--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ১৯ নৱেম্বৰ। আজিৰ দিনটোত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী।এই চন্দ্ৰগ্ৰহণ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব। ২০০১ৰ পৰা ২১০০ লৈকে এই শতিকাৰ এইটোৱে হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। যোৱা মে’ মাহত ভাৰতৰ পৰা শেষবাৰৰ বাবে চন্দ্ৰগ্ৰহণ দেখা গৈছিল। সেইবাৰেই এই বছৰৰ প্ৰথম তথা অন্তিমটো ‘ব্লাড মুন’ দেখা গৈছিল।

১৯ নৱেম্বৰত হ’বলগীয়া চন্দ্ৰগ্ৰহণ পূৰ্ণগ্ৰাস নহয় আংশিক চন্দ্ৰগ্ৰহণ হে হ’ব কাৰণ চন্দ্ৰৰ ৯৭শতাংশ ঢকা যাব এই গ্ৰহণত। ১৯ নৱেম্বৰত সূৰ্য আৰু চন্দ্ৰৰ মাজত আহি পৰিব পৃথিৱী। পৃথিৱীৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলেই আৰম্ভ হ’ব চন্দ্ৰগ্ৰহণ। সময় অনুসৰি, দিনৰ ১২ বাজি ৪৮ মিনিটৰ পৰা এই আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪বাজি ১৭ মিনিটত ইয়াৰ সমাপ্তি ঘটিব। মুঠ ৩ঘন্টা ২৮ মিনিট ২৪ছেকেণ্ড ধৰি চলিব এই চন্দ্ৰগ্ৰহণ। অৱশ্যে দেশৰ সকলো প্ৰান্তৰ পৰা এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা নাযাব। অসম তথা অৰুণাচল প্ৰদেশৰ পৰা অতি কম সময়ৰ বাবে এই চন্দ্ৰগ্ৰহণ দেখিবলৈ পোৱা যাব।

আৰু পঢ়কঃ যমজ সন্তানৰ মাতৃ হ’ল ‘ডিম্পল গাৰ্ল’ প্ৰীতি জিণ্টা; নৱজাতকৰ নাম ৰাখিলে জয় আৰু জিয়া

উত্তৰ আমেৰিকাবাসীৰ সকলোতকৈ বেছি ভালকৈ এই বিৰল মহাজাগতিক পৰিঘটনা দেখাৰ সৌভাগ্য হ’ব। মেক্সিকোতো ভালদৰে দেখা পোৱা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। আজিৰ এই চন্দ্ৰগ্ৰহণ চলিত বছৰটোৰ দ্বিতীয়টো তথা অন্তিম চন্দ্ৰগ্ৰহণ। ১৪৪০ চনৰ ১৮ ফেব্ৰুৱাৰীত ইমান দীঘলীয়া আংশিক চন্দ্ৰগ্ৰহণ দেখা গৈছিল।এনে দীৰ্ঘতম আংশিক চন্দ্ৰগ্ৰহণ পুনৰ ২৬৬৯ চনৰ ৮ ফেব্ৰুৱাৰীত দেখা পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ