--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া দেশ পাকিস্তানত সমাপ্ত হ’ল নিৰ্বাচন৷পাকিস্তানত ভোটদানৰ সময়ত বহু ঠাইত হিংসাত্মক সংঘৰ্ষ দেখা গৈছিল। একাংশ লোকে ভোটদান সামগ্ৰী কাঢ়ি নি ধ্বংস কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছিল প্ৰাৰ্থী আৰু ভোটাৰে। জনসাধাৰণৰ এই সমস্যাসমূহৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানৰ নিৰ্বাচন আয়োগে এই ভোট কেন্দ্ৰসমূহত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াত মন কৰিবলগীয়া কথাটো হ’ল যে ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ বাবে দেশত এতিয়াও ভোট গণনা চলি থকা সময়ত পুনৰ ভোটদানৰ প্ৰস্তুতি চলি আছে। জিঅ’ নিউজৰ খবৰ অনুসৰি অহা ১৫ ফেব্ৰুৱাৰীত বহু ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ কথা ঘোষণা কৰিছে শীৰ্ষ নিৰ্বাচনী সংস্থাটোৱে। য’ত পুনৰ ভোটদান হ’ব সেই ভোটকেন্দ্ৰসমূহৰ নাম তলত দিয়া হ’ল-

এন এ-৮৮ খুছাব-দ্বিতীয় (পঞ্জাব)
ভোটদানৰ সময়ত ইয়াৰ ভোটাৰসমূহ অনিয়ন্ত্ৰিত হৈ পৰিছিল। ইয়াৰ পাছত পোহৰলৈ আহিল ভোটদানত প্ৰয়োজন হোৱা সামগ্ৰী জ্বলোৱাৰ খবৰ। এতিয়া বিষয়টো শান্ত হোৱাত ২৬টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হ’ব।

পি এছ-১৮ ঘোটকি-আই (সিন্ধ)
৮ ফেব্ৰুৱাৰীত ইয়াত ভোটদানৰ সময়ত একাংশ ব্যক্তিয়ে ভোটদানৰ সামগ্ৰী কাঢ়ি লোৱাৰ খবৰ পোহৰলৈ আহিছিল। ইয়াৰ পাছত নিৰ্বাচন আয়োগে ২টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।

পি কে-৯০ কোহাট-আই (খাইবাৰ পাখতুনখোৱা)
নিৰ্বাচনৰ সময়ত একাংশ সন্ত্ৰাসবাদীয়ে ভোটগ্ৰহণ সামগ্ৰীৰ ক্ষতিসাধন কৰাৰ পাছত ইচিপিয়ে ওপৰত উল্লেখ কৰা সমষ্টিটোৰ ২৫টা ভোটকেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিছে। এই সকলোবোৰ বিষয়ৰ মাজতে এন এ-২৪২ কৰাচী কেমাৰী-১ (সিন্ধ)ৰ ১টা ভোটগ্ৰহণ কেন্দ্ৰত হতাহতি সংঘটিত হোৱাৰ অভিযোগ পোৱাৰ পিছতে আঞ্চলিক নিৰ্বাচন আয়ুক্তক ৩ দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে শীৰ্ষ নিৰ্বাচনী সংস্থাই।

উল্লেখ্য যে চূড়ান্ত ফলাফলত পলম হোৱাত পাকিস্তানৰ সকলো বিচলিত হৈ পৰিছে। সময়মতে ফলাফল আহিব নোৱাৰাৰ বাবে নিৰ্বাচন আয়োগৰ বিশ্বাসযোগ্যতাক লৈ বহু দলে প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ