--°C
Loading...
Listen to Article
2 min read
80%

আজি মঙলবাৰ! দিনটো কেনেদৰে পাৰ হ’ব ৰাশিফল চাই জানি লওক


৩০ জুলাই ২০২৪, মঙলবাৰ


মেষ ৰাশি: আপোনাৰ পৰিয়াল আজি আনন্দময় মনেৰে থাকিব৷ আপোনাৰ মুখৰ বাক্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ মধ্যাহ্নৰ পিছত সকলো ঠিকে নাথাকিবও পাৰে৷ নিশ্চিত হওক যাতে আপুনি পৰিয়ালৰ লোকসকলৰ লগত বিবাদত লিপ্ত নহয়৷ তাৰ পৰিৱৰ্তে, নতুন কাম আৰু প্ৰকল্প হাতত লওক৷ দিনটো ফলপ্ৰসূ হ’ব৷ আপোনাৰ খাদ্যৰ প্ৰতি গুৰুত্ব দিয়ক৷ নেতিবাচক চিন্তাধাৰাক দূৰত ৰাখক৷

বৃষ ৰাশি: কথা কোৱাৰ আগতে ভাবক, আপুনি কোৱা কোনো কথাই বিপদত পেলাব পাৰে৷ আপোনাৰ সমালোচক দৃষ্টিভংগীয়ে দিনটোত প্ৰতিবন্ধতাৰ সৃষ্টি কৰিব পাৰে৷ নেতিবাচক মনোভাৱ আঁতৰাই ৰাখক৷ মধ্যাহ্নৰ পিছত, আপোনাৰ পৰিস্থিতি উন্নত হ’ব৷ ঘৰত, বন্ধুত্বপূৰ্ণ আৰু শান্তিপূৰ্ণ পৰিবেশে বিৰাজ কৰিব আৰু পেচাগত দিশটো, ভাল ফল আৰু সফল কামে আপোনাক সন্তুষ্ট আৰু চিন্তামুক্ত কৰি ৰাখিব৷

মিথুন ৰাশি: দিনটোৰ প্ৰথমাৰ্ধ অনুকূল আৰু দ্বিতীয়াৰ্ধ প্ৰতিকূল হোৱাৰ সম্ভাৱনা আছে৷ সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ ঘৰুৱা পৰিবেশ সুখৰ হ’ব, আপুনি পৰিয়াল কেন্দ্ৰিক কথাবতৰা বা আলোচনাত ভাগ লোৱাৰ সম্ভাৱনা আছে৷ বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে৷ মাতৃৰ স্বাস্থ্য চিন্তাৰ বিষয় হ’ব পাৰে৷ স্থায়ী সম্পত্তি সম্বন্ধীয় বিষযত লেনেদেন কৰোঁতে সাৱধান হওক৷

কৰ্কট ৰাশি: সম্পূৰ্ণ দিনটো সৰ্তক হৈ থাকক৷ আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থা আৰু প্ৰতিকূল ঘৰুৱা পৰিবেশে আপোনাক চিন্তিত কৰিব পাৰে ৷ ইতিবাচক হৈ থাকিবলৈ চেষ্টা কৰক৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’ব পাৰে৷ মধ্যাহ্নৰ পিছত, সকলো ঠিক হ’ব আৰু সমস্যাৰ সমাধান হ’ব৷ সৃজনশীল আৰু বৌদ্ধিক কাৰ্যত অংশ গ্ৰহণ কৰিব পাৰে৷ প্ৰেমত শুভ৷ শিক্ষাৰ্থীৰ বাবে দিনটো অনুকূল হ’ব৷

সিংহ ৰাশি: আপোনাৰ হাতত থকা প্ৰতিটো কাম আপুনি আত্ম-বিশ্বাস আৰু দৃঢ়তাৰে সম্পূৰ্ণ কৰিব৷ অধিক টকা খৰচ কৰাৰ পৰা নিজকে নিয়ন্ত্ৰণত ৰাখক, ক্ষতিকাৰক হ’ব পাৰে৷ ঘৰৰ পৰিবেশ আনন্দময় আৰু সৌহাৰ্দ্যপূৰ্ণ হ’ব৷ আপোনাৰ জিভা আৰু মেজাজক নিয়ন্ত্ৰণ কৰি ৰাখক৷ শিল্পীসকলৰ বাবে অতি অনুকূল দিন৷ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি দৰ্শকক মন্ত্ৰমুগ্ধ কৰিব পাৰিব৷ বন্ধুবৰ্গৰ লগত সময় কটাব পাৰে৷

কন্যা ৰাশি: সৃজনীমূলক আৰু মনোৰঞ্জনত আপুনি যথেষ্ট সময় কটোৱাৰ সম্ভাৱনা আছে৷ মধ্যাহ্নৰ পিছত আপোনাৰ স্বাস্থ্য ঠিকে নাথাকিবও পাৰে, লক্ষ্য ৰাখক৷ যোগাসন, ধ্যান সাধনা আৰু উপাসনাই আপোনাৰ মন শান্ত আৰু চিন্তামুক্ত কৰি ৰাখিব৷ পইচা অধিক খৰচ কৰাৰ পৰা বাচক। 

তুলা ৰাশি: শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিকূল দিন হ’ব, শিক্ষাত ভাল প্ৰদৰ্শন কৰিব৷ বিনিয়োগকাৰীৰ বাবেও, আজিৰ দিনটোৱে সৌভাগ্য কঢ়িয়াই আনিব৷ সম্পূৰ্ণ দিনটো আত্মবিশ্বাস আৰু দৃঢ়তাৰে পূৰ্ণ থাকিব৷ সময়সীমা পাৰ নোহোৱাকৈ গুণগত কাম প্ৰদান কৰিব পাৰিব৷ স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ৷

বৃশ্চিক ৰাশি: কাৰ্যালয়ত কামৰ বোজা বৃদ্ধি পাব, কাম সম্পূৰ্ণ কৰাত সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ বিৰতি লওক, ক্লান্তিয়ে আপোনাৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটোৱাৰ সম্ভাৱনা আছে৷ আকস্মিক আৰ্থিক লাভৰ সংযোগ আছে৷ বিৰোধী আৰু প্ৰতিদ্বন্দীৰ লগত কথোপকথন কৰা বা বিবাদত লিপ্ত হোৱাৰ পৰা আঁতৰত থাকক৷ যিকোনো পৰিস্থিতিত ইতিবাচক মনোভাৱ লৈ থাকক ৷

ধনু ৰাশি: স্বাস্থ্যকৰ খাদ্য খাওক আৰু যোগাসন বা ধ্যানসাধনা কৰক৷ কঠোৰ পৰিশ্ৰম কৰাৰ পাছতো সফলতা নাপাবও পাৰে৷ অধিক পৰিশ্ৰম কৰক৷ মধ্যাহ্নৰ পাছত, আপোনাৰ স্বাস্থ্যৰ উন্নতি হ’ব পাৰে আৰু সকলো ভাললৈ আহিব৷ সামাজিক দিশত সন্মান বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীসকলে লাভ আশা কৰিব পাৰে৷

মকৰ ৰাশি: ব্যৱসায়ী আৰু ব্যৱসায়ৰ বাবে এটা অতি ভাল দিন৷ যিকোনো কামৰ বাবে আজিৰ দিনটোৱে সৌভাগ্য কঢ়িয়াই আনিব৷ আপোনাৰ প্ৰচেষ্টা, উত্‍পাদন ক্ষমতা আৰু দক্ষতাই আপোনাৰ ঊৰ্ধতন কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰিব৷ আপুনি এটা উচ্চ পদলৈ পদোন্নতি পাব পাৰে৷ আৰ্থিক লাভ হ’ব।

কুম্ভ ৰাশি: আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু আপুনি ক্লান্ত আৰু উদ্বিগ্ন অনুভৱ কৰিব পাৰে৷ পৰিয়ালৰ সদস্যৰ লগত হোৱা বিবাদে ঘৰৰ পৰিবেশ নষ্ট কৰিব পাৰে৷ শান্তি বৰ্তাই ৰাখক; নিজৰ জিভাক নিয়ন্ত্ৰণ কৰক৷ ব্যয়ও অধিক হ’ব৷ আধ্যাত্মিক চৰ্চা কৰক।

মীন ৰাশি: বিনিয়োগকাৰীসকলে বিভিন্ন স্থানত ধন বিনিয়োগ কৰাৰ আগতে সতৰ্ক হওক৷ দিনটো অতি ফলপ্ৰসূ নহবও পাৰে৷ আইনী নথি-পত্ৰত হস্তাক্ষৰ কৰোঁতে সাৱধান হওক৷ ঘৰুৱা পৰিৱেশত থকা সমস্যাসমূহ দূৰ হ’ব৷ যদি আপুনি কোনো নতুন কামৰ আৰম্ভণি কৰিম বুলি ভাবিছে তেন্তে সন্ধ্যা সময়ে হ’ল উপযুক্ত সময়৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ
এইকেইটা বস্তু পেটৰ বাবে বৰদান! জানি লওক
টিংখাঙত দুই ভাতৃক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা বিশ্বজিৎ ভূঞা নামৰ এজন যুৱকৰ
AFC মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ প্ৰথম প্ৰতিদ্বন্দ্বী হ'ব ভিয়েটনাম