--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমত বন্দী পৃথিৱী। পৃথিৱী সৃষ্টি হোৱাৰে পৰা বৰ্তি আছে প্ৰেম নামৰ মিঠা অনুভৱ। প্ৰেম এক সৰগীয় অনুভূতি। সৰগীয় বাবেহে দুখন অচিন হৃদয় এক বান্ধোনত বান্ধ খাই এক হৈ পৰে। প্ৰেম কোনেনো নকৰে…প্ৰেমে বয়স, জাত-পাত একো বিচাৰ নকৰি মাথোঁ এখন আপোন হৃদয়ৰ সন্ধান কৰে। কিছুমানে এবাৰ বা দুবাৰ আৰু কিছুমানে বেহিচাপ প্ৰেমত পৰে। মুঠৰ ওপৰত প্ৰেমৰ পৰশ নোপোৱাকৈ কোনো নাথাকে, সেয়া লাগিলে ক্ষন্তেকীয়াই হওক বা চিৰস্থায়ীয়েই হওক। প্ৰেমত পৰাটো সাধাৰণ কথা, তাকে লৈ বেলেগ কোনেও ইমান গুৰুত্ব নিদিয়ে।

কিন্তু কিছুমান প্ৰেম কাহিনী ব্যতিক্ৰমী থাকে। এনে প্ৰেম কাহিনী মানুহৰ মাজত চৰ্চাৰ বিষয় হৈ পৰে। এনেকুৱা এক ব্যতিক্ৰমী প্ৰেম কাহিনী বৰ্তমান নেটিজেনসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। এই প্ৰেম কাহিনীত প্ৰেমিকৰ বয়স ৫৮ আৰু প্ৰেমিকাৰ বয়স ২৯। শুনিবলৈ অলপ আজৱ যেন লাগিলেও দুয়োৰে প্ৰেম কিন্তু বহুতৰে বাবে ঈৰ্ষাৰ বিষয়।

@sophiaspallino নামে বিখ্যাত এই প্ৰেমিকযুগল ইনষ্টাগ্ৰামত খুব জনপ্রিয়। ৫৮ বছৰীয়া ৰবাৰ্টৰ ২৯ বছৰীয়া প্ৰেমিকা ছোফিয়াৰ প্ৰেম কাহিনীয়ে ইণ্টাৰনেট জগতত তুলে শিহৰণ। তেওঁলোক যে ইজনে-সিজনক লৈ খুব সুখী সেয়া ফটোসমূহলৈ চালেই বুজিব পাৰি। বৰ্তমান ৰবাৰ্ট আৰু ছোফিয়া টিকটক কৰিও জনপ্ৰিয় হৈ পৰিছে।

আৰু পঢ়কঃ ১০০ ফুট গভীৰ জলপ্ৰপাতত পৰি যোৱা মাতৃ-কন্যাৰ জীৱন বচালে দেৱদূতৰূপী যুৱকে

ৰবাৰ্ট এখন বাৰৰ মালিক। এক অৰ্থত ৰবাৰ্ট কোটিপতি। এই প্ৰেমিক চৰাই হালৰ মাজত বয়সৰ ব্যৱধান প্ৰায় ৩০ বছৰ। কিন্তু বয়সৰ ইমান পাৰ্থক্য থকাৰ স্বত্বেও কোনোদিন তেওঁলোকৰ মাজত মৰম বা বুজাপৰাৰ অভাৱ হোৱা নাই। সকলো সময়তে দুয়ো ইজনে সিজনৰ ছাঁৰ দৰে থাকে।

ছোফিয়াক কোনোবাই প্ৰশ্ন কৰিছিল আপোনাৰ প্ৰেমিক আপোনাতকৈ বয়সত বহু ডাঙৰ, আপোনাৰ একো আপত্তি নাইনে? সেই প্ৰশ্নৰ উত্তৰত ছোফিয়াই কৈছিল ''আপত্তি কিয় থাকিব। প্ৰেম শৰীৰত নাথাকে নহয়.. প্ৰেম হৃদয়ত থাকে..আত্মাত থাকে। মোৰ আত্মাৰ সংগী ৰবাৰ্ট। মানুহৰ হৃদয় যদি চিৰতৰুণ হৈ থাকে তেন্তে বয়স একো বাধা হ'ব নোৱাৰে।মোক ৰবাৰ্টে যিমান বুজি পায় সেয়া হয়তো মোৰ সমবয়সীয়া এজনে বুজি নাপাবও পাৰে। গতিকে প্ৰেমৰ মাজত বয়সৰ ব্যৱধানক লৈ প্ৰশ্ন আহিবই নালাগে।''

উল্লেখ্য যে দুয়োৰে প্ৰেম কাহিনীক অনুসৰণ কৰিবলৈকে ছ'চিয়েল মিডিয়াত দিনক দিনে দুয়োৰে ফ'লোৱাৰ্চ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ