--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চীনক বাদ দি চলিব নোৱাৰে নেকি ভাৰত৷ চীনা সামগ্ৰী বৰ্জন কৰা সিদ্ধান্ত লোৱাৰ পাছতো ভাৰতে চীনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে কিয়? আগ্ৰাহী চীনে ভাৰতীয় বজাৰৰ অধিকাংশ সামগ্ৰীতে প্ৰভুত্ব বিস্তাৰ কৰাৰ পাছতে এইবাৰ জীৱনদায়িনী ঔষধৰ ওপৰতো চীনৰ ওপৰত নিৰ্ভৰ হৈছে ভাৰত৷ শেহতীয়াকৈ জানিব পৰা মতে দেশৰ ফাৰ্মাচিউটিকেল খণ্ডৰ বাবে পিএলআই আচঁনি ঘোষণাৰ জৰিয়তে চৰকাৰে ঘৰুৱাভাৱে ঔষধৰ উৎপাদনৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছিল যদিও চীনৰ পৰা ভাৰতলৈ ঔষধৰ আমদানী বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে৷

চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা ভাৰতলৈ ঔষধ, চিকিৎসা সা-সৰঞ্জাম আমদানীৰ পৰিমাণ পূৰ্বতকৈ ৭৫ শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰ পৰাই প্ৰমাণিত হৈছে যে ভাৰতে বৰ্তমানেও চীনক এৰাই চলিব পৰা নাই সম্পূৰ্ণৰূপে৷ উল্লেখ্য যে ২০২০-২১ বৰ্ষত ভাৰতলৈ সৰ্বাধিক চিকিৎসা সঁজুলি ৰপ্তানী কৰা দেশ হিচাপে পৰিগণিত হৈছিল চীন৷ ইয়াৰ পূৰ্বে শীৰ্ষ স্থানত আমেৰিকা আৰু জাৰ্মানী আছিল যদিও শেহতীয়া প্ৰকাশিত তথ্যত চীনে লাভ কৰিছে শীৰ্ষস্থান৷

স্মৰ্তব্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মেক ইন ইণ্ডিয়া' আচঁনিৰ জৰিয়তে ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী বৃদ্ধি আৰু ব্যৱহাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিলেও কিন্তু ইয়াৰ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে৷ ক'ভিডকালীন পৰিস্থিতিত বিশেষকৈ অক্সিমিটাৰ, ডিজিটেল থাৰ্ম'মিটাৰকে ধৰি বহুকেইবিধ সামগ্ৰী আমদানী কৰিছে ভাৰতে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু