--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভুৱা ভিডিঅ’ক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভুৱা ভিডিঅ’ সৃষ্টিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰক গুৰুতৰ চিন্তা বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে চাট-জিপিটি দলটোক ইণ্টাৰনেটত ‘দীপফেক’ ভিডিঅ’ প্ৰচাৰিত হ’লে সতৰ্কবাণী জাৰি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে গৰ্বা নৃত্য কৰাৰ এটা দীপফেক ভিডিঅ’ৰ উদ্ধৃতিও উত্থাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মই অলপতে এটা ভিডিঅ’ দেখিছিলোঁ, য’ত মোক গৰ্বা গান গাই থকা দেখা গৈছিল। অনলাইনত এনে ধৰণৰ আন বহুতো ভিডিঅ’ আছে৷

দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ দেৱালী মিলন কাৰ্যসূচীত সাংবাদিকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমক বিষয়টো সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিবলৈও আহ্বান জনায়৷

তেওঁ কয়, কৃত্ৰিম বুদ্ধিমত্তাৰ সময়ত প্ৰযুক্তিবিদ্যাক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। অভিনেত্ৰী ৰশ্মিকা মান্দন্না, কেটৰিনা কাইফ আৰু কাজলৰ ৰূপান্তৰিত মুখৰ সৈতে দীপফেক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিষয়টো সম্পৰ্কত মুখ খুলিছে৷

কিংবদন্তি অভিনেতা অমিতাভ বচ্চনকে ধৰি চিনেমা উদ্যোগৰ কেইবাটাও কণ্ঠই বিষয়টো কঢ়িয়াই আনি আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে যোৱা সপ্তাহত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহলৈ এনে ভিডিঅ’ বন্ধ কৰাৰ বাবে এক পৰামৰ্শ জাৰি কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক