--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমত বন্দী পৃথিৱী। পৃথিৱী সৃষ্টি হোৱাৰে পৰা বৰ্তি আছে প্ৰেম নামৰ মিঠা অনুভৱ। প্ৰেম এক সৰগীয় অনুভূতি। সৰগীয় বাবেহে দুখন অচিন হৃদয় এক বান্ধোনত বান্ধ খাই এক হৈ পৰে। প্ৰেম কোনেনো নকৰে…প্ৰেমে বয়স, জাত-পাত একো বিচাৰ নকৰি মাথোঁ এখন আপোন হৃদয়ৰ সন্ধান কৰে। কিছুমানে এবাৰ বা দুবাৰ আৰু কিছুমানে বেহিচাপ প্ৰেমত পৰে। মুঠৰ ওপৰত প্ৰেমৰ পৰশ নোপোৱাকৈ কোনো নাথাকে, সেয়া লাগিলে ক্ষন্তেকীয়াই হওক বা চিৰস্থায়ীয়েই হওক। প্ৰেমত পৰাটো সাধাৰণ কথা, তাকে লৈ বেলেগ কোনেও ইমান গুৰুত্ব নিদিয়ে।

কিন্তু কিছুমান প্ৰেম কাহিনী ব্যতিক্ৰমী থাকে। এনে প্ৰেম কাহিনী মানুহৰ মাজত চৰ্চাৰ বিষয় হৈ পৰে। এনেকুৱা এক ব্যতিক্ৰমী প্ৰেম কাহিনী বৰ্তমান নেটিজেনসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে। এই প্ৰেম কাহিনীত প্ৰেমিকৰ বয়স ৫৮ আৰু প্ৰেমিকাৰ বয়স ২৯। শুনিবলৈ অলপ আজৱ যেন লাগিলেও দুয়োৰে প্ৰেম কিন্তু বহুতৰে বাবে ঈৰ্ষাৰ বিষয়।

@sophiaspallino নামে বিখ্যাত এই প্ৰেমিকযুগল ইনষ্টাগ্ৰামত খুব জনপ্রিয়। ৫৮ বছৰীয়া ৰবাৰ্টৰ ২৯ বছৰীয়া প্ৰেমিকা ছোফিয়াৰ প্ৰেম কাহিনীয়ে ইণ্টাৰনেট জগতত তুলে শিহৰণ। তেওঁলোক যে ইজনে-সিজনক লৈ খুব সুখী সেয়া ফটোসমূহলৈ চালেই বুজিব পাৰি। বৰ্তমান ৰবাৰ্ট আৰু ছোফিয়া টিকটক কৰিও জনপ্ৰিয় হৈ পৰিছে।

আৰু পঢ়কঃ ১০০ ফুট গভীৰ জলপ্ৰপাতত পৰি যোৱা মাতৃ-কন্যাৰ জীৱন বচালে দেৱদূতৰূপী যুৱকে

ৰবাৰ্ট এখন বাৰৰ মালিক। এক অৰ্থত ৰবাৰ্ট কোটিপতি। এই প্ৰেমিক চৰাই হালৰ মাজত বয়সৰ ব্যৱধান প্ৰায় ৩০ বছৰ। কিন্তু বয়সৰ ইমান পাৰ্থক্য থকাৰ স্বত্বেও কোনোদিন তেওঁলোকৰ মাজত মৰম বা বুজাপৰাৰ অভাৱ হোৱা নাই। সকলো সময়তে দুয়ো ইজনে সিজনৰ ছাঁৰ দৰে থাকে।

ছোফিয়াক কোনোবাই প্ৰশ্ন কৰিছিল আপোনাৰ প্ৰেমিক আপোনাতকৈ বয়সত বহু ডাঙৰ, আপোনাৰ একো আপত্তি নাইনে? সেই প্ৰশ্নৰ উত্তৰত ছোফিয়াই কৈছিল ''আপত্তি কিয় থাকিব। প্ৰেম শৰীৰত নাথাকে নহয়.. প্ৰেম হৃদয়ত থাকে..আত্মাত থাকে। মোৰ আত্মাৰ সংগী ৰবাৰ্ট। মানুহৰ হৃদয় যদি চিৰতৰুণ হৈ থাকে তেন্তে বয়স একো বাধা হ'ব নোৱাৰে।মোক ৰবাৰ্টে যিমান বুজি পায় সেয়া হয়তো মোৰ সমবয়সীয়া এজনে বুজি নাপাবও পাৰে। গতিকে প্ৰেমৰ মাজত বয়সৰ ব্যৱধানক লৈ প্ৰশ্ন আহিবই নালাগে।''

উল্লেখ্য যে দুয়োৰে প্ৰেম কাহিনীক অনুসৰণ কৰিবলৈকে ছ'চিয়েল মিডিয়াত দিনক দিনে দুয়োৰে ফ'লোৱাৰ্চ বৃদ্ধি পাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য