--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভুলতেও এই কামটো নকৰিব আজি হনুমান জয়ন্তীৰ দিনা, বজৰংগবলীৰ খুব খং উঠিব।


আজি ২৩ এপ্ৰিল, ২০২৪ তাৰিখ মঙলবাৰে হনুমান জয়ন্তী উৎসৱ পালন কৰা হৈছে। চৈত্ৰা মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ দিনা চিত্ৰ নক্ষত্ৰত প্ৰভু হনুমানৰ জন্ম হৈছিল।


এই দিনটোত হনুমান ভক্তসকলে ভগৱান হনুমানক পূজা কৰি তেওঁক সন্তুষ্ট কৰিবলৈ সকলো কৰে যাতে তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰে।

প্ৰভু হনুমানৰ পূজাত সম্পূৰ্ণ ৰীতি-নীতি পালন কৰিব লাগে।

তেওঁৰ পূজাত কৰা এটা সৰু ভুলেও বজৰংগবলী ভীষণ ৰুষ্ট কৰিব পাৰে।

এনে বহু কাম আছে যিবোৰৰ প্ৰতি আমি ধ্যান ৰখা উচিত আৰু লগতে হনুমান জয়ন্তীৰ দিনা এই কামবোৰৰ পৰা আমি দূৰত্ব বজাই ৰখা উচিত।


হনুমান জয়ন্তীৰ দিনা এইবোৰ কাম একেবাৰেই নকৰিব।


১) হনুমান জয়ন্তীৰ দিনা মাংস আৰু সুৰা সেৱন কৰিব নালাগে। আমিষ আহাৰ খাব নালাগে।


২) এই দিনটোত বান্দৰবোৰক অশান্তি নিদিব, যদি আপোনাৰ ঘৰলৈ বান্দৰ আহে তেন্তে সিহঁতক নামাৰিব বা খেদি পঠিয়াব নালাগে।


৩) এই দিনটোত কাকো গালি-গালাজ নকৰিব।


৪) এই দিনটোত কেৱল সাত্বিক খাদ্য খাবলৈ চেষ্টা কৰক, তামসিক খাদ্য গ্ৰহণ নকৰিব।


৫) হনুমান জয়ন্তীৰ দিনা ৰঙা বা কমলা ৰঙৰ কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক, এই দিনটোত ক'লা-বগা ৰঙৰ কাপোৰ পিন্ধিব নালাগে।


৬) যদি মহিলাসকলে হনুমানক পূজা কৰে তেন্তে তেওঁৰ মূৰ্তি স্পৰ্শ কৰা উচিত নহয়। লগতে মহিলাসকলে হনুমান জীৰ ভৰি চুব নালাগে।


৭) ভগৱান হনুমানক পূজা কৰি থাকোঁতে তেওঁক পঞ্চমৃত নিবেদন নকৰিব।


৮) হনুমান জীক পূজা কৰাৰ সময়ত ধ্যান দিয়ক যাতে তেওঁৰ মূৰ্তিটো ভঙা বা খণ্ডিত নহয়, যদি আপুনি তেওঁৰ ছবিত পূজা কৰি আছে তেন্তে এই ছবিখন ফটা-চিটা হ’ব নালাগে।


৯) এই দিনটোত ব্ৰহ্মচৰ্য ৰ নিয়ম মানি চলিব লাগে।


এই সকলোবোৰ কথা আজি হনুমান জয়ন্তীৰ দিনা বা প্ৰভু হনুমানৰ যিকোনো পূজাত নিশ্চয় অনুসৰণ কৰক। এইবোৰ কথা মনত ৰাখি পূজা কৰিলে বজৰংগবলীৰ আশীৰ্বাদ সদায় আপোনাৰ লগত থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ