--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত প্ৰতিদিনে বৃদ্ধি পোৱা পেট্ৰ'ল আৰু ডিজেলৰ দামে বৰকৈ কন্দুৱাইছে সাধাৰণ ৰাইজক। একেবাৰতে দাম নবঢ়াই অলপ অলপকে বঢ়াই জনতাৰ মোৰত ৰামটাঙোন সোধাই আছে চৰকাৰে। এতিয়া সময় এনেকুৱা আহি পৰিছে যে পেট্ৰ'ল আৰু ডিজেল যেন কোনো মূল্যৱান সামগ্ৰীতকৈ কোনো গুণে কম নহয়। বৰ্তমানৰ পৰিস্থিতিত বিবাহৰ উপহাৰতো স্থান পালে পেট্ৰ'ল আৰু ডিজেলে! হয়, আমি আপোনাৰ সৈতে কোনো ধেমালি কৰা নাই। এয়া একেবাৰে সত্য কথা। 

দেশত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য এনেকুৱা যে এতিয়া মানুহে তেওঁলোকৰ বন্ধুবৰ্গৰ বিয়াত ইয়াক উপহাৰ হিচাপে দিয়া আৰম্ভ কৰিছে। অশনি সংকেত হিচাপে দি আছে। শেহতীয়া ঘটনাটো তামিলনাডুৰ চেয়ুৰৰ। গ্ৰেছ কুমাৰ আৰু কীৰ্তনা নামৰ এহাল দৰা-কইনাৰ বন্ধুসকলে তেওঁলোকক বিবাহৰ উপহাৰ হিচাপে ১ লিটাৰ পেট্ৰ'ল আৰু ১ লিটাৰ ডিজেল দিয়ে। বন্ধুবৰ্গৰ এই অনন্য উপহাৰটো দেখি প্ৰথমে নৱবিবাহিত দম্পতী আচৰিত হৈছিল। পিছত দৰা-কইনাই আনন্দেৰে তেওঁলোকৰ বাবে বন্ধুবৰ্গই অনা মৰমৰ উপহাৰটি গ্ৰহণ কৰে।

দৰা-কইনাই পেট্ৰ'ল আৰু ডিজেল উপহাৰ লোৱাৰ সময়ত বন্ধুবৰ্গৰ সৈতে ফটোও উঠিছিল, যিটো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। উল্লেখ্য যে দেশত ২২ মাৰ্চৰ পৰা পেট্ৰ'ল আৰু ডিজেলৰ মূল্য নিৰন্তৰভাৱে বৃদ্ধি হৈ আহিছে। মূল্যবৃদ্ধিয়ে তামিলনাডুতো প্ৰভাৱ পেলাইছে। তামিলনাডুত এক লিটাৰ পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ১১০.৮৫ টকা আৰু ডিজেল প্ৰতি লিটাৰত ১০০.৯৪ টকা। মূল্যৰ এই বৃদ্ধিয়ে সাধাৰণ মানুহৰ পকেট দুখী কৰি তুলিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
চুলি সুন্দৰ কৰি ৰাখিবলৈ মহিলাসকলে প্ৰতিদিনে খাওক এইবোৰ বস্তু
প্ৰেমিকাক ব্লেকমেইল, প্ৰেমিকাৰ হ' বলগীয়া দৰালৈ অশ্লীল ভিডিঅ' প্ৰেৰণ প্ৰেমিকৰ! চৰম সিদ্ধান্ত ল' লে প্ৰেমিকাই
গোৱালপাৰাত ভয়ংকৰ ডকাইতি কাণ্ড! দম্পতীক গুৰুতৰভাৱে আহত কৰি লুটি নিলে লাখ টকা নগদ ধনসহ সোণৰ অলংকাৰ
সকলো ঋতুতে চজিনাৰ গছে দিব ফল
ফ্রান্সত জিলিকিছে ডাঃ সুনয়না নেচাৰ বৰুৱা
শ্ৰীভূমিত শ্ৰেণীকোঠাত একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ আগ্নেয়াস্ত্র
৩-৪ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব জিএছটি পৰিষদৰ ৫৬ সংখ্যক বৈঠক ; চৰকাৰৰ প্ৰস্তাৱক লৈ প্ৰশ্ন উত্থাপন কৰিব এই ৮খন ৰাজ্যই
ৰফিক আলীয়ে পলুৱাই নিছিল সন্তানসহ পৱন বৰ্মনৰ পত্নীক! নাগ্ৰীজুলি আৰক্ষীয়ে তামিলনাডুৰ পৰা কৰিলে উদ্ধাৰ