--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। ভাৰতীয়সকলৰ মাজত এই দিৱস ভাষাৰ প্ৰতি সন্মান আৰু গৌৰৱৰ প্ৰতীক। হিন্দী দিৱস উপলক্ষে বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ত বহু ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সমগ্ৰ বিশ্বতে হিন্দী ভাষাৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে ।


উল্লেখ্য যে ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দীক আনুষ্ঠানিক ভাষাৰ মৰ্যাদা দিয়া হৈছিল। তেতিয়াৰ পৰাই ১৪ ছেপ্টেম্বৰ দিনটো হিন্দী দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিলে ।

ভাৰতৰ বাবে হিন্দী কেৱল ভাষা নহয়, দেশৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐক্যৰ প্ৰতীক। হিন্দী দিৱসৰ বিশেষ গুৰুত্ব শিশুসকলক স্কুলীয়া দিনৰ পৰাই বুজাই দিয়া হয় । হিন্দী ভাষাৰ উৎপত্তি সংস্কৃতৰ পৰা, ইয়াৰ লিপি দেৱনাগৰী। ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে এই ভাষা কোৱা হয়। ইয়াৰ সাহিত্য বুৰঞ্জী অতি চহকী। উত্তৰ ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে মানুহে নিজৰ মাজতে কেৱল হিন্দীতে কথা পাতে। 


মহাদেৱী ভাৰ্মা, মুনশী প্ৰেমচান্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰামধৰি সিং দিনকৰ, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, সূৰ্য্যকান্ত ত্ৰিপাঠী নিৰালাৰ দৰে মহান কবি আৰু সাহিত্যিকসকলে সমগ্ৰ বিশ্বতে হিন্দী সাহিত্যক এক বিশেষ পৰিচয় দিছে। বেছিভাগ নাটক এওঁলোকৰ ওপৰত আধাৰিত। এই মহান সাহিত্যিকসকলৰ সাহিত্যক দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ কৰি হিন্দী ভাষাৰ সম্প্ৰসাৰণ আৰু ভাৰতীয় সাংস্কৃতিৰ আভাস দেখুওৱা হয়। এই নাটকসমূহৰ পৰা বহু ছবিও নিৰ্মাণ কৰা হৈছে।


হিন্দী দিৱস কিয় পালন কৰা হয় ?

১) ভাৰতৰ আনুষ্ঠানিক ভাষা : ভাৰতৰ সংবিধান সভাত ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয়। এই দিনটোক বিশেষ কৰি তুলিবলৈ প্ৰতি বছৰে এই দিনটোত হিন্দী দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৪ ছেপ্টেম্বৰক হিন্দী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল।

২)ভাষাৰ প্ৰতি সন্মান : হিন্দী ভাষাৰ বাবে এটা দিন নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। এই দিৱসৰ উদ্দেশ্য হৈছে হিন্দী ভাষাৰ ব্যৱহাৰৰ প্ৰসাৰ আৰু ইয়াৰ গুৰুত্বৰ প্ৰতি মানুহক সচেতন কৰা। যুৱক-যুৱতীসকলৰ মাজত হিন্দীৰ প্ৰতি প্ৰৱণতা বৃদ্ধিৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ত ৰচনা, কবিতা আবৃত্তি, লেখা, নাটক আদি বহু ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।


বিশ্বজুৰি হিন্দী ভাষাৰ ৰেংকিং কি?

বিশ্বৰ সৰ্বাধিক কথিত ভাষাৰ তালিকাত তৃতীয় স্থানত আছে হিন্দী। উল্লেখ্য যে প্ৰথম নম্বৰত ইংৰাজী আৰু দ্বিতীয় নম্বৰত ষ্টেণ্ডাৰ্ড চাইনিজ। সমগ্ৰ বিশ্বৰ প্ৰায় ৬০.৮৮ কোটি লোকে হিন্দী ভাষাক নিজৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। বহু বিদেশী ছ’চিয়েল মিডিয়াৰ তাৰকাও হিন্দীৰ দ্বাৰা প্ৰভাৱিত হৈ এই ভাষাত ভিডিঅ’ নিৰ্মাণ কৰি আছে। আনকি কিছুমানে ভাৰতত আহি বসতি স্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ