--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংগাপুৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত ভাৰতীয় মূলৰ থৰ্মন শ্বনমুগাৰত্নমে জয়লাভ কৰিছে। ৰয়টাৰৰ তথ্য অনুসৰি শুকুৰবাৰে (১ ছেপ্টেম্বৰ) নিৰ্বাচন বিভাগে ঘোষণা কৰে যে শ্বনমুগাৰত্নমে ৭০.৪ শতাংশ ভোট লাভ কৰি জয়লাভ কৰিছে।

শুকুৰবাৰে (১ ছেপ্টেম্বৰ) ছিংগাপুৰত নৱম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কৰা হয়। য’ত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰিছিল। ছিংগাপুৰত ২৭ লাখৰো অধিক লোকে ভোটদানৰ যোগ্যতা অৰ্জন কৰাৰ লগতে নিশা ৮ বজালৈ ভোটগ্ৰহণ কেন্দ্ৰ খোলা আছিল। ইয়াৰ পাছত ভোট গণনা আৰম্ভ হ’ল।

৬৬ বছৰীয়া থাৰ্মান শ্বানমুগাৰত্নমৰ উপৰিও ৰাষ্ট্ৰপতি পদৰ বাবে আন দুজন প্ৰাৰ্থী আছিল - চৰকাৰী কোম্পানী এটাৰ প্ৰাক্তন বিনিয়োগ মুৰব্বী এন কক ছং আৰু চৰকাৰী বীমা কোম্পানী এটাৰ প্ৰাক্তন মুৰব্বী টান কিন লিয়ান৷

থাৰ্মান শ্বনমুগাৰত্নম ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ শিক্ষা আৰু বিত্তমন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈ আহিছে। ২০০১ চনত ৰাজনীতিত প্ৰৱেশ কৰা শ্বনমুগাৰত্নমে দুটা দশকৰো অধিক সময় শাসকীয় পিপলছ একচন পাৰ্টি (পিএপি)ৰ সৈতে ৰাজহুৱা খণ্ড আৰু মন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি আহিছে।ছিংগাপুৰৰ বিদায়ী ৰাষ্ট্ৰপতি হালিমা ইয়াকোবৰ কাৰ্যকাল ১৩ ছেপ্টেম্বৰত শেষ হ’ব। তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। ২০১৭ চনৰ ছিংগাপুৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংৰক্ষিত নিৰ্বাচনত কেৱল মালয় সম্প্ৰদায়ৰ সদস্যসকলকহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হৈছিল।

সেই সময়ছোৱাত হালিমাক ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰা হৈছিল কাৰণ আন কোনো প্ৰাৰ্থী তাত নাছিল। ২০১১ চনৰ পিছত ছিংগাপুৰত এইটোৱেই প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন।উল্লেখ্য যে ১৯৯৩ চনৰ ২৮ আগষ্টত ছিংগাপুৰত প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস