--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাইঃ কৃষকৰ ধাৰাবাহিক প্ৰতিবাদত সেও মানিলে কেন্দ্ৰই৷ কৃষকৰ আগত শিৰোধাৰ্য কৰি তিনিওখন কৃষি আইন বাতিলৰ কথা ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তাৰপাছতেই বিভিন্ন মহলত সমালোচিত হৈছে মোদী৷ কিন্তু ইয়াৰ সন্দৰ্ভত বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে উদ্ভট মন্তব্য কৰে৷ যাৰ ফলত কটু সমালোচনাৰ সন্মুখীন হৈছে অভিনেত্ৰীগৰাকী৷ অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰাম প্ৰফাইলৰ জৰিয়তে কৃষি আইন বাতিলৰ ওপৰত এটা পোষ্ট আপলোড কৰে৷ এই পোষ্টটোত অভিনেত্ৰীগৰাকীয়ে ভাৰতক জেহাদী ৰাষ্ট্ৰ বুলি অভিহিত কৰে। যাৰ ফলত জাঙুৰ খাই উঠে৷

আজি মোদীয়ে এখন সংবাদমেল সম্বোধন কৰি কৃষি আইন বাতিলৰ সিদ্ধান্তৰ কথা অৱগত কৰিছিল৷ তেওঁ প্ৰতিবাদ বন্ধ কৰিবলৈ কৃষকক আহ্বানো জনাইছিল৷ মোদীয়ে সংবাদমেলখনত কৈছিল, কৃষি আইনৰ উদ্দেশ্য সৎ আছিল, কিন্তু কৃষকক বুজাব নোৱাৰিলো৷ কৃষকসকলৰ হিতৰ বাবেই অনা হৈছিল এই আঁচনি৷ কিন্তু আমি কৃষকসকলক পতিয়ন নিয়াব নোৱাৰিলো৷

তাৰপাছতেই ইনষ্টাগ্ৰামযোগে ভাৰতক জেহাদী ৰাষ্ট্ৰ বুলি অবিহিত কৰে অভিনেত্ৰী কংগনা ৰানাৱটে৷ ইপিনে অভিনেত্ৰীগৰাকীক প্ৰদান কৰা পদ্মশ্ৰী বঁটাক লৈয়ো বিভিন্নজনে আপত্তি দৰ্শাইছিল৷ একাংশই এই বঁটাক লৈ তীব্ৰ বিৰোধিতা কৰাৰ লগতে আন একাংশই কৰিছিল সমালোচনা। একাংশই উত্থাপন কৰিছিল যে ‘পদ্মশ্ৰী’ সন্মান কংগনাই নহয় চনু সুদেহে পোৱাৰ যোগ্য। হাজাৰ হাজাৰ লোকক লকডাউনত সহায় কৰি একপ্ৰকাৰ ভগৱানৰ দূতত পৰিণত হৈছিল চনু সুদ। কংগনা ৰাণাৱটে পদ্মশ্ৰী পোৱা আৰু চনুৰ নাম বিবেচনালৈ নহাক লৈ প্ৰশ্ন সোধা হৈছিল অভিনেতাগৰাকীক। চনু সুদে এই বিষয়ত সৰলভাৱে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। তাৰপাছতেই কংগনাই কৰা এই উদ্ভট মন্তব্যটো সচেতন মহলে সহজে মানি ল'ব পৰা নাই৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন