--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজি ১৯ নৱেম্বৰ। আজিৰ দিনটোত দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী।এই চন্দ্ৰগ্ৰহণ ৩ঘন্টা ২৮ মিনিট ২৩ ছেকেণ্ড ধৰি থাকিব। ২০০১ৰ পৰা ২১০০ লৈকে এই শতিকাৰ এইটোৱে হ’ব দীৰ্ঘতম চন্দ্ৰগ্ৰহণ। ৫৮০ বছৰৰ পাছত আজি দেখা যাব এই বিৰল চন্দ্ৰগ্ৰহণ। সময় অনুসৰি, দিনৰ ১২ বাজি ৪৮ মিনিটৰ পৰা এই আংশিক চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি ৪বাজি ১৭ মিনিটত ইয়াৰ সমাপ্তি ঘটিব। মুঠ ৩ঘন্টা ২৮ মিনিট ২৪ছেকেণ্ড ধৰি চলিব এই চন্দ্ৰগ্ৰহণ। জ্যোতিষ শাস্ত্ৰত চন্দ্ৰগ্ৰহণৰ সময়ছোৱাত কি কি কৰিব আৰু কি কি নকৰিব তাৰবিষয়ে উল্লেখ আছে। সেই নিয়মসমূহ মানি চলিলে নিজৰ জীৱনৰ বাবে মংগল বুলি বিশ্বাস কৰা হয়।

কি কি কৰিব-

১. গ্ৰহণৰ সময়ত অগ্নি দেৱতাক স্মৰণ কৰক আৰু ঈশ্বৰৰ ওপৰত ধ্যান কৰক। 
২. গ্ৰহণৰ সময়ত গুৰু মন্ত্ৰ জপ কৰক বা মহামৃত্যঞ্জয় মন্ত্ৰ জপ কৰক। 
৩. গ্ৰহণৰ সময়ত গৰু বা অন্য জন্তু আৰু চৰাইবোৰক খাদ্য খুৱাওক। 
৪. এই সময়ছোৱাত দৰিদ্ৰ লোকসকলক দান কৰাটোও শুভ বুলি গণ্য কৰা হয়। 

আৰু পঢ়কঃ ‘আনখন গাল আগবঢ়াই দিবলৈ সাহস লাগে‘; কংগনাক উভতি ধৰিলে মহাত্মা গান্ধীৰ নাতিয়ে

কি কি নকৰিব-

১.চন্দ্ৰগ্ৰহণৰ সময়ত চুলিত তেল নাসানিব।
২.এই সময়ত খাদ্য গ্ৰহণ কৰাটো নিষিদ্ধ। 
৩.চন্দ্ৰগ্ৰহণৰ সময়ত টোপনি নাযাব। 
৪.এই সময়ছোৱাত পাত আৰু ফুল ছিঙিব নালাগে। 
৫.চন্দ্ৰগ্ৰহণৰ সময়ত কোনো শুভ কাম নকৰিব। 
৬.এই সময়ছোৱাত কোনো মূৰ্তি স্পৰ্শ নকৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন