--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যিসকলে বলীউডৰ জনপ্ৰিয় ছবি 'গজিনী' চাইছিল তেওঁলোকৰ নিশ্চয় মনত আছে আমিৰ খানে ৰূপায়ন কৰা চৰিত্ৰটোৱে কথাবোৰ পাহৰি যোৱা ৰোগত ভূগিছিল। চৰিত্ৰটোক 'এণ্টেৰোগ্ৰেড এমনেছিয়া' বা 'হ্ৰস্বম্যাদী স্মৃতিশক্তি লোপ' নামৰ সমস্যাত ভুগি থকা দেখুওৱা হৈছিল। এইবাৰ ৰীল লাইফত নহয় ৰিয়েল লাইফত পোৱা গ'ল গজিনীক। ছয় বছৰ আগতে এক গাড়ী দুৰ্ঘটনাত পতিত হোৱা এজন যুৱকৰ মগজু ইমান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছিল যে তেওঁ কেৱল ছয় ঘণ্টাৰ স্মৃতিহে ধৰি ৰাখিব পাৰে। ছয় ঘণ্টাৰ মূৰে মূৰে তেওঁ পাহৰি পেলায় সকলো কথা।

জাৰ্মানীৰ ডেনিয়েল শ্মিটে নামৰ যুৱকজনে তেওঁৰ পুৰণি জীৱনটোলৈ ঘূৰি যাবৰ বাবে তীব্ৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁ সফল হোৱা নাই। ডেনিয়েলে কয় যে কেৱল ছয় ঘণ্টাৰ বাবেহে তেওঁৰ সকলো বস্তু মনত থাকে। যদি তেওঁ ভ্ৰমণ কৰা ঠাই আৰু তেওঁ লগ পোৱা লোকসকলৰ টোকা প্ৰস্তুত নকৰে তেন্তে সেইবোৰ তেওঁৰ স্মৃতিৰ পৰা সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায়। দুৰ্ঘটনাটোৰ দিনা যুৱকজনে তেওঁৰ ভনীয়েকক লগ কৰিবলৈ গৈ আছিল। ট্ৰেফিক জামত ফচি থাকোতেই পিছফালৰ পৰা এখন বাহনে ডেনিয়েলৰ গাড়ীখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই খুন্দাত মগজুত গুৰুতৰ আঘাত পাইছিল ডেনিয়েলে।

আৰু পঢ়কঃ সপোন নহ’ল পূৰণ! বিয়াৰ বজাৰ কৰিবলৈ গৈ কৰুণ মৃত্যুক সাবটিলে প্ৰেমিক-প্ৰেমিকাই

চিকিৎসাৰ অন্তত তেওঁৰ প্ৰাণৰক্ষা কৰিব পৰা গ'ল যদিও কথা পাহৰা ৰোগটোৱে তেওঁৰ মগজুত থিতাপি ল'লে। ডেনিয়েলে কৰা বা কৰিব লগা কামবোৰ মনত ৰাখিবলৈ একমাত্ৰ ডায়েৰীয়েই সাৰথি। ডায়েৰীখন খুলি নল'লে স্তব্ধ হৈ পৰে তেওঁৰ দিনবোৰ। যুৱকজনৰ ডায়েৰীৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ আছে। ডায়েৰীত লিখি থোৱা কথাবোৰ পঢ়িলেও ডেনিয়েলে একো মনত পেলাব নোৱাৰে যে ৬ ঘণ্টা বা তাৰ পূৰ্বে তেওঁ এইটো কাম কৰিছিল বা এইজন মানুহক লগ পাইছিল। স্মৃতি বিভ্ৰমত ভুগি থাকিলেও তেওঁৰ যে মৃত্যু নঘটিল সেই কথাতেই নিজৰ জীৱনক ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ শিকিছে ডেনিয়েলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ