোনো লোকক তাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

সংবাদ মাধ্যমৰ মতে, বেজোছ আৰু ছানচেজে যোৱা মাৰ্চ মাহৰ পৰা মালিবুত এই ঘৰটো ভাড়াত লৈ আহিছে। যদিও ঘৰটোৰ ভাড়া মাহে প্ৰায় পাঁচ কোটি টকা আছিল, তথাপিও তাত কোনো আচবাব নাছিল। বেজোছে সকলো কিনি সজাইছিল। কেনিৰ ব্যক্তিগত সামগ্ৰী এটা কোঠাত ৰখা হয়। Bezos এ সেইবোৰ ব্যৱহাৰ কৰা নাই।

২০২০ চনত বেজোছে আমেৰিকাৰ উদ্যোগপতি তথা ষ্টুডিঅ’ৰ মালিক ডেভিদ গেফেনৰ মালিকানাধীন ঘৰ এটা ক্ৰয় কৰি এক নজিৰ গঢ়ি তুলিছিল। বিশ্বাস কৰা হয় যে তাৰ আগতে কোনেও ইমান দামৰ ঘৰ কিনা নাছিল। অৱশ্যে ঘৰটোৰ দাম প্ৰকাশ কৰা হোৱা নাই।

১৯২৮ চনত নিৰ্মাণ কৰা এই ঘৰটোৰ আয়তন ১৩ হাজাৰ ৬০০ বৰ্গফুট। ঘৰত টেনিছ ক'ৰ্ট, গলফ কোৰ্চ, চুইমিং পুল, গেৰেজ আছে। ওচৰতে গেষ্ট হাউচ এটাও আছে।

কেইমাহমান আগতে বেজোছে ছানচেজৰ সৈতে এংগেজমেণ্ট কৰিছিল। খবৰ আহিছে যে অতি সোনকালে তেওঁৰ বিয়া হ’ব। বিয়াৰ পূৰ্বে এই দম্পতীয়ে এতিয়া বিভিন্ন দেশত ছুটী কটাবলগীয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস