--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে বৃদ্ধি পোৱা পেট্ৰ'ল আৰু ডিজেলৰ দামে বৰকৈ কন্দুৱাইছে সাধাৰণ ৰাইজক। একেবাৰতে দাম নবঢ়াই অলপ অলপকে বঢ়াই জনতাৰ মোৰত ৰামটাঙোন সোধাই আছে চৰকাৰে। এতিয়া সময় এনেকুৱা আহি পৰিছে যে পেট্ৰ'ল আৰু ডিজেল যেন কোনো মূল্যৱান সামগ্ৰীতকৈ কোনো গুণে কম নহয়। বৰ্তমানৰ পৰিস্থিতিত বিবাহৰ উপহাৰতো স্থান পালে পেট্ৰ'ল আৰু ডিজেলে! হয়, আমি আপোনাৰ সৈতে কোনো ধেমালি কৰা নাই। এয়া একেবাৰে সত্য কথা। 

দেশত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য এনেকুৱা যে এতিয়া মানুহে তেওঁলোকৰ বন্ধুবৰ্গৰ বিয়াত ইয়াক উপহাৰ হিচাপে দিয়া আৰম্ভ কৰিছে। অশনি সংকেত হিচাপে দি আছে। শেহতীয়া ঘটনাটো তামিলনাডুৰ চেয়ুৰৰ। গ্ৰেছ কুমাৰ আৰু কীৰ্তনা নামৰ এহাল দৰা-কইনাৰ বন্ধুসকলে তেওঁলোকক বিবাহৰ উপহাৰ হিচাপে ১ লিটাৰ পেট্ৰ'ল আৰু ১ লিটাৰ ডিজেল দিয়ে। বন্ধুবৰ্গৰ এই অনন্য উপহাৰটো দেখি প্ৰথমে নৱবিবাহিত দম্পতী আচৰিত হৈছিল। পিছত দৰা-কইনাই আনন্দেৰে তেওঁলোকৰ বাবে বন্ধুবৰ্গই অনা মৰমৰ উপহাৰটি গ্ৰহণ কৰে।

দৰা-কইনাই পেট্ৰ'ল আৰু ডিজেল উপহাৰ লোৱাৰ সময়ত বন্ধুবৰ্গৰ সৈতে ফটোও উঠিছিল, যিটো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। উল্লেখ্য যে দেশত ২২ মাৰ্চৰ পৰা পেট্ৰ'ল আৰু ডিজেলৰ মূল্য নিৰন্তৰভাৱে বৃদ্ধি হৈ আহিছে। মূল্যবৃদ্ধিয়ে তামিলনাডুতো প্ৰভাৱ পেলাইছে। তামিলনাডুত এক লিটাৰ পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ১১০.৮৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ১০০.৯৪ টকা। মূল্যৰ এই বৃদ্ধিয়ে সাধাৰণ মানুহৰ পকেট দুখী কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ