--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰটো নিৰোগী হৈ থাকিবলৈ পৰ্যাপ্ত ভিটামিনৰ প্ৰয়োজন৷ আমাৰ দেহৰ বাবে আন আন ভিটামিনৰ লগতে ভিটামিন ইৰো যথেষ্ট প্ৰয়োজন ৷ ভিটামিন ইৰ অভাৱত আমাৰ দেহত স্নায়ুজনিত সমস্যাৰ লগতে চুলি, দাঁত আদিৰ সমস্যায়ো দেখা দিব পাৰে৷  ভিটামিন ই-ৰ অভাৱ হ’লে  হাড়, দাঁত ভঙ্গুৰ হৈ পৰিব পাৰে। ই ভিটামিনৰ অভাৱ হ’লে শৰীৰে পৰ্যাপ্ত পুষ্টি নাপায়।

সেয়ে ৰোগ প্ৰতিৰোধ  ক্ষমতাও হ্ৰাস হয়। সেয়েহে, প্ৰথমে, দৈনিক আহাৰৰ ওপৰত এবাৰ চকু দিয়ক।বিভিন্ন খাদ্য যেনে চিনাবাদাম, আখৰোট, বাদাম, বনস্পতি তেল, কণীৰ কুহুম, ঘেঁহু, চয়াবীন আৰু সূৰ্যমুখী তেল আদি হৈছে ভিটামিন ই-ৰ প্ৰাকৃতিক উৎস। ইয়াৰ লগতে, সেউজীয়া শাক-পাচলি আদিতো ভিটামিন ই পোৱা যায়।

যিসকলে দীৰ্ঘদিন ধৰি কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰি আহিছে, তেওঁলোকে একেবাৰে চৰ্বি নাখায়, তেওঁলোকৰ দেহতো ই ভিটামিনৰ অভাৱ ঘটিব পাৰে। বহুলোকে  প্ৰয়োজনতকৈ কম তেল খায়। আৰু তেওঁলোকৰ ক্ষেত্ৰত, এই ভিটামিন ই-ৰ অভাৱৰ ঘটাৰ আশংকা থাকে। উদ্ভিদৰ পৰা পোৱা তেল হৈছে এই ভিটামিন ই-ৰ সৰ্বশ্ৰেষ্ঠ উৎস। 

পেশীৰ দুৰ্বলতা, পেশীৰ সংকোচন, পেশীৰ মাজত কোনো  এংশত ভাৰসাম্য নোহোৱা যেন হোৱা, সঠিকভাৱে খোজ কাঢ়িব নোৱাৰা আদি হৈছে ভিটামিন ই-ৰ অভাৱত দেখা দিব পৰা সাধাৰণ লক্ষণ। 
ইয়াৰ বাহিৰেও, যদি চৰ্দি, কাহ, জ্বৰ আদিৰ দৰে সঘনাই হোৱা  সমস্যা, শৰীৰৰ বিভিন্ন অংশত বিষ হোৱা আদিও  ভিটামিন ই-ৰ অভাৱত হ’ব পাৰে ।

ভিটামিন ই চকুৰ বাবেও অতি গুৰুত্বপূৰ্ণ। এই ভিটামিনৰ অভাৱৰ ফলত ৰেটিনাত সমস্যা হ'ব পাৰে। ফলস্বৰূপে, দৃষ্টিশক্তি দুৰ্বল হৈ পৰে।

বহুলোকৰ স্নায়ুৰ বিভিন্ন সমস্যা যেনে ডিঙিত, পেশীত বিষ হ’ব পাৰে ।  সেয়েহে যদি আপোনাৰ এনে  সমস্যাই দেখা  দিয়ে , তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ  কৰক। 

ভিটামিন ই-য়ে আমাৰ শৰীৰক পুষ্টি প্ৰদান কৰে। সেয়েহে আপোনাৰ দৈনন্দিন আহাৰত ভিটামিন সমৃদ্ধ খাদ্য ৰাখিব। বিভিন্ন বীজ, বাদাম, সেউজীয়া পাচলি অধিক খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ