--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৃষক বিদ্ৰোহে জোঁকাৰি গৈছে সমগ্ৰ দেশ। তিনিখনকৈ কৃষি আইন জাপি দিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছিল সংগ্ৰামী কৃষক সংগঠন। এবছৰতকৈ অধিককাল ধৰি চলা দেশৰ কৃষকসকলৰ নিৰবচ্চিন্ন সংগ্ৰাম, প্ৰতিবাদী কন্ঠই অৱশেষত সৈমান কৰাবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰক। গুৰুনানক জয়ন্তীৰ দিনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষি আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আনকি প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীৰ ওচৰত বিচাৰিছিল ক্ষমা। অৱশ্যে, নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰিলেও তেওঁৰ কথাক বিশ্বাসত ল’ব খোজা নাই সংগ্ৰামী কৃষকে। সংসদৰ অধিৱেশনত তিনিওখন কৃষি আইন বাতিল নোহোৱালৈকে আন্দোলন চলাই যোৱাৰ পণ সংগ্ৰামী কৃষক সংগঠনৰ। ভাৰতবৰ্ষৰ দৰে শক্তিশালী গণতান্ত্ৰিক দেশ এখনত প্ৰধানমন্ত্ৰীৰ কথাক আস্থা আৰু বিশ্বাসত ল’ব নোৱাৰোতো স্বাভাৱিকতে দুৰ্ভাগ্যজনক! অন্নদাতা কৃষকৰ ওচৰত নৰেন্দ্ৰ মোডী চৰকাৰ শিৰণত হ’লেও, কৃষক সকলক আন্দোলন প্ৰত্যাহাৰ কৰি কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ কোৱা কথাই আশ্বস্ত কৰিব পৰা নাই প্ৰতিবাদী কৃষকক। আন্দোলন প্ৰত্যাহাৰ কৰা নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছিল ৰাকেশ টিকাইতে।

এই আন্দোলনত জড়িত ৭০০ শ্বহীদৰ ক্ষতিপূৰণ দিয়াৰো দাবীও জনাইছে কৃষক সংগঠনে। কেন্দ্ৰীয় চৰকাৰে ২৯ নৱেম্বৰত কৃষি আইন বাতিলৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰিছিল। কিন্তু কৃষক সংগঠনৰ নিৰন্তৰ প্ৰতিবাদে শংকিত কৰি তুলিছে নেকি কেন্দ্ৰক! যদি কৰা নাই তেনেহ’লে প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰাৰ উদ্দেশ্যই বা কি? তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাৰ পাছত আজি কেবিনেট বৈঠকত কিষাণ আইন ঘূৰাই লোৱা বিধেয়কখনত অন্তিম মোহৰ মাৰিলে কেন্দ্ৰই। কেবিনেটৰ সৰ্বসন্মতিক্ৰমে কৃষি বিধেয়ক প্ৰত্যাহাৰৰ প্ৰস্তাৱ ইতিমধ্যে গৃহীত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বিয়লি ৩ বজাত বিষয়টোৰ ওপৰত এখন সংবাদমেল অনুষ্ঠিত কৰাৰো সম্ভাৱনা আছে। স্মৰ্তব্য যে, কৃষক সংগঠনৰ এই অদমনীয় স্থিতিয়ে স্বাভাৱিকতে বিপাঙত পেলাইছে কেন্দ্ৰক। কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে কেন্দ্ৰ চৰকাৰে কৃষি আইন বাতিলৰ সিদ্ধান্ত লৈছে সেয়া আৰু বুজিবলৈ বাকী নাই। কিন্তু কেন্দ্ৰ চৰকাৰ এই ৰণনীতিয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত কিদৰে সহায় কৰে সেয়াহে হ’ব লক্ষণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক