--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৃষক বিদ্ৰোহে জোঁকাৰি গৈছে সমগ্ৰ দেশ। তিনিখনকৈ কৃষি আইন জাপি দিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছিল সংগ্ৰামী কৃষক সংগঠন। এবছৰতকৈ অধিককাল ধৰি চলা দেশৰ কৃষকসকলৰ নিৰবচ্চিন্ন সংগ্ৰাম, প্ৰতিবাদী কন্ঠই অৱশেষত সৈমান কৰাবলৈ বাধ্য হ’ল কেন্দ্ৰীয় চৰকাৰক। গুৰুনানক জয়ন্তীৰ দিনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে কৃষি আইন বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আনকি প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীৰ ওচৰত বিচাৰিছিল ক্ষমা। অৱশ্যে, নৰেন্দ্ৰ মোডী ডাঙৰীয়াই কৃষি আইন বাতিল কৰিব বুলি ঘোষণা কৰিলেও তেওঁৰ কথাক বিশ্বাসত ল’ব খোজা নাই সংগ্ৰামী কৃষকে। সংসদৰ অধিৱেশনত তিনিওখন কৃষি আইন বাতিল নোহোৱালৈকে আন্দোলন চলাই যোৱাৰ পণ সংগ্ৰামী কৃষক সংগঠনৰ। ভাৰতবৰ্ষৰ দৰে শক্তিশালী গণতান্ত্ৰিক দেশ এখনত প্ৰধানমন্ত্ৰীৰ কথাক আস্থা আৰু বিশ্বাসত ল’ব নোৱাৰোতো স্বাভাৱিকতে দুৰ্ভাগ্যজনক! অন্নদাতা কৃষকৰ ওচৰত নৰেন্দ্ৰ মোডী চৰকাৰ শিৰণত হ’লেও, কৃষক সকলক আন্দোলন প্ৰত্যাহাৰ কৰি কৃষি কাৰ্যত মনোনিৱেশ কৰিবলৈ কোৱা কথাই আশ্বস্ত কৰিব পৰা নাই প্ৰতিবাদী কৃষকক। আন্দোলন প্ৰত্যাহাৰ কৰা নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছিল ৰাকেশ টিকাইতে।

এই আন্দোলনত জড়িত ৭০০ শ্বহীদৰ ক্ষতিপূৰণ দিয়াৰো দাবীও জনাইছে কৃষক সংগঠনে। কেন্দ্ৰীয় চৰকাৰে ২৯ নৱেম্বৰত কৃষি আইন বাতিলৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ কথা ঘোষণা কৰিছিল। কিন্তু কৃষক সংগঠনৰ নিৰন্তৰ প্ৰতিবাদে শংকিত কৰি তুলিছে নেকি কেন্দ্ৰক! যদি কৰা নাই তেনেহ’লে প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত আজি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত কৰাৰ উদ্দেশ্যই বা কি? তিনিওখন কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাৰ পাছত আজি কেবিনেট বৈঠকত কিষাণ আইন ঘূৰাই লোৱা বিধেয়কখনত অন্তিম মোহৰ মাৰিলে কেন্দ্ৰই। কেবিনেটৰ সৰ্বসন্মতিক্ৰমে কৃষি বিধেয়ক প্ৰত্যাহাৰৰ প্ৰস্তাৱ ইতিমধ্যে গৃহীত কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে বিয়লি ৩ বজাত বিষয়টোৰ ওপৰত এখন সংবাদমেল অনুষ্ঠিত কৰাৰো সম্ভাৱনা আছে। স্মৰ্তব্য যে, কৃষক সংগঠনৰ এই অদমনীয় স্থিতিয়ে স্বাভাৱিকতে বিপাঙত পেলাইছে কেন্দ্ৰক। কেইবাখনো ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই যে কেন্দ্ৰ চৰকাৰে কৃষি আইন বাতিলৰ সিদ্ধান্ত লৈছে সেয়া আৰু বুজিবলৈ বাকী নাই। কিন্তু কেন্দ্ৰ চৰকাৰ এই ৰণনীতিয়ে আগন্তুক বিধানসভাৰ নিৰ্বাচনত কিদৰে সহায় কৰে সেয়াহে হ’ব লক্ষণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে