--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰতি বছৰে ১৪ ছেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয়। ভাৰতীয়সকলৰ মাজত এই দিৱস ভাষাৰ প্ৰতি সন্মান আৰু গৌৰৱৰ প্ৰতীক। হিন্দী দিৱস উপলক্ষে বিদ্যালয়, মহাবিদ্যালয় আৰু কাৰ্যালয়ত বহু ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয়। সমগ্ৰ বিশ্বতে হিন্দী ভাষাৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে ।


উল্লেখ্য যে ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দীক আনুষ্ঠানিক ভাষাৰ মৰ্যাদা দিয়া হৈছিল। তেতিয়াৰ পৰাই ১৪ ছেপ্টেম্বৰ দিনটো হিন্দী দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰিলে ।

ভাৰতৰ বাবে হিন্দী কেৱল ভাষা নহয়, দেশৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐক্যৰ প্ৰতীক। হিন্দী দিৱসৰ বিশেষ গুৰুত্ব শিশুসকলক স্কুলীয়া দিনৰ পৰাই বুজাই দিয়া হয় । হিন্দী ভাষাৰ উৎপত্তি সংস্কৃতৰ পৰা, ইয়াৰ লিপি দেৱনাগৰী। ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে এই ভাষা কোৱা হয়। ইয়াৰ সাহিত্য বুৰঞ্জী অতি চহকী। উত্তৰ ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে মানুহে নিজৰ মাজতে কেৱল হিন্দীতে কথা পাতে। 


মহাদেৱী ভাৰ্মা, মুনশী প্ৰেমচান্দ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰামধৰি সিং দিনকৰ, শৰৎ চন্দ্ৰ চট্টোপাধ্যায়, সূৰ্য্যকান্ত ত্ৰিপাঠী নিৰালাৰ দৰে মহান কবি আৰু সাহিত্যিকসকলে সমগ্ৰ বিশ্বতে হিন্দী সাহিত্যক এক বিশেষ পৰিচয় দিছে। বেছিভাগ নাটক এওঁলোকৰ ওপৰত আধাৰিত। এই মহান সাহিত্যিকসকলৰ সাহিত্যক দেশ-বিদেশৰ বিভিন্ন অনুষ্ঠানত ব্যৱহাৰ কৰি হিন্দী ভাষাৰ সম্প্ৰসাৰণ আৰু ভাৰতীয় সাংস্কৃতিৰ আভাস দেখুওৱা হয়। এই নাটকসমূহৰ পৰা বহু ছবিও নিৰ্মাণ কৰা হৈছে।


হিন্দী দিৱস কিয় পালন কৰা হয় ?

১) ভাৰতৰ আনুষ্ঠানিক ভাষা : ভাৰতৰ সংবিধান সভাত ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰত হিন্দী ভাষাক দেশৰ চৰকাৰী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হয়। এই দিনটোক বিশেষ কৰি তুলিবলৈ প্ৰতি বছৰে এই দিনটোত হিন্দী দিৱস পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৪ ছেপ্টেম্বৰক হিন্দী দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল।

২)ভাষাৰ প্ৰতি সন্মান : হিন্দী ভাষাৰ বাবে এটা দিন নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। এই দিৱসৰ উদ্দেশ্য হৈছে হিন্দী ভাষাৰ ব্যৱহাৰৰ প্ৰসাৰ আৰু ইয়াৰ গুৰুত্বৰ প্ৰতি মানুহক সচেতন কৰা। যুৱক-যুৱতীসকলৰ মাজত হিন্দীৰ প্ৰতি প্ৰৱণতা বৃদ্ধিৰ বাবে বিদ্যালয়-মহাবিদ্যালয়ত ৰচনা, কবিতা আবৃত্তি, লেখা, নাটক আদি বহু ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হয়।


বিশ্বজুৰি হিন্দী ভাষাৰ ৰেংকিং কি?

বিশ্বৰ সৰ্বাধিক কথিত ভাষাৰ তালিকাত তৃতীয় স্থানত আছে হিন্দী। উল্লেখ্য যে প্ৰথম নম্বৰত ইংৰাজী আৰু দ্বিতীয় নম্বৰত ষ্টেণ্ডাৰ্ড চাইনিজ। সমগ্ৰ বিশ্বৰ প্ৰায় ৬০.৮৮ কোটি লোকে হিন্দী ভাষাক নিজৰ মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। বহু বিদেশী ছ’চিয়েল মিডিয়াৰ তাৰকাও হিন্দীৰ দ্বাৰা প্ৰভাৱিত হৈ এই ভাষাত ভিডিঅ’ নিৰ্মাণ কৰি আছে। আনকি কিছুমানে ভাৰতত আহি বসতি স্থাপন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন