--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ১৯ নৱেম্বৰ। আজিৰ দিনটোত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী।এই চন্দ্ৰগ্ৰহণ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব। ২০০১ৰ পৰা ২১০০ লৈকে এই শতিকাৰ এইটোৱে হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। যোৱা মে’ মাহত ভাৰতৰ পৰা শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ দেখা গৈছিল। সেইবাৰেই এই বছৰৰ প্ৰথম তথা অন্তিমটো ‘ব্লাড মুন’ দেখা গৈছিল।

১৯ নৱেম্বৰত হ’বলগীয়া চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাস নহয় আংশিক চন্দ্ৰগ্ৰহণ হে হ’ব কাৰণ চন্দ্ৰৰ ৯৭শতাংশ ঢকা যাব এই গ্ৰহণত। ১৯ নৱেম্বৰত সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰিব পৃথিৱী। পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলেই আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ। সময় অনুসৰি, দিনৰ ১২ বাজি ৪৮ মিনিটৰ পৰা এই আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪বাজি ১৭ মিনিটত ইয়াৰ সমাপ্তি ঘটিব। মুঠ ৩ঘন্টা ২৮ মিনিট ২৪ছেকেণ্ড ধৰি চলিব এই চন্দ্ৰগ্ৰহণ। অৱশ্যে দেশৰ সকলো প্ৰান্তৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা নাযাব। অসম তথা অৰুণাচল প্ৰদেশৰ পৰা অতি কম সময়ৰ বাবে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।

আৰু পঢ়কঃ যমজ সন্তানৰ মাতৃ হ’ল ‘ডিম্পল গাৰ্ল’ প্ৰীতি জিণ্টা; নৱজাতকৰ নাম ৰাখিলে জয় আৰু জিয়া

উত্তৰ আমেৰিকাবাসীৰ সকলোতকৈ বেছি ভালকৈ এই বিৰল মহাজাগতিক পৰিঘটনা দেখাৰ সৌভাগ্য হ’ব। মেক্সিকোতো ভালদৰে দেখা পোৱা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। আজিৰ এই চন্দ্ৰগ্ৰহণ চলিত বছৰটোৰ দ্বিতীয়টো তথা অন্তিম চন্দ্ৰগ্ৰহণ। ১৪৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত ইমান দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ দেখা গৈছিল।এনে দীৰ্ঘতম আংশিক চন্দ্ৰগ্ৰহণ পুনৰ ২৬৬৯ চনৰ ৮ ফেব্ৰুৱাৰীত দেখা পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু