--°C
Loading...
Listen to Article
2 min read
80%

১৫ অক্টোবৰ ২০২৪, মঙলবাৰ


মেষ ৰাশি: নতুন সম্পৰ্ক গঢ়াৰ পূৰ্বে বা যিকোনো পদক্ষেপ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক৷ খৰচ বেছি হ’ব পাৰে৷ আপোনাৰ ক্ষতি কৰিব বিচৰা মানুহৰ পৰা সাৱধান হওক৷ বাহিৰত খোৱা-বোৱা বা মদ্যপান কৰাটো পৰিহাৰ কৰক৷ নিজৰ বাক্য আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখক৷ মানুহক সাক্ষাৎ কৰোঁতে অত্যন্ত সাৱধান হওক৷

বৃষ ৰাশি: শত্ৰুৰ ওপৰত জয় লাভ কৰিব৷ আপুনি আজি পৰিয়ালৰ সদস্যৰ সৈতে কিছু বিশেষ কাম সম্পন্ন কৰিব পাৰিব৷ দুপৰীয়া আপুনি মনোৰঞ্জনত ব্যস্ত থাকিব পাৰে৷ কোনো ভোজৰ আয়োজন হোৱাৰ সম্ভাৱনা৷ আজি পুৰণি বন্ধু-বান্ধৱীক লগ পাব৷ শৈশৱৰ স্মৃতিৰ মাজতো হেৰাই যাব পাৰে৷ দূৰত বাস কৰা আত্মীয়ৰ সৈতে বাৰ্তালাপ হ’ব ৷

মিথুন ৰাশি: আজি সকলো দিশৰ পৰাই এটা শুভ দিন৷ আপোনাৰ পৰিয়ালত সুখ আৰু শান্তিয়ে বিৰাজ কৰিব৷ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ বাবে ধন খৰচ হ’ব পাৰে৷ বিবাহৰ বাবে যোগ্য লোকৰ বিবাহ নিশ্চিত কৰিব পাৰি৷ চাকৰিত আয় বৃদ্ধি পাব পাৰে৷ ঘৰতে কোনো শুভ অনুষ্ঠান আয়োজন কৰিব পাৰে৷ 

কৰ্কট ৰাশি: ভূমি আৰু বাহনৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ দুপৰীয়াৰ পিচত আপুনি সুখ আৰু শান্তি অনুভৱ কৰিব ৷ বন্ধু-বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব৷ আপুনি শাৰীৰিক সতেজতা অনুভৱ কৰিব৷ আজি আপুনি কোনো কথাক লৈ চিন্তিত হৈ পৰিব পাৰে৷ আজি কোনো উপহাৰ পাব পাৰে৷

সিংহ ৰাশি: দুপৰীয়াৰ পিচত আপুনি অধিক সহনশীল হৈ পৰিব৷ কোনো চিন্তাই আমনি কৰিব পাৰে৷ শাৰীৰিক স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে৷ পৰিয়াল আৰু সম্পত্তিৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’ব৷ অৱশ্যে আজি বেছিভাগ সময়তে বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনক লগ পোৱাত ব্যস্ত হৈ থাকিব৷

কন্যা ৰাশি: পৰিয়ালৰ সদস্যৰ লগত কথা পাতি থাকোঁতে সংযম ৰাখিব৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ যত্ন ল’ব৷ দুপৰীয়াৰ পিচত আপোনাৰ সময় অনুকূল দেখা যাব৷ ভাই-ভনীৰ সৈতে ক’ৰবাত ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ সৌভাগ্য বৃদ্ধিৰ লক্ষণ৷ বন্ধু-বান্ধৱীৰ সৈতে সন্ধিয়াৰ সময়খিনি পুৰণি স্মৃতিত কটাব পাৰে৷ আজি কোনো নতুন সম্পৰ্ক গঢ়ি তুলিব পাৰে৷

তুলা ৰাশি: পৰিয়ালৰ সদস্যৰ লগত তৰ্ক-বিতৰ্ক এৰক৷ নিজৰ ইগোক একাষৰীয়া কৰি আপোন লোকক গুৰুত্ব দিয়ক৷ আজি বন্ধু-বান্ধৱী আৰু আত্মীয়ক লগ কৰিব লাগিব৷ আপুনি মানুহক খং কৰাৰ পৰা বিৰত থাকক। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা।

বৃশ্চিক ৰাশি: শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমস্যা হ’ব৷ আজি আপুনি আৰ্থিক বিষয়ত অতি সাৱধানে আগবাঢ়িব লাগিব৷ আজি সন্ধিয়াৰ পিছত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ আলহীও আপোনাৰ ঘৰলৈ আহিব পাৰে৷ কোনোবাই আপোনাক উপহাৰো দিব পাৰে ৷ আজি কোনো নতুন কাম আৰম্ভ নকৰিব৷

ধনু ৰাশি: যিকোনো অন্যায়ৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ’ব পাৰে৷ আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে কথা পাতি থাকোঁতে ধৈৰ্য্য ধৰিব৷ আজি বাহিৰত খোৱা বা পান নকৰিব৷ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত অত্যন্ত সাৱধান হোৱাটো প্ৰয়োজন৷ চৰ্দি হ’লে বাহিৰলৈ যোৱা বা মানুহ লগ পোৱাৰ পৰা বিৰত থাকক৷

মকৰ ৰাশি: আজি আপুনি ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহী হ’ব৷ ব্যৱসায়ৰ বাবে পৰিবেশ অনুকূল হ’ব৷ আপুনি আপোনাৰ সকলো কাম সহজে সম্পূৰ্ণ কৰিব পাৰিব৷ জীৱনতো সুখ বৃদ্ধি পাব৷ কিবা এটা চিন্তাৰ বাবে দুপৰীয়া নেতিবাচক চিন্তাৰ সৃষ্টি হ’ব পাৰে৷ ইয়াৰ ফলত হতাশাও বৃদ্ধি পাব পাৰে৷ কোনো বিশেষ ঠাই ভ্ৰমণৰ পৰিকল্পনাও কৰিব পাৰে ৷

কুম্ভ ৰাশি: আজি আপুনি বৌদ্ধিক কৰ্ম, নতুন সৃষ্টি আৰু সাহিত্যিক কাৰ্যকলাপত নিমগ্ন হ’ব৷ আজিয়েই নতুন কাম আৰম্ভ কৰিব পাৰিব ৷ কিছু ধৰ্মীয় যাত্ৰা আয়োজন কৰা হ’ব পাৰে৷ ব্যৱসায়ত লাভৰ সুযোগ থাকিব৷ কামত কিছু সাৱধানতাৰে আগবাঢ়িব লাগিব৷ পাৰিবাৰিক জীৱনত আনন্দৰ পৰিবেশ সৃষ্টি হ’ব৷ ঘৰত আলহীৰ আগমনে সুখ কঢ়িয়াই আনিব৷ 

মীন ৰাশি: আজি আপোনাৰ মুখৰ বাক্যক নিয়ন্ত্ৰণ কৰিবলৈ শিকক৷ গোপন শত্ৰুৰ পৰা সাৱধানে থাকক৷ আধ্যাত্মিক দিশত দিনটো ভাল ৷ বহিঃৰাজ্যত বাস কৰা বন্ধু-বান্ধৱী আৰু আপোনজনৰ পৰা ভাল খবৰ পাব৷ অংশীদাৰিত্ব ব্যৱসায়ত আপুনি বিশেষ সুবিধা লাভ কৰিব ৷ কাৰো লগত তৰ্কত লিপ্ত নহ’ব৷ ছাত্ৰ-ছাত্ৰীৰ বাবেও দিনটো মধ্যমীয়া৷ পৰিয়ালৰ সদস্যৰ সৈতে মিলাপ্ৰীতিৰে সময় পাৰ কৰক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?