--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীত তেওঁৰ নথকা বস্তু বহুত কম। চখ পূৰণ কৰিবলৈ কি কিনা নাই তেওঁ! কিনিছে অলেখ ঘৰ। ইয়াৰ পিছতো জেফ বেজোছে এটা ঘৰ ভাড়াত ল’বলগীয়া হৈছে। তাৰ বাবে প্ৰতিমাহে প্ৰায় ৫ কোটি টকা দিব লগা হৈছে। এজন গায়কে সেই টকাখিনি পায়।

তেওঁৰ চখবোৰ যথেষ্ট আচহুৱা। কোটি কোটি টকা খৰচ কৰিও বেজোছে ভঙা বস্তু কিনিছে। এইবাৰ তেওঁ সেই চখ পূৰণৰ বাবে মাহে ৬ লাখ টকা খৰচ কৰিছে। ভাৰতীয় মুদ্ৰাত সেইটো প্ৰায় পাঁচ কোটি টকা।

সেই টকাৰে বেজোছে কেলিফৰ্ণিয়াৰ মালিবুত সাগৰৰ পাৰত এটা ঘৰ ভাড়াত লৈছিল। তাত তেওঁৰ সংগী লৰেন ছানচেজৰ সৈতে থাকে। সেই ঘৰটো আচলতে আমেৰিকাৰ জাজ চেক্সোফোনবাদক কেনি জীৰ। কেনি এজন সুৰকাৰ আৰু প্ৰযোজকও।

১৯৯৮ চনত কেনীয়ে ঘৰটো কিনিছিল। মূল্য আছিল ১ কোটি ২৫ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত ১০৩ কোটি টকা। পিছলৈ ২০০০ চনত কেনিয়ে মূল ঘৰৰ ওচৰতে আন এটা সৰু ঘৰ কিনিলে। তেওঁৰ দাম আছিল ৩০ লাখ ডলাৰ। ভাৰতীয় মুদ্ৰাত প্ৰায় ২৪ কোটি টকা।

বেজোছে ভাড়াত লোৱা কেনিৰ ঘৰটো ৫৫০০ বৰ্গফুট। দুটা শোৱা কোঠা আৰু চাৰিটা বাথৰুম। ঘৰটোত এটা ৰেকৰ্ডিং ষ্টুডিঅ’ আছে। ইয়াৰ আয়তন ১৫০০ বৰ্গফুট। ইয়াৰ বাহিৰেও চিনেমা চোৱাৰ বাবে এটা সৰু থিয়েটাৰ আছে। ঘৰৰ পিছফালে এটা চুইমিং পুল, এখন ডাঙৰ বাগিচা।

ঘৰটোৰ লগত সংলগ্ন হৈ আছে ৩৫০০ বৰ্গফুটৰ অতিথিশালা। দুমহলীয়া গেষ্ট হাউচটোও কম বিলাসী নহয়। ঘৰটোৰ কাষতে  লিটিল ডুম বিচো আছে। ঘৰৰ বাসিন্দাসকলৰ বাহিৰে আন কোনো লোকক তাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই।

সংবাদ মাধ্যমৰ মতে, বেজোছ আৰু ছানচেজে যোৱা মাৰ্চ মাহৰ পৰা মালিবুত এই ঘৰটো ভাড়াত লৈ আহিছে। যদিও ঘৰটোৰ ভাড়া মাহে প্ৰায় পাঁচ কোটি টকা আছিল, তথাপিও তাত কোনো আচবাব নাছিল। বেজোছে সকলো কিনি সজাইছিল। কেনিৰ ব্যক্তিগত সামগ্ৰী এটা কোঠাত ৰখা হয়। Bezos এ সেইবোৰ ব্যৱহাৰ কৰা নাই।

২০২০ চনত বেজোছে আমেৰিকাৰ উদ্যোগপতি তথা ষ্টুডিঅ’ৰ মালিক ডেভিদ গেফেনৰ মালিকানাধীন ঘৰ এটা ক্ৰয় কৰি এক নজিৰ গঢ়ি তুলিছিল। বিশ্বাস কৰা হয় যে তাৰ আগতে কোনেও ইমান দামৰ ঘৰ কিনা নাছিল। অৱশ্যে ঘৰটোৰ দাম প্ৰকাশ কৰা হোৱা নাই।

১৯২৮ চনত নিৰ্মাণ কৰা এই ঘৰটোৰ আয়তন ১৩ হাজাৰ ৬০০ বৰ্গফুট। ঘৰত টেনিছ ক'ৰ্ট, গলফ কোৰ্চ, চুইমিং পুল, গেৰেজ আছে। ওচৰতে গেষ্ট হাউচ এটাও আছে।

কেইমাহমান আগতে বেজোছে ছানচেজৰ সৈতে এংগেজমেণ্ট কৰিছিল। খবৰ আহিছে যে অতি সোনকালে তেওঁৰ বিয়া হ’ব। বিয়াৰ পূৰ্বে এই দম্পতীয়ে এতিয়া বিভিন্ন দেশত ছুটী কটাবলগীয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
শোচনীয় হৈছে পঞ্জাবৰ বান পৰিস্থিতি, আজি বান বিধ্বস্ত ৰাজ্যখন ভ্রমণ কৰিব মোদীয়ে
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল