ডিজিটেল ডেস্ক: দেশৰ সৰ্বাধিক ধনী ব্যক্তিৰ তালিকাত পুনৰ এক ডাঙৰ সালসলনি ঘটিছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ স্বত্বাধিকাৰী মুকেশ আম্বানীক চেৰ পেলাই পুনৰবাৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে গৌতম আদানী। শেহতীয়াকৈ প্ৰকাশিত 'এম ৩ এম হুৰুণ ইণ্ডিয়াৰ ধনী তালিকা' অনুসৰি এই তথ্য পোহৰলৈ আহিছে।
তালিকা অনুসৰি, আদানী পৰিয়ালৰ মুঠ সম্পত্তি ১৩ শতাংশ বৃদ্ধি পাই ৯.২৩ লাখ কোটি টকাত উপনীত হৈছে। ইফালে, দ্বিতীয় স্থানত অৱতীৰ্ণ হোৱা মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ সম্পত্তি ১০ শতাংশ হ্ৰাস পাই ৮.৬৩ লাখ কোটি টকা হৈছে। বৰ্তমান দেশৰ এই দুই শীৰ্ষ উদ্যোগপতিৰ মাজত ৫৯,৪০০ কোটি টকাৰ ব্যৱধান আছে।
গৌতম আদানী আৰু মুকেশ আম্বানীৰ পিছতে ষ্টীল টাইকুন লক্ষ্মী মিট্টল আৰু তেওঁৰ পৰিয়ালে তৃতীয় স্থানলৈ উত্থান ঘটাইছে। তেওঁলোকৰ সম্পত্তি ৯৩ শতাংশ বৃদ্ধি পাই ৩.৩৯ লাখ কোটি টকা হৈছেহি। মাত্ৰ এবছৰৰ ভিতৰতে তেওঁলোকৰ সম্পত্তি ১.৬৪ লাখ কোটি টকা বৃদ্ধি পাইছে, যিটো এই তালিকাৰ সৰ্বাধিক বৃদ্ধি। হুৰুণৰ মতে, ইউৰোপত তীখাৰ মূল্য বৃদ্ধি আৰু বাণিজ্যিক সুৰক্ষাৰ ফলত এই বিপুল সম্পদ বৃদ্ধি পাইছে।
মনোৰঞ্জন জগতলৈ চালে, ভাৰতীয় চিনেমাৰ আটাইতকৈ চহকী অভিনেতা হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে 'কিং খান' শ্বাহৰুখ খানে। প্ৰায় ১০,০০০ কোটি টকাৰ সম্পত্তিৰে তেওঁ বলীউডৰ আন যিকোনো প্ৰতিযোগী অভিনেতাতকৈ বহু দূৰত আগবাঢ়ি আছে।
শ্বাহৰুখ খানৰ পাছতে অভিনেতাৰ তালিকাৰ দ্বিতীয় স্থানত আছে চিৰসেউজ অভিনেতা অমিতাভ বচ্চন। তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪ হাজাৰ কোটি টকা বুলি অনুমান কৰা হৈছে।
বৰ্তমানৰ প্ৰযুক্তিগত যুগক প্ৰতিফলিত কৰি এইবাৰ প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা বা এআই (AI) খণ্ডটোক এক পৃথক শ্ৰেণী হিচাপে তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই খণ্ডৰ ১৯ গৰাকী ব্যক্তিয়ে স্থান দখল কৰিছে, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩.০৭ লাখ কোটি টকা।
ইয়াৰে ১৫ জনেই প্ৰথমবাৰৰ বাবে ধনী ব্যক্তিৰ তালিকাত প্ৰৱেশ কৰিছে। বিশেষকৈ, এআই ষ্টাৰ্টআপ উইচপ্ৰ ফ্ল’ৰ (Wispr Flow) সহ-প্ৰতিষ্ঠাপক তনয় কোথাৰী আৰু সহজ গাৰ্গৰ বয়স মাত্ৰ ২৮ বছৰ আৰু তেওঁলোকৰ সম্পত্তিৰ মূল্য ৪,২০০ কোটি টকা। বৰ্তমানৰ নৱপ্ৰজন্মৰ উচ্চাকাংক্ষী টেক উদ্যোগীসকলৰ বাবে তেওঁলোক এক নতুন আদৰ্শ হৈ পৰিছে।
শীৰ্ষ চহৰ: ৪৬৫ জন কোটিপতিৰে মুম্বাই দেশৰ সৰ্ববৃহৎ সম্পদ কেন্দ্ৰ হিচাপে শীৰ্ষ স্থানত আছে। ইয়াৰ পিছতে ২৩৬ জন কোটিপতিৰে নতুন দিল্লী দ্বিতীয় আৰু ১২৯ জন কোটিপতিৰে বেংগালুৰু তৃতীয় স্থানত আছে।
মহিলাৰ প্ৰভাৱ: তালিকাখনত মহিলাৰ সংখ্যাও বৃদ্ধি পাইছে। যোৱা বছৰৰ ১০০ গৰাকীৰ বিপৰীতে এইবাৰ ১৩১ গৰাকী মহিলাই স্থান লাভ কৰিছে। ২.৭৯ লাখ কোটি টকাৰ সম্পত্তিৰে ৪৪ বছৰীয়া ৰোশনী নাদৰ মালহোত্ৰা ভাৰতৰ আটাইতকৈ ধনী মহিলা হিচাপে পৰিগণিত হৈছে। HCL Techৰ চেয়াৰপাৰ্চন ৰোশনী নাদৰ।
ইয়াৰোপৰি, ভাৰতৰ বাহিৰত বসবাস কৰা ১৫৬ জন প্ৰবাসী ভাৰতীয়ৰ নামো এই তালিকাত অন্তৰ্ভুক্ত হৈছে, যিসকলৰ ৯০ জন আমেৰিকাত আৰু ৩১ জন সংযুক্ত আৰব আমিৰশ্বাহীত (UAE) বসবাস কৰে।