--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
আজি ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি তথা সন্মানীয় ৰাষ্ট্ৰনেতা শ্ৰী এম ভেংকয়া নাইডুৱে  ৭৫ বছৰ বয়সত ভৰি দিলে। আজিৰ দিনটোতে  তেখেতৰ দীৰ্ঘ আৰু সুস্থ জীৱন কামনা কৰাৰ লগতে তেখেতৰ সকলো শুভাকাংক্ষী তথা অনুৰাগীলৈ মোৰ  আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। জীৱনযাত্ৰাত নিষ্ঠা, অভিযোজনৰ চমৎকাৰী ক্ষমতা আৰু জনসেৱাৰ প্ৰতি অটল দায়বদ্ধতাৰে পৰিচালিত হোৱা এগৰাকী নেতাৰ জন্মদিনটো আজি সঁচৈাকৈয়ে এক উদযাপনৰ অনুষ্ঠান হিচাবে পৰিগণিত হৈছে।  ৰাজনৈতিক ক্ষেত্ৰখনত ভৰি দিয়াৰ  প্ৰথম দিনটোৰ  পৰা আৰম্ভ কৰি  উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰালৈকে,  ভাৰতীয় ৰাজনীতিৰ জটিলতাসমূহ সহজভাবে আৰু বিনয়েৰে  মোকাবিলা কৰাত তেওঁ অনন্য ক্ষমতাৰ পৰিচয় দিছিল। তেনে  উদাহৰণ ভেংকাইয়াৰ কেৰিয়াৰত আমি বহু দেখিবলৈ পাওঁ। 


তেওঁৰ বাকপটুতা, বুদ্ধিমত্তা আৰু উন্নয়নমূলক বিষয়ত অটল মনোনিৱেশে তেওঁক দলীয় ৰাজনীতিৰ উৰ্ধলৈ গৈ সকলোৰে  সন্মানৰ অধিকাৰী কৰি তুলিছে।ভেংকয়া  আৰু মই দশক দশক ধৰি ইজনে সিজনৰ সৈতে সংপৃক্ত হৈ আছো। আমি একেলগে কাম কৰিছো আৰু তেওঁৰ পৰা মই  বহু কথাই শিকিছো। তেওঁৰ জীৱনত সদায়ে প্ৰতিফলিত হৈ থকা এটা সাধাৰণ কথা হৈছে মানুহৰ প্ৰতি থকা তেওঁৰ অমলিন প্ৰেম।অন্ধ্ৰ প্ৰদেশত এজন ছাত্ৰ নেতা হিচাপে ছাত্ৰ ৰাজনীতিৰেই আৰম্ভ হৈছিল  ভেংকয়াৰ ৰাজনৈতিক জীৱন। ছাত্ৰ নেতা হিচাবেই তেওঁ ৰাজনীতিৰ আদিপাঠ আয়ত্ত্ব কৰিছিল। তেওঁৰ প্ৰতিভা, বাগ্মিতা আৰু সাংগঠনিক দক্ষতা আদি দিশসমূহৰ  কথা বিবেচনা কৰি  যিকোনো ৰাজনৈতিক দলতে হয়তো তেওঁক আদৰণি জনোৱা হ’লহেঁতেন,  কিন্তু  তেওঁ নেচন ফাৰ্ষ্টৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হোৱা বাবেই সংঘ পৰিয়ালৰ সৈতে কাম কৰিবলৈ পছন্দ কৰিছিল। ভেংকয়াই আৰএছএছ, এবিভিপিৰ সৈতে জড়িত হৈ থকাৰ লগতে পৰৱৰ্তী সময়ত  জনসংঘ আৰু বিজেপিক শক্তিশালী কৰি তোলাত মনোনিৱেশ কৰিছিল।প্ৰায় ৫০ বছৰ পূৰ্বে যেতিয়া জৰুৰীকালীন অৱস্থা জাপি দিয়া হৈছিল, তেতিয়া যুৱক ভেংকয়াই জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰা আন্দোলনত জঁপিয়াই পৰিছিল। লোকনায়ক জে পিক অন্ধ্ৰপ্ৰদেশলৈ নিমন্ত্ৰণ কৰাৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। গণতন্ত্ৰৰ প্ৰতি তেওঁৰ  দায়বদ্ধতা তেওঁৰ ৰাজনৈতিক কেৰিয়াৰত বাৰে বাৰে প্ৰতিফলিত হৈ আহিছে।আশীৰ দশকৰ মাজভাগত যেতিয়া  এন টি আৰৰ চৰকাৰখন কংগ্ৰেছে অন্যায়ভাবে ভংগ কৰি দিছিল , তেতিয়াও তেওঁ  গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষাৰ স্বাৰ্থত  আন্দোলনৰ  প্ৰথমশাৰীত থিয় দিছিল।  এক কথাত ক’বলৈ গ’লে বিধ্বংসী জোৱাৰৰ বিপৰীতেও ভেংকয়াই সদায় সাঁতুৰিবলৈ নিজকে সাজু কৰি ৰাখিছিল। বহু ঘাত-প্ৰতিঘাতেও তেওঁক টলাব পৰা নাছিল।  ১৯৭৮ চনত অন্ধ্ৰ প্ৰদেশত কংগ্ৰেছৰ সপক্ষে ভোটৰ জোৱাৰ উঠিছিল আৰু বহুতেই কংগ্ৰেছকে  ভোট দিছিল। কিন্তু সেই  ধাৰাকো প্ৰতিহত কৰি সোঁতৰ বিপৰীতে গৈ ভেংকয়া যুৱ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।পাঁচ বছৰৰ পাছত যেতিয়া এন টি আৰৰ চুনামীয়ে ৰাজ্যখনক ধুৱাই নিছিল, সেই সময়তো তেওঁ বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ফলত অন্ধ্ৰ প্ৰদেশত  বিজেপিৰ বাবে দলীয় সম্প্ৰসাৰণৰ  পথ মুকলি হৈছিল।ভেংকয়াৰ বিষয়ে যিসকলে জানে  তেওঁলোকে তেওঁৰ বক্তৃতা প্ৰদানৰ  দক্ষতাৰ কথা এবাৰলৈ হ’লেও স্বীকাৰ নকৰাকৈ থাকিব নোৱাৰে। তেওঁ যিদৰে শব্দৰ মহান ৰূপকাৰ আছিল, সেইদৰে  আকৌ শ্ৰমৰ বিষয়তো সমানেই  গুৰুত্ব আৰোপ কৰা লোকো আছিল। অৰ্থাৎ তেওঁ কেৱল ভাষণেই দিয়া নাছিল, ভাষণৰ কথাবোৰ হাতে-কামে কৰিও দেখুৱাইছিল। যুৱ বিধায়ক হিচাপে তেওঁ বিধানসভাৰ কাম-কাজ অতি নিষ্ঠাৰে সম্পন্ন কৰিছিল। বিধানসভাৰ মজিয়াত  সমষ্টিৰ মানুহৰ  কথা কোৱাৰ বাবে তেওঁ সকলোৰে  সন্মানৰ পাত্ৰ হৈ পৰিছিল। এন টি আৰৰ দৰে  প্ৰভাৱশালী ৰাজনীতিকেও  তেওঁৰ প্ৰতিভাৰ বিষয়টো লক্ষ্য কৰিছিল আৰু সেয়ে ভেংকয়াই তেওঁৰ নিজৰ দলত যোগদান কৰাটো বিচাৰিছিল । কিন্তু স্থিতিত অবিচল ভেংকয়াই  তেওঁৰ মূল মতাদৰ্শৰ পৰা বিচ্যুত হ’বলৈ অস্বীকাৰ কৰিছিল। তেওঁ বিজেপিতে ৰৈ গৈছিল।  অন্ধ্ৰ প্ৰদেশত বিজেপিৰ সাংগঠনিক ভেটি  শক্তিশালী কৰি তুলিবলৈ তেওঁ  গাঁৱে-ভূঞে গৈ সকলো শ্ৰেণীৰ লোকৰ সৈতে সংযোগ স্থাপন কৰিছিল। ৰাজ্য খনত বিজেপিৰ সাংগঠনিক ভেটি সবল কৰিবলৈ  সাৰ-পানী যোগোৱা মূল ব্যক্তিগৰাকীয়েই আছিল ভেংকয়া।  তেওঁ বিধানসভাৰ মজিয়াত দলটোক নেতৃত্ব দিছিল আৰু  অন্ধ্ৰপ্ৰদেশ  বিজেপিৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত  হৈছিল।নিজৰ কৰ্মদক্ষতাৰ বলত নব্বৈৰ দশকতেই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ চকুত পৰিছিল ভেংকয়া। ফলত  ১৯৯৩ চনত ৰাষ্ট্ৰীয় ৰাজনীতিত ভেংকয়াৰ প্ৰৱেশ ঘটিছিল । 

তেওঁক দলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল।কিশোৰ অৱস্থাতে অটল জী আৰু আদৱানী জীৰ দৰে ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰি  তেওঁলোকৰ সৈতে একেলগে কাম কৰিবলৈ সুযোগ  পোৱাটো ভেংকয়াৰ  জীৱনৰ এক উল্লেখযোগ্য মুহূৰ্ত আছিল। সাধাৰণ সম্পাদক হিচাপে তেওঁ আমাৰ দলটোক কেনেকৈ ক্ষমতালৈ আনিব পাৰি আৰু দেশে যাতে বিজেপিৰ পৰা প্ৰথমগৰাকী  প্ৰধানমন্ত্ৰী লাভ কৰে সেই বিষয়ত  গুৰুত্ব আৰোপ কৰিছিল। দিল্লীলৈ যোৱাৰ পিছৰে পৰা ভেংকয়াই আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল। নিজৰ দক্ষতাৰ বলতে  তেওঁ আনকি  দলৰ ৰাষ্ট্ৰীয় সভাপতিৰ পদতো অধিষ্ঠিত হৈছিল। ২০০০ চনত যেতিয়া অটলজীয়ে ভেংকয়াক  মন্ত্ৰী হিচাপে চৰকাৰত অন্তৰ্ভুক্ত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল, তেতিয়া ভেংকয়াই  লগে লগে  গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ প্ৰতি থকা তেওঁৰ পছন্দৰ কথা সদৰি কৰিছিল।  ফলত অটলজীকে ধৰি সকলোৱে আচৰিত হৈ পৰিছিল। তেওঁলোকে ভাবিছিল আমাৰ মাজতে এনে এজন নেতা আছে  যাক কোনটো দপ্তৰ  বিচাৰে বুলি সোধাত তেওঁৰ প্ৰথম পছন্দ গ্ৰাম্য উন্নয়ন দপ্তৰ বুলি কৈছিল।  ভেংকয়া তেওঁৰ কথাত  স্পষ্ট আছিল- তেওঁ কৃষকৰ পুত্ৰ আছিল, শৈশৱৰ দিনবোৰ  তেওঁ  গাঁৱতে কটাইছিল আৰু সেইবাবেই  যদি তেওঁৰ কাম কৰিবলৈ ইচ্ছা থকা এটা দপ্তৰ আছিল, সেয়া আছিল গ্ৰাম্য উন্নয়ন দপ্তৰ। এজন মন্ত্ৰী হিচাপে তেওঁ ‘প্ৰধানমন্ত্ৰী গ্ৰামীন সড়ক যোজনা’ৰ ধাৰণা আৰু তাৰ  ৰূপায়ণৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। যেতিয়া ২০১৪ চনত এন ডি এ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছিল, তেতিয়া তেওঁ নগৰ উন্নয়ন, গৃহ নিৰ্মাণ আৰু নগৰীয়া দৰিদ্ৰতা নিৰাময়ৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰসমূহ চম্ভালিছিল। তেওঁৰ কাৰ্যকালতে আমি অতি গুৰুত্বপূৰ্ণ স্বচ্ছ ভাৰত অভিযান আৰু নগৰ উন্নয়ন সম্পৰ্কীয় উল্লেখনীয়  আঁচনিসমূহ আৰম্ভ কৰিছিলোঁ। হয়তো, গ্ৰাম্য আৰু নগৰ উভয়ৰে উন্নয়নৰ বাবে কাম কৰা  নেতাসকলৰ ভিতৰত ভেংকয়াই অন্যতম নেতা আছিল। ২০১৪ চনত যেতিয়া মই দিল্লীলৈ আহিছিলো, তেতিয়া মই ৰাষ্ট্ৰীয় ৰাজধানীখনৰ বাবে বাহিৰৰ মানুহ আছিলো। যদিও মই  ডেৰ দশক ধৰি গুজৰাটত কাম কৰিছিলো। এনে সময়ত ভেংকয়াৰ  অন্তৰ্দৃষ্টিয়ে মোক প্ৰভাৱান্বিত কৰিছিল। তেওঁ আছিল এজন সুদক্ষ আৰু সফল  সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী - তেওঁ দ্বিপাক্ষিকতাৰ সাৰমৰ্ম উপলব্ধি কৰিব পাৰিছিল আৰু একে সময়তে সংসদীয় নীতি-নিয়মৰ ক্ষেত্ৰত নিজস্ব ৰেখা এডাল অংকন কৰি ল’ব পাৰিছিল। ২০১৭ চনত আমাৰ মিত্ৰজোঁটে তেওঁক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল। এনে সময়তে আমি এক দ্বন্দ্বৰো সন্মুখীন হৈছিলো – আমি ভাবিছিলো যে ভেংকয়াৰ  শূন্যতা আমাৰ দলত কেনেকৈ পূৰণ কৰাটো সম্ভৱ হ’ব, কিন্তু একে সময়তে, আমি এয়াও  জানিছিলোঁ যে তেওঁৰ তুলনাত উপ-ৰাষ্ট্ৰপতি পদৰ বাবে আন  কোনো উত্তম প্ৰাৰ্থী নাই। মন্ত্ৰী আৰু সাংসদ পদৰ পৰা পদত্যাগ কৰাৰ সময়ত তেওঁ দিয়া এটা ভাষণৰ কথা  মই কেতিয়াও পাহৰিব নোৱাৰো। দলৰ  সৈতে তেওঁৰ সম্পৰ্ক আৰু দলটোক  গঢ়ি তোলাৰ প্ৰচেষ্টাৰ কথা মনত পেলাই তেওঁ সিদিনা  চকুলো নিয়ন্ত্ৰণ কৰিব  পৰা নাছিল। দুগালেৰে তেওঁৰ নিগৰি আহিছিল দুধাৰি চকুলোৰ ধাৰা। এনে কথাৰ পৰা  দলৰ প্ৰতি তেওঁৰ অন্তৰত গভীৰভাবে  শিপাই থকা দায়বদ্ধতা আৰু আবেগৰ আভাস পোৱা গৈছিল। 


উপ-ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ পিছতে  তেওঁ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল,  যিবোৰ কামে  কাৰ্যালয়টোৰ মৰ্যাদাও বৃদ্ধি কৰিছিল। তেওঁ ৰাজ্যসভাৰ এগৰাকী অসাধাৰণ অধ্যক্ষ আছিল।  যুৱ সাংসদ, মহিলা সাংসদ আৰু প্ৰথমবাৰৰ বাবে সাংসদ হোৱাসকলে যাতে ৰাজ্যসভাৰ  মজিয়াত  ভাষণ দিয়াৰ সুযোগ লাভ কৰে  সেয়া তেওঁ নিশ্চিত কৰিছিল। তেওঁ সাংসদসকলৰ উপস্থিতিৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছিল, ৰাজ্যসভাৰ সমিতিসমূহক অধিক ফলপ্ৰসূ কৰি তুলিছিল আৰু সদনত বিতৰ্কৰ মাত্ৰাও বৃদ্ধি কৰিছিল।যেতিয়া ৰাজ্যসভাৰ মজিয়াত ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ আঁতৰোৱাৰ প্ৰস্তাৱ উত্থাপন কৰা  হৈছিল, তেতিয়া অধ্যক্ষৰ আসনত আছিল  ভেংকয়া । মই নিশ্চিত যে সেয়া  তেওঁৰ বাবে খুবেই  আৱেগিক মুহূৰ্ত আছিল-  সৰুৰে পৰা  শ্যামা প্ৰসাদ মুখাৰ্জীৰ এক ভাৰতৰ সপোন  কঢ়িয়াই লৈ ফুৰা  ভেংকয়া তেতিয়া অধ্যক্ষৰ আসনত আছিল।  অৱশেষত উত্থাপন কৰা প্ৰস্তাৱ গৃহীত কৰাটো  সম্ভৱ হৈ উঠিছিল।কৰ্ম আৰু ৰাজনীতিৰ বাহিৰেও ভেংকয়া  এগৰাকী আগ্ৰহী পাঠক আৰু লেখকো। দিল্লীৰ জনসাধাৰণৰ মাজত  তেওঁ গৌৰৱময় তেলেগু সংস্কৃতিৰ ধ্বজা  কঢ়িয়াই অনা ব্যক্তি হিচাপে পৰিচিত। তেওঁৰ উদ্যোগত আয়োজিত  উগাদী আৰু সংক্ৰান্তি অনুষ্ঠানসমূহ চহৰৰ   অন্যতম অনুষ্ঠান হিচাবে পৰিগণিত হৈছিল। ভেংকয়াক মই  এগৰাকী খাদ্যৰসিক ব্যক্তি  আৰু মানুহক আতিথ্য প্ৰদান কৰি আত্মতুষ্টি লাভ কৰা  ব্যক্তি হিচাপেও চিনি পাওঁ। শেহতীয়াকৈ তেওঁৰ আত্মনিয়ন্ত্ৰণৰ কথাও  সকলোৰে দৃষ্টিগোচৰ হৈছে। সুস্বাস্থ্য বজাই ৰখাৰ ক্ষেত্ৰত তেওঁ কোনো দিনেই কাৰ্পণ্য কৰা নাই।  স্বাস্থ্য সচেতন ভেংকয়াই এতিয়াও  বেডমিণ্টন খেলে আৰু  খোজকাঢ়ে। এনেদৰেই তেওঁ জীৱনটো  উপভোগ কৰে। উপ-ৰাষ্ট্ৰপতিৰ পদত নথকাৰ পিছতো  ভেংকয়াই এতিয়াও   এক সক্ৰিয় ৰাজহুৱা জীৱন অব্যাহত ৰাখিছে।  যিবোৰ বিষয়ৰ প্ৰতি তেওঁৰ আবেগ আছে বা সমগ্ৰ দেশতে ঘটি থকা বিভিন্ন উন্নয়নৰ বিষয়ত  তেওঁ মোক ফোন কৰি সোধে। শেহতীয়াকৈ তেওঁক লগ পাইছিলো যেতিয়া আমাৰ চৰকাৰে তৃতীয় কাৰ্যকালৰ বাবে কাৰ্যভাৰলৈ শাসনলৈ  উভতি আহিছিল। তেওঁ আমাৰ এনে বিজয়ত  অতিশয় আনন্দিত হৈ  পৰিছিল আৰু মোৰ লগতে  আমাৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰিছিল। তেওঁৰ জন্মদিনটোত  তেওঁক পুনৰ এবাৰ শুভেচ্ছা জনাইছো। আশাকৰোঁ আমাৰ দলৰ  যুৱ কৰ্মকৰ্তা, নিৰ্বাচিত প্ৰতিনিধি আৰু যিসকলৰ সেৱাৰ প্ৰতি আগ্ৰহ  আছে, তেওঁলোকে তেওঁৰ জীৱনৰ পৰা শিক্ষা গ্ৰহণ কৰিব  আৰু তেওঁৰ প্ৰমূল্যবোধৰ দ্বাৰা  অনুপ্ৰাণিত হ’ব।  তেওঁৰ দৰে মানুহেই আমাৰ দেশখনক  অধিক উন্নত  আৰু সজীৱ কৰি ৰাখিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিব্ৰু নদীত জাঁপ দি আত্মহননৰ চেষ্টা মহিলাৰ
২০জনী গিৰ গাই ক্ৰয় কৰিছিল জয়ন্ত মল্লবৰুৱাৰ পত্নীয়ে
গোপনে অনুশীলন ভাৰতীয় ক্ৰিকেট দলৰ
আপোনাৰ ছালখন সুন্দৰ কৰি ৰাখিব বিচাৰে যদি এই ৩বিধ শাক-পাচলি খাওক
বাংলাদেশত চৰকাৰে ভাঙিলে দুর্গা মন্দিৰ
ভাল প্ৰতিৱেশী হ'বলৈ আগবাঢ়িছে চীন-ভাৰত!
ইজৰাইল-ইৰানৰ যুদ্ধত আমেৰিকাৰ প্ৰৱেশ
লিডুত চাঞ্চল্যকৰ অপহৰণ কাণ্ড! ২৮ বছৰীয়া এগৰাকী মহিলাক অপহৰণ
ছ’চিয়েল মিডিয়াত হালধি আৰু পানীৰ যাদু! এই ট্ৰেণ্ডৰ আঁৰৰ কাৰণ জানো আহক
সাধু-সন্ন্যাসীৰে উখল-মাখল কামাখ্যা, আজি বন্ধ হ'ব মন্দিৰৰ দুৱাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা