--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভুৱা ভিডিঅ’ক লৈ উদ্বিগ্ন হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভুৱা ভিডিঅ’ সৃষ্টিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ অপব্যৱহাৰক গুৰুতৰ চিন্তা বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে চাট-জিপিটি দলটোক ইণ্টাৰনেটত ‘দীপফেক’ ভিডিঅ’ প্ৰচাৰিত হ’লে সতৰ্কবাণী জাৰি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে গৰ্বা নৃত্য কৰাৰ এটা দীপফেক ভিডিঅ’ৰ উদ্ধৃতিও উত্থাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, মই অলপতে এটা ভিডিঅ’ দেখিছিলোঁ, য’ত মোক গৰ্বা গান গাই থকা দেখা গৈছিল। অনলাইনত এনে ধৰণৰ আন বহুতো ভিডিঅ’ আছে৷

দিল্লীত দলৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ দেৱালী মিলন কাৰ্যসূচীত সাংবাদিকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমক বিষয়টো সন্দৰ্ভত জনসাধাৰণক সজাগ কৰিবলৈও আহ্বান জনায়৷

তেওঁ কয়, কৃত্ৰিম বুদ্ধিমত্তাৰ সময়ত প্ৰযুক্তিবিদ্যাক দায়িত্বশীলভাৱে ব্যৱহাৰ কৰাটো গুৰুত্বপূৰ্ণ। অভিনেত্ৰী ৰশ্মিকা মান্দন্না, কেটৰিনা কাইফ আৰু কাজলৰ ৰূপান্তৰিত মুখৰ সৈতে দীপফেক ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে আজি বিষয়টো সম্পৰ্কত মুখ খুলিছে৷

কিংবদন্তি অভিনেতা অমিতাভ বচ্চনকে ধৰি চিনেমা উদ্যোগৰ কেইবাটাও কণ্ঠই বিষয়টো কঢ়িয়াই আনি আইনী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে যোৱা সপ্তাহত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহলৈ এনে ভিডিঅ’ বন্ধ কৰাৰ বাবে এক পৰামৰ্শ জাৰি কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক