--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছিংগাপুৰৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত ভাৰতীয় মূলৰ থৰ্মন শ্বনমুগাৰত্নমে জয়লাভ কৰিছে। ৰয়টাৰৰ তথ্য অনুসৰি শুকুৰবাৰে (১ ছেপ্টেম্বৰ) নিৰ্বাচন বিভাগে ঘোষণা কৰে যে শ্বনমুগাৰত্নমে ৭০.৪ শতাংশ ভোট লাভ কৰি জয়লাভ কৰিছে।

শুকুৰবাৰে (১ ছেপ্টেম্বৰ) ছিংগাপুৰত নৱম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ কৰা হয়। য’ত বৃহৎ সংখ্যক লোকে অংশগ্ৰহণ কৰিছিল। ছিংগাপুৰত ২৭ লাখৰো অধিক লোকে ভোটদানৰ যোগ্যতা অৰ্জন কৰাৰ লগতে নিশা ৮ বজালৈ ভোটগ্ৰহণ কেন্দ্ৰ খোলা আছিল। ইয়াৰ পাছত ভোট গণনা আৰম্ভ হ’ল।

৬৬ বছৰীয়া থাৰ্মান শ্বানমুগাৰত্নমৰ উপৰিও ৰাষ্ট্ৰপতি পদৰ বাবে আন দুজন প্ৰাৰ্থী আছিল - চৰকাৰী কোম্পানী এটাৰ প্ৰাক্তন বিনিয়োগ মুৰব্বী এন কক ছং আৰু চৰকাৰী বীমা কোম্পানী এটাৰ প্ৰাক্তন মুৰব্বী টান কিন লিয়ান৷

থাৰ্মান শ্বনমুগাৰত্নম ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ শিক্ষা আৰু বিত্তমন্ত্ৰীৰ পদতো অধিষ্ঠিত হৈ আহিছে। ২০০১ চনত ৰাজনীতিত প্ৰৱেশ কৰা শ্বনমুগাৰত্নমে দুটা দশকৰো অধিক সময় শাসকীয় পিপলছ একচন পাৰ্টি (পিএপি)ৰ সৈতে ৰাজহুৱা খণ্ড আৰু মন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰি আহিছে।ছিংগাপুৰৰ বিদায়ী ৰাষ্ট্ৰপতি হালিমা ইয়াকোবৰ কাৰ্যকাল ১৩ ছেপ্টেম্বৰত শেষ হ’ব। তেওঁ দেশৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। ২০১৭ চনৰ ছিংগাপুৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত সংৰক্ষিত নিৰ্বাচনত কেৱল মালয় সম্প্ৰদায়ৰ সদস্যসকলকহে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিয়া হৈছিল।

সেই সময়ছোৱাত হালিমাক ৰাষ্ট্ৰপতি হিচাপে মনোনীত কৰা হৈছিল কাৰণ আন কোনো প্ৰাৰ্থী তাত নাছিল। ২০১১ চনৰ পিছত ছিংগাপুৰত এইটোৱেই প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন।উল্লেখ্য যে ১৯৯৩ চনৰ ২৮ আগষ্টত ছিংগাপুৰত প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ