--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ পাকিস্তানত সমাপ্ত হ’ল নিৰ্বাচন৷পাকিস্তানত ভোটদানৰ সময়ত বহু ঠাইত হিংসাত্মক সংঘৰ্ষ দেখা গৈছিল। একাংশ লোকে ভোটদান সামগ্ৰী কাঢ়ি নি ধ্বংস কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল প্ৰাৰ্থী আৰু ভোটাৰে। জনসাধাৰণৰ এই সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানৰ নিৰ্বাচন আয়োগে এই ভোট কেন্দ্ৰসমূহত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াত মন কৰিবলগীয়া কথাটো হ’ল যে ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ বাবে দেশত এতিয়াও ভোট গণনা চলি থকা সময়ত পুনৰ ভোটদানৰ প্ৰস্তুতি চলি আছে। জিঅ’ নিউজৰ খবৰ অনুসৰি অহা ১৫ ফেব্ৰুৱাৰীত বহু ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ কথা ঘোষণা কৰিছে শীৰ্ষ নিৰ্বাচনী সংস্থাটোৱে। য’ত পুনৰ ভোটদান হ’ব সেই ভোটকেন্দ্ৰসমূহৰ নাম তলত দিয়া হ’ল-

এন এ-৮৮ খুছাব-দ্বিতীয় (পঞ্জাব)
ভোটদানৰ সময়ত ইয়াৰ ভোটাৰসমূহ অনিয়ন্ত্ৰিত হৈ পৰিছিল। ইয়াৰ পাছত পোহৰলৈ আহিল ভোটদানত প্ৰয়োজন হোৱা সামগ্ৰী জ্বলোৱাৰ খবৰ। এতিয়া বিষয়টো শান্ত হোৱাত ২৬টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হ’ব।

পি এছ-১৮ ঘোটকি-আই (সিন্ধ)
৮ ফেব্ৰুৱাৰীত ইয়াত ভোটদানৰ সময়ত একাংশ ব্যক্তিয়ে ভোটদানৰ সামগ্ৰী কাঢ়ি লোৱাৰ খবৰ পোহৰলৈ আহিছিল। ইয়াৰ পাছত নিৰ্বাচন আয়োগে ২টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

পি কে-৯০ কোহাট-আই (খাইবাৰ পাখতুনখোৱা)
নিৰ্বাচনৰ সময়ত একাংশ সন্ত্ৰাসবাদীয়ে ভোটগ্ৰহণ সামগ্ৰীৰ ক্ষতিসাধন কৰাৰ পাছত ইচিপিয়ে ওপৰত উল্লেখ কৰা সমষ্টিটোৰ ২৫টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। এই সকলোবোৰ বিষয়ৰ মাজতে এন এ-২৪২ কৰাচী কেমাৰী-১ (সিন্ধ)ৰ ১টা ভোটগ্ৰহণ কেন্দ্ৰত হতাহতি সংঘটিত হোৱাৰ অভিযোগ পোৱাৰ পিছতে আঞ্চলিক নিৰ্বাচন আয়ুক্তক ৩ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে শীৰ্ষ নিৰ্বাচনী সংস্থাই।

উল্লেখ্য যে চূড়ান্ত ফলাফলত পলম হোৱাত পাকিস্তানৰ সকলো বিচলিত হৈ পৰিছে। সময়মতে ফলাফল আহিব নোৱাৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাক লৈ বহু দলে প্ৰশ্ন উত্থাপন কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজবাটত একাংশ মুছলিমৰ কাণ্ডই লাজত পেলাইছে মুছলমান সমাজক! এনে ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ অনুষ্ঠিত সজাগতা সভা
ফলমূল,শাক-পাছলি, মাছৰ পৰা মৌলৈকে কি নাই! বোকাখাতত কৃষি বিপ্লৱৰ চমক প্ৰাক্তন নৌ সেনাৰ ডুবাৰু চম্পক ডেকাৰ
শিল্পীকা বৰদলৈৰ ৰাষ্ট্ৰীয় স্বীকৃতিক লৈ উৎফুল্ল যোৰহাটবাসী
ৰাছিয়াৰ কাষত মার্কিন পাৰমাণৱিক ছাবমেৰিন মোতায়েনৰ নিৰ্দেশ
ড° নগেন শইকীয়া, চৈয়দ চাদুল্লাক বাসগৃহতে সাক্ষাৎ সোণোৱালৰ
ৰঙিয়াৰ জৱাহৰ নৱোদয় বিদ্যালয়ত জঘন্য ঘটনা ; ষষ্ঠ শ্ৰেণীৰ ছাত্ৰৰ ওপৰত যৌন উৎপীড়ন