--°C
Loading...
Listen to Article
2 min read
80%
৩১ অক্টোবৰ ২০২৪, বৃহস্পতিবাৰ

মেষ ৰাশি: আজি আপুনি নিজৰ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক অন্যথা আপুনি মানসিক অশান্তিত ভুগিব পাৰে ৷ আপুনি কষ্ট কৰিলেও আপোনাৰ কষ্টৰ ফল লাভত ব্যৰ্থ হ’ব ৷ সন্তানৰ বাবে চিন্তাত থাকিব লাগিব ৷ চৰকাৰী কাম-কাজত সফলতা লাভ কৰিব ৷ মাজে মাজে পেটৰ বিষত ভুগিব পাৰে ৷

বৃষ ৰাশি: গণেশৰ কৃপাত আপুনি যিদৰে সম্পূৰ্ণ সততাৰে আৰু দক্ষতাৰে কাম কৰিছে, আপুনি সফলতাৰ মুখ দেখিবই ৷ পিতৃৰ ফালৰ পৰা সহায়ৰ হাত পাব ৷ ছাত্ৰ-ছাত্ৰী সকলে সফলতাৰ বাবে কষ্ট কৰক ৷ চৰকাৰী কামত সফলতা লাভ কৰিব ৷ সন্তানৰ বাবে টকা জমা কৰিব পাৰিব ৷

মিথুন ৰাশি: গণেশৰ কৃপাত নতুন কাম আৰম্ভ কৰাৰ উত্তম সময় ৷ চৰকাৰী কামত সফল হ’ব আৰু পুৰস্কৃত হ’ব ৷ প্ৰতিবেশী আৰু বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ মতধাৰা সলনি হ’ব ৷ টকা-পইচাৰ ক্ষেত্ৰত সাৱধান হওক ৷

কৰ্কট ৰাশি: বেয়া চিন্তা বাদ দি নতুন চিন্তাৰে দিন আৰম্ভ কৰক ৷ আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব আৰু মনোযোগেৰে কাম কৰাত ব্যৰ্থ হ’ব ৷ চকু ৰাখক যাতে পৰিয়াল আৰু আন সম্বন্ধীয়ৰ লগত মতবিৰোধ নহয় ৷ ছাত্ৰ-ছাত্ৰীসকলে ভাল ফল দেখুৱাব নোৱাৰিব ৷ বেয়া চিন্তাবোৰ মনৰ পৰা আঁতৰাই পেলাওক ৷

সিংহ ৰাশি: আজি আপোনাৰ আত্মবিশ্বাস সম্পূৰ্ণভাৱে বৃদ্ধি হ’ব ৷ যিকোনো কামৰ বাবে অতি সহজে সিদ্ধান্ত গ্ৰহণ কৰক ৷ আপুনি পিতৃ বা ডাঙৰৰ পৰা সহায় লাভ কৰিব ৷ সামাজিক মৰ্যদা বৃদ্ধি হ’ব ৷

কন্যা ৰাশি: চাব যাতে কাৰো লগত অযথা কথাত কাজিয়াৰ সূত্ৰপাত নহয় ৷ মানসিক অশান্তিয়ে শাৰীৰিক অসুস্থতা বৃদ্ধি কৰিব ৷ সৰু কথাতে বন্ধুৰ লগত মতবিৰোধ হ’ব পাৰে ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷ হুলস্থূল আৰু কাজিয়াৰ পৰা নিজকে আঁতৰাই ৰাখক ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু লাভদায়ক । সকলো ক্ষেত্ৰৰপৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব । যাৰ ফলত আপোনাৰ মন ভালে থাকিব । লক্ষ্যণীয়ভাৱে আয়বৃদ্ধিৰ যোগ আছে । বন্ধুসকলৰ মনোৰঞ্জনৰ বাবে ব্যয় কৰিলে তাৰ প্ৰচুৰ লাভ পাব। ক’ৰবাত ফুৰিবলৈ গ’লে বা বনভোজনত গ’লে আজিৰ দিনটো অধিক স্মৰণীয় আৰু আনন্দদায়ক হৈ থাকিব । আপুনি যদি এতিয়া অবিবাহিত তেতিয়া হ’লে বিবাহৰ যোগ আছে ।

বৃশ্চিক ৰাশি: গণেশৰ কৃপাত আজি আপোনাৰ ভাগ্য ভালে থাকিব ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপোনাৰ কামত বচ আনন্দিত আৰু সন্তুষ্ট হ’ব ৷ আজি হাতত লোৱা সকলো কাম নিৰ্বিঘ্নে সমাপ্ত হ’ব ৷ আমদানি বৃদ্ধি হ’ব আৰু পদোন্নতি হ’ব পাৰে ৷ সন্তানৰ কৃতিত্বই আপোনাক আনন্দিত কৰিব ৷

ধনু ৰাশি: শৰীৰ আজি বৰ ভালে নাযাব ৷ মানসিক উদ্বিগ্নতা শৰীৰিক অসুস্থতাৰ কাৰণ হ’ব পাৰে ৷ ব্যৱসায়ত খেলি-মেলিৰ সৃষ্টি হ’ব ৷ আপোনাৰ ব্যৱহাৰ সলনি কৰক ৷ সাৱধানে সকলো কামত মনোনিবেশ কৰক ৷

মকৰ ৰাশি: যোগাভ্যাস কৰক আৰু অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ আপুনি কি খোৱা-বোৱা কৰিছে তাৰ প্ৰতি চকু ৰাখক ৷ খঙক আৰু বেয়া চিন্তাৰ পৰা নিজক মুক্ত ৰাখক ৷ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপুনাৰ অনুকুল নহ’ব ৷ এটা কথাত মন দিব যাতে আপোনাৰ অভিভাৱকৰ লগত যাতে কোনো বিৰোধিতা নহয় ৷

কুম্ভ ৰাশি: আপোনাৰ পাৰিবাৰিক জীৱন আজি অতি সুখকৰ হৈ উঠিব ৷ আজি সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ আছে ৷ ইজনে সিজনক কপোৰ বা আন উপহাৰ প্ৰদান কৰিব পাৰে ৷ পাৰিবাৰিক জীৱন সুখৰ হ’ব ৷

মীন ৰাশি: আজি আপোনাৰ বাবে এটা পবিত্ৰ দিন ৷ শৰীৰ আৰু মনৰ আত্মবিশ্বাস বৃদ্ধি হ’ব ৷ ঘৰত সুখ শান্তিৰ পৰিবেশ থাকিব ৷ আপোনাৰ সহকৰ্মী সকলৰ সহযোগিতা সকলোক্ষেত্ৰত লাভ কৰিব ৷ পিতৃৰ ফালৰ পৰা শুভ ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়