--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ কৃষকৰ ধাৰাবাহিক প্ৰতিবাদত সেও মানিলে কেন্দ্ৰই৷ কৃষকৰ আগত শিৰোধাৰ্য কৰি তিনিওখন কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তাৰপাছতেই বিভিন্ন মহলত সমালোচিত হৈছে মোদী৷ কিন্তু ইয়াৰ সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে উদ্ভট মন্তব্য কৰে৷ যাৰ ফলত কটু সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী৷ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম প্ৰফাইলৰ জৰিয়তে কৃষি আইন বাতিলৰ ওপৰত এটা পোষ্ট আপলোড কৰে৷ এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে ভাৰতক জেহাদী ৰাষ্ট্ৰ বুলি অভিহিত কৰে। যাৰ ফলত জাঙুৰ খাই উঠে৷

আজি মোদীয়ে এখন সংবাদমেল সম্বোধন কৰি কৃষি আইন বাতিলৰ সিদ্ধান্তৰ কথা অৱগত কৰিছিল৷ তেওঁ প্ৰতিবাদ বন্ধ কৰিবলৈ কৃষকক আহ্বানো জনাইছিল৷ মোদীয়ে সংবাদমেলখনত কৈছিল, কৃষি আইনৰ উদ্দেশ্য সৎ আছিল, কিন্তু কৃষকক বুজাব নোৱাৰিলো৷ কৃষকসকলৰ হিতৰ বাবেই অনা হৈছিল এই আঁচনি৷ কিন্তু আমি কৃষকসকলক পতিয়ন নিয়াব নোৱাৰিলো৷

তাৰপাছতেই ইনষ্টাগ্ৰামযোগে ভাৰতক জেহাদী ৰাষ্ট্ৰ বুলি অবিহিত কৰে অভিনেত্ৰী কংগনা ৰানাৱটে৷ ইপিনে অভিনেত্ৰীগৰাকীক প্ৰদান কৰা পদ্মশ্ৰী বঁটাক লৈয়ো বিভিন্নজনে আপত্তি দৰ্শাইছিল৷ একাংশই এই বঁটাক লৈ তীব্ৰ বিৰোধিতা কৰাৰ লগতে আন একাংশই কৰিছিল সমালোচনা। একাংশই উত্থাপন কৰিছিল যে ‘পদ্মশ্ৰী’ সন্মান কংগনাই নহয় চনু সুদেহে পোৱাৰ যোগ্য। হাজাৰ হাজাৰ লোকক লকডাউনত সহায় কৰি একপ্ৰকাৰ ভগৱানৰ দূতত পৰিণত হৈছিল চনু সুদ। কংগনা ৰাণাৱটে পদ্মশ্ৰী পোৱা আৰু চনুৰ নাম বিবেচনালৈ নহাক লৈ প্ৰশ্ন সোধা হৈছিল অভিনেতাগৰাকীক। চনু সুদে এই বিষয়ত সৰলভাৱে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। তাৰপাছতেই কংগনাই কৰা এই উদ্ভট মন্তব্যটো সচেতন মহলে সহজে মানি ল'ব পৰা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ