--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ পাছে পাছে ঘূৰে বিতৰ্ক। অৱশ্যে তেওঁ জানি-শুনি নিজেই বিতৰ্কত সাঙুৰ খাই পৰে। ইচ্ছাকৃতভাবে কংগনাই বাৰে বাৰে বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰাৰ লগতে জনসাধাৰণৰ পৰা নিৰন্তৰ খাই আছে গৰিহনা। কংগনাই ভাৰতৰ স্বাধীনতা, জাতিৰ পিতা মহাত্মা গান্ধী আৰু ঐতিহাসিক কৃষক আন্দোলনৰ সৈতে জড়িত কৃষকসকলক কৰিছে চৰম অপমান। এক অৰ্থত মুখত যি আহে তাকে বলকিব লৈছে অভিনেত্ৰীগৰাকীয়ে। কাৰ ছত্ৰছায়াত পালিত হৈছে কংগনা ৰাণাৱটৰ এই বিষবাস্প বিয়পোৱা মনোভাৱ? ১৯৪৭ চনত ভাৰতবৰ্ষই লাভ কৰা স্বাধীনতাক কংগনাই 'ভিক্ষা' বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে পদ্মশ্ৰী পোৱাৰ পাছতেই কংগনাই কৈছিল যে ''ভাৰতবৰ্ষই ১৯৪৭ চনত স্বাধীনতা পোৱা নাছিল, পাইছিল ২০১৪ চনতহে।''

অনেক বীৰৰ ত্যাগ, শৌৰ্য, পৰাক্ৰমেৰে ১৯৪৭ চনত বৃটিছৰ কবলৰ পৰা মুক্ত হৈ ভাৰতে লাভ কৰা স্বাধীনতাক এনেদৰে কৈ একপ্ৰকাৰ ভেঙুচালি কৰিছিল বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে। ভাৰতে স্বাধীনতা লাভ কৰিছিল অনেক বীৰ-বীৰাংগনাৰ আত্ম বলিদানৰ বাবে। স্বাধীনতাৰ বাবে যদি কোনো শ্বহীদ হৈছিল, কোনো ফাঁচীকাঠত ওলমিছিল আৰু কোনোবাই গুলী খাবলৈ বুকু পাতি দিছিল। এই ত্যাগ তথা বলিদানক স্পৰ্ধা কৰি অভিনেত্ৰীগৰাকীয়ে ক'লে এয়া স্বাধীনতা নহয় এয়া ভিক্ষাহে। ২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পাছতহে প্ৰকৃতাৰ্থত ভাৰতে স্বাধীনতা লাভ কৰিলে বুলি মন্তব্য কংগনা ৰাণাৱটৰ। দেশৰ স্বাধীনতাক লৈ এনেদৰে তীৰ্যক মন্তব্য কৰাৰ পাছতো কিন্তু অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ‘টু’ শব্দ এটাও নকৰিলে বিজেপি শাসিত কেন্দ্ৰ চৰকাৰে। কংগনাৰ মুখত কোনেও লেকাম নলগোৱাৰ বাবে একপ্ৰকাৰ লাই পাই তেওঁ ইটোৰ পিছোত সিটো উদ্ভট মন্তব্য কৰি গৈ আছে। এই চৰকাৰৰ দিনত বৰ্তমান সময়ত মহাত্মা গান্ধীৰ বদনাম আৰু মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গডছেৰ জয়গান চলি আছে। বিজেপি চৰকাৰে সততে গীতাৰ কথা কয়। গীতাৰ প্ৰতিটো কথাই মানি চলিছিল মহাত্মা গান্ধীয়ে। তেনেস্থলত মহাত্মা গান্ধীক কটূ সমালোচনা কৰি থকা বিজেপি নেতা-কৰ্মীসকলে যে কাৰ্যত গীতাৰ সাৰমৰ্ম একো নুবুজে তাকে প্ৰতীয়মান হয়।

মহাত্মা গান্ধীৰ এটি জনপ্ৰিয় নীতি হ’ল-''তোমাক যদি এখন গালত কোনোবাই চৰ মাৰে তেন্তে আনখন গালো পাতি দিবা।'' এই নীতিৰে বাপুজীয়ে মানুহক অহিংসাৰ শিক্ষা দিছিল। ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, ''আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায়৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা ব্ৰিটিছে দিয়া ভিক্ষা আছিল৷ মহাত্মা গান্ধীয়ে আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে৷ এইদৰেই স্বাধীনতা পোৱাতো অসম্ভৱ৷ এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব৷” ইয়াৰ পাছত তেওঁ এইবাৰ কৃষক আন্দোলনৰ সৈতে জড়িত শিখ কৃষকসকলক খালিস্তানী বুলি অভিহিত কৰিছে। দেশৰ অন্নদাতা কৃষকক কৰা ইয়াতকৈ ডাঙৰ অপমান কি হ'ব পাৰে।

এনেদৰে ইটোৰ পাছত সিটো বিতৰ্কিত মন্তব্য কৰাৰ পাছতো কিন্তু অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ‘টু’ শব্দ এটাও কৰা নাই বিজেপি শাসিত কেন্দ্ৰ চৰকাৰে। কংগনাৰ মুখত কোনেও লেকাম নলগোৱাৰ বাবে একপ্ৰকাৰ লাই পাই তেওঁ ইটোৰ পিছোত সিটো উদ্ভট মন্তব্য কৰি গৈ আছে।কংগনা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ মদদপুষ্ট নেকি বুলিও উঠিছে সন্দেহৰ প্ৰশ্ন। কংগনা ৰাণাৱটক ভয় কৰে নেকি কেন্দ্ৰ চৰকাৰে বুলিও উঠিছে অভিযোগ।

সমাজৰ অধিকাংশ লোকেই দাবী কৰিছে যে ভাৰতৰ স্বাধীনতাক অপমান কৰা কংগনা ৰাণাৱটৰ পৰা কেন্দ্ৰ চৰকাৰে পদ্মশ্ৰী, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘূৰাই ল'ব লাগে। সচেতন লোকে এই বিষয়টোৰ সন্দৰ্ভত সমালোচনা কৰি কৈছে যে, ''প্ৰধানমন্ত্ৰী মোদীৰ স্বাধীনতাৰ প্ৰতি যদি নূন্যতম সন্মান থাকে, তেন্তে অনতি পলমে কংগনা ৰাণাৱাটৰ পৰা পদ্মশ্ৰী সন্মান ঘূৰাই ল’ব লাগে। স্বাধীনতা সংগ্ৰামক উপলুঙা কৰাসকল কোনো দেশদ্ৰোহীতকৈ কম নহয়।'' এতিয়া কথা হ'ল কংগনা ৰাণাৱটৰ বিৰুদ্ধে কেতিয়া জাগি উঠিব কেন্দ্ৰ চৰকাৰ নে অভিনেত্ৰীগৰাকীৰ আচৰণক লৈ চকু মুদা কুলিৰ ভাওৱেই ধৰি থাকিব…সেয়াই এই সময়ত লাখটকীয়া প্ৰশ্ন।

আৰু পঢ়কঃ ২০২২ চনে এই ৬ ৰাশিৰ লোকৰ বাবে খুলি দিব সৌভাগ্যৰ দুৱাৰ! কি এই ৬ ৰাশি?


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ