--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান বেছিভাগ লোকেই শৌচাগাৰলৈ গৈ হয় ফোন ব্যৱহাৰ কৰে নতুবা বাতৰি কাকত পঢ়ে৷কিন্তু আপুনি জানেনে যে আপোনাৰ এই অভ্যাসে আপোনাৰ শৰীৰত বহুতো ৰোগ সৃষ্টি কৰিব পাৰে। বিশেষজ্ঞসকলৰ মতে শৌচালয়ত ১০ মিনিটতকৈ বেছি সময় বহিব নালাগে।

ইউনিভাৰ্চিটি অৱ টেক্সাছ চাউথৱেষ্টাৰ্ণ মেডিকেল চেণ্টাৰৰ কলৰেক্টাল চাৰ্জন ডাঃ লাই জৌৱে কয় যে, ‘এই অভ্যাসে অৰ্শ আৰু দুৰ্বল পেলভিক পেশীৰ সম্ভাৱনা বৃদ্ধি কৰে।যেতিয়া ৰোগীয়ে অভিযোগ লৈ মোৰ ওচৰলৈ আহে তেতিয়া তেওঁলোকৰ অসুখ হোৱাৰ মূল কাৰণটো হ’ল শৌচালয়ত বেছি সময় বহি থকা।’

চিকিৎসা বিজ্ঞানৰ সহকাৰী অধ্যাপক তথা ষ্ট’নি ব্ৰুক মেডিচিনৰ ইনফ্লেমেটৰী বাৱেল ডিজিজ চেণ্টাৰৰ পৰিচালক ডাঃ ফাৰাহ মনজুৰে কয় যে, ‘মানুহে ৫ৰ পৰা ১০ মিনিটতকৈ অধিক সময় শৌচাগাৰত কটাব নালাগে।বহু সময় বহি থাকিলে পেলভিক এৰিয়াত অধিক চাপ পৰিব পাৰে, যাৰ ফলত পায়ুপথৰ পেশী দুৰ্বল হোৱা আৰু পেলভিক ফ্ল’ৰ ডিছফাংচনৰ দৰে ৰোগ হ’ব পাৰে।

শৌচালয়ৰ আসনখন অণ্ডাকাৰ আকৃতিৰ যাৰ বাবে মলদ্বাৰৰ অৱস্থান অতি নিম্ন হৈ পৰে। মাধ্যাকৰ্ষণ শক্তিয়ে শৰীৰৰ তলৰ অংশটো তললৈ টানি আনে, যাৰ ফলত শিৰাবোৰৰ ওপৰত চাপ পৰে। ডাঃ লাই জৌৱে কয় যেতেজ পুনৰ ওলাই যাব নোৱাৰাৰ ফলত মলদ্বাৰ আৰু মলদ্বাৰৰ চাৰিওফালে থকা শিৰা আৰু ৰক্তবাহী নলীবোৰত তেজ ভৰি পৰে, যিয়ে পাইলছৰ সম্ভাৱনা বৃদ্ধি কৰে।"

মনজুৰে কয় যে জোৰকৈ চাপ দিলে পাইলছৰ সম্ভাৱনা বৃদ্ধি পায়। শৌচাগাৰত ফোনত ব্যৱহাৰ কৰা লোকসকলে সময়ৰ হিচাপ নাৰাখে আৰু বহি থকাৰ সময়ত পেশীত হেঁচা প্ৰয়োগ কৰে। ডাঃ লাই জৌৱে কয় যে আজিকালি আমি শৌচাগাৰত অধিক সময় কটোৱা লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা দেখিবলৈ পাইছো আৰু এইটো এনোৰেক্টাল অংগ আৰু পেলভিক ফ্ল’ৰৰ বাবে অতি অস্বাস্থ্যকৰ।

ডাঃ লাই জৌৱে পৰামৰ্শ দিছে যে যদি আপুনি প্ৰতিদিনে মলত্যাগ কৰি অসুবিধা পায়, তেন্তে ১০ মিনিট ইফালে সিফালে ঘূৰি ফুৰিব। ইয়াৰ উপৰিও হাইড্ৰেটিং আৰু ফাইবাৰ সমৃদ্ধ খাদ্য খোৱাটো বাঞ্ছনীয় কাৰণ আঁহযুক্ত খাদ্যই হজম শক্তিত সহায় কৰে। কেতিয়াবা এই সমস্যা গেছৰ বাবেও হ’ব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ