--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • হিমাচল প্ৰদেশত প্ৰস্তুত কৰা ৬৮বিধ আৰু পঞ্জাবৰ ৮বিধ ঔষধ নিম্ন মানৰ বুলি প্রমাণিত হৈছে।

ডিজিটেল ডেস্ক : সমগ্ৰ দেশত প্রস্তুত কৰা ২২১বিধ ঔষধৰ নমুনা গুণগত মানৰ পৰীক্ষাত ব্যৰ্থ হৈছে। কেন্দ্রীয় ঔষধি মান নিয়ন্ত্রক সংস্থাই (চি ডি এছ চি অ') জাৰি কৰা শেহতীয়া ড্রাগছ সতর্কবাণীত এই তথ্য প্রকাশ পাইছে। ইয়াৰ ভিতৰত হিমাচল প্রদেশ আৰু পঞ্জাবত উৎপাদিত ৭১বিধ ঔষধৰ নমুনাই মান পৰীক্ষাত ব্যৰ্থ হৈছে।


হিমাচল প্ৰদেশত প্ৰস্তুত কৰা ৬৮বিধ আৰু পঞ্জাবৰ ৮বিধ ঔষধ নিম্ন মানৰ বুলি প্রমাণিত হৈছে। এই মান পৰীক্ষাত ব্যর্থ হোৱা ঔষধবোৰৰ ভিতৰত শিশুৰ কাহৰ ছিৰাপ, হৃদৰোগ, বৃক্ক (কিডনী) আৰু চকুৰ গুৰুতৰ বেমাৰৰ বাবে ব্যৱহৃত প্রয়োজনীয় ঔষধো অন্তর্ভুক্ত হৈ আছে। 


আনহাতে, সমগ্ৰ দেশৰ ২২১বিধ ঔষধ নিম্ন মানৰ বুলি পৰীক্ষাগাৰত প্ৰমাণিত হৈছে। ইয়াৰ ভিতৰত ১৯১টা ঔষধৰ নমুনা ৰাজ্যিক ড্রাগ টেষ্টিং লেবৰেটৰী আৰু ২৯টা নমুনা কেন্দ্ৰীয় গৱেষণাগাৰৰ পৰীক্ষাত বিফল হয়। চি ডি এছ চি অ'ৰ ড্রাগ এলাৰ্টৰ মতে, হিমাচলৰ ৬৮টা, উত্তৰাখণ্ডৰ ৩৯টা, গুজৰাটৰ ১৭টা, মহাৰাষ্ট্ৰৰ ১৬টা, মধ্য প্রদেশৰ ১২টা, তামিলনাডু আৰু হাৰিয়ানাৰ ১১টাকৈ, ছিকিম আৰু উত্তৰ প্ৰদেশৰ ৯টাকৈ আৰু পঞ্জাবৰ ৮টা ঔষধৰ নমুনা মান পৰীক্ষাত ব্যৰ্থ হৈছে। হিমাচল প্ৰদেশৰ বাদ্দী, বৰোতিৱালা, তালাগড়, ঝাৰমাজৰী, দৱনী, ছোলন আৰু কাংগৰা আদিত থকা ঔষধ প্রস্তুতকাৰী ফেক্টৰীৰ ৬৮টা ঔষধ নিম্নমানৰ বুলি প্রমাণিত হৈছে। 


সমগ্ৰ দেশৰ মান পৰীক্ষাত ব্যর্থ হোৱা ঔষধবোৰৰ তালিকাত এন্টিবায়'টিক, ডায়েবেটিছ, হৃদৰোগৰ টেবলেট (যেনে- ক্লপিড'গ্রেল), এছ টি ডিৰ ঔষধ, বেজী আৰু শিশুৰ কাহ-জ্বৰৰ ছিৰাপ আদি আছে। পৰীক্ষাত দেখা গৈছে যে বহুতো ঔষধ শৰীৰত সঠিকভাৱে দ্রবীভূত হোৱা নাই।


কিছুমান বেজীত অস্বাভাৱিক কণা পোৱা গৈছে, যিটো স্বাস্থ্যৰ বাবে অতি বিপজ্জনক। হিমাচল আৰু পঞ্জাবৰ ঔষধ নিয়ন্ত্রকে সংশ্লিষ্ট ফার্মাচিউটিকেল কোম্পানীবোৰলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে আৰু বজাৰৰ পৰা ঔষধবোৰৰ সমগ্ৰ ষ্টক ঘূৰাই ল'বলৈ নির্দেশ দিছে।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ