--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : চীনক বাদ দি চলিব নোৱাৰে নেকি ভাৰত৷ চীনা সামগ্ৰী বৰ্জন কৰা সিদ্ধান্ত লোৱাৰ পাছতো ভাৰতে চীনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে কিয়? আগ্ৰাহী চীনে ভাৰতীয় বজাৰৰ অধিকাংশ সামগ্ৰীতে প্ৰভুত্ব বিস্তাৰ কৰাৰ পাছতে এইবাৰ জীৱনদায়িনী ঔষধৰ ওপৰতো চীনৰ ওপৰত নিৰ্ভৰ হৈছে ভাৰত৷ শেহতীয়াকৈ জানিব পৰা মতে দেশৰ ফাৰ্মাচিউটিকেল খণ্ডৰ বাবে পিএলআই আচঁনি ঘোষণাৰ জৰিয়তে চৰকাৰে ঘৰুৱাভাৱে ঔষধৰ উৎপাদনৰ বিষয়টোত গুৰুত্ব আৰোপ কৰিছিল যদিও চীনৰ পৰা ভাৰতলৈ ঔষধৰ আমদানী বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ পাইছে৷

চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰা ভাৰতলৈ ঔষধ, চিকিৎসা সা-সৰঞ্জাম আমদানীৰ পৰিমাণ পূৰ্বতকৈ ৭৫ শতাংশ বৃদ্ধি পাইছে৷ ইয়াৰ পৰাই প্ৰমাণিত হৈছে যে ভাৰতে বৰ্তমানেও চীনক এৰাই চলিব পৰা নাই সম্পূৰ্ণৰূপে৷ উল্লেখ্য যে ২০২০-২১ বৰ্ষত ভাৰতলৈ সৰ্বাধিক চিকিৎসা সঁজুলি ৰপ্তানী কৰা দেশ হিচাপে পৰিগণিত হৈছিল চীন৷ ইয়াৰ পূৰ্বে শীৰ্ষ স্থানত আমেৰিকা আৰু জাৰ্মানী আছিল যদিও শেহতীয়া প্ৰকাশিত তথ্যত চীনে লাভ কৰিছে শীৰ্ষস্থান৷

স্মৰ্তব্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মেক ইন ইণ্ডিয়া' আচঁনিৰ জৰিয়তে ঘৰুৱাভাৱে উৎপাদিত সামগ্ৰী বৃদ্ধি আৰু ব্যৱহাৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ পৰিকল্পনা কৰিলেও কিন্তু ইয়াৰ বিপৰীত ছবিহে পৰিলক্ষিত হৈছে৷ ক'ভিডকালীন পৰিস্থিতিত বিশেষকৈ অক্সিমিটাৰ, ডিজিটেল থাৰ্ম'মিটাৰকে ধৰি বহুকেইবিধ সামগ্ৰী আমদানী কৰিছে ভাৰতে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ