--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: কংগ্ৰেছৰ শাসনৰ সময়তো যোগান মন্ত্ৰীয়ে দিয়া আশ্বাসৰ বাহিৰে আৰ্থিক দিশটোত কোনো লাভাম্বিত নহ’ল কৃষকসকল৷ বজাৰ মূল্যৰ প্ৰায় ৫০শতাংশতকৈ কমকৈ মূল্য লাভ কৰে উৎপাদনকাৰীয়ে৷ মধ্যভোগীৰ গৰাহত প্ৰকৃত খেতিয়কসকলে লাভ কৰিবলৈ সক্ষম নহয় উৎপাদিত সামগ্ৰীৰ প্ৰকৃত মূল্য৷ পূৰ্বৰ বিজেপি চৰকাৰৰ দিনতো দামবৃদ্ধিয়ে জুৰুলা কৰাৰ পাছতো যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ নেতৃত্বত সাধাৰণ কৃষকৰ হাতলৈ উচিত মূল্য যোৱা নাছিল৷ যাৰ বাবে কঠোৰ পৰিশ্ৰমৰ পাছতো লাভাম্বিত নোহোৱা কৃষকে হতাশাৰে দিন পাৰ কৰিব লগা হৈছে৷

ইয়াৰ পাছতো বৰ্তমান প্ৰায়ে বৃদ্ধি হোৱা শাক-পাচলিৰ মূল্যৰ মাত্ৰ ১০শতাংশহে সাধাৰণ কৃষকে লাভ কৰিবলৈ সক্ষম হয়৷ অসমৰ বিশেষকৈ শাক-পাচলি উৎপাদন প্ৰধান অঞ্চল খাৰুপেটীয়া, ধিং আদিত কৃষকৰ পৰা অতি কম মূল্যতে সামগ্ৰী ক্ৰয় কৰি এচাম মধ্যভোগীয়ে কৃষকৰ পাবলগীয় মুনাফা আদায় কৰি আছে৷ যাৰ বাবে বজাৰত চৰা দামত সামগ্ৰী ক্ৰয় কৰিলেও সাধাৰণ খেতিয়কৰ অৱস্থা পূৰ্বৰ দৰেই থকা পৰিলক্ষিত হয়৷

মূল্যবৃদ্ধি বৰ্তমান সাধাৰণ লোকৰ বাবে এক বোজা হৈ পৰিছে৷ দিনে-নিশাই কঁকালৰ ঘাম মাটিত পেলাই দিনটোৰ ভাতমুঠি যোগাৰ কৰা সাধাৰণ কৃষকজনে লাভ কৰিছেনে উচিত মূল্য? ইখনৰ পাছত সিখনকৈ সলনি হোৱা চৰকাৰে দিয়া আশ্বাসৰ বাহিৰে সমাধানৰ পথ বিছাৰি উলিওৱাত সক্ষম হোৱা নাই৷ যাৰ বাবে মূল্যবৃদ্ধি হ’লেও লাভাম্বিত হোৱা নাই সাধাৰণ কৃষকসকল৷

অৱশ্যে বৰ্তমান চৰকাৰৰ যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শেহতীয়াকৈ এক সংবাদমেলৰ জৰিয়তে মধ্যভোগীক নিয়ন্ত্ৰণ কৰাৰ প্ৰচেষ্টা হাতত লোৱাৰ কথা প্ৰকাশ কৰে যদিও সেয়া কিমান ফলপ্ৰসু হয়, সেয়া পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব৷ খেতিয়কৰ ফচলৰ উচিত মূল্যত যাতে মধ্যভোগীৰ হাত নপৰে তাৰ ওপৰত বিশেষ ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ