--°C
Loading...
Listen to Article
2 min read
80%

১০/০২/২৪, শনিবাৰ

মেষ – শুভ দিন। দিনটোত আৰ্থিক স্থিতি সবল হ’ব। খং কমাব। অন্যথা কোনো লোকচানৰ সন্মুখীন হ’ব। শুভ সংখ্যা ৫ , শুভ ৰং নীলা।

বৃষ- শৰীৰৰ শুভ। বেলেগৰ কামত অত্যাধিক জড়িত হোৱাৰ সলনি নিজৰ কামত গুৰুত্ব দিয়ক। ব্যৱসায়ীসকলৰ বাবে শুভ। শুভ সংখ্যা ২, হালধীয়া।

মিথুন – পৰিয়ালত শুভ। কোনো কামৰ সমাধান লাভ কৰিব | কৰ্মস্থানত ব্যস্ততা বাঢ়িব | পতি-পত্নীৰ মাজত সমন্বয় বজাই ৰাখিব | শুভ সংখ্য ৬ , শুভ ৰং গোলপীয়া |

কৰ্কট – মন ভালে থাকিব। দিনটো কোনো সন্মানীয় ব্যক্তিৰ লগত পাৰ হ’ব | কোনো মূল্যবান বস্তু ক্ৰয় কৰিব পাৰিব | স্বাস্থ্য ঠিকে যাব | শুভ সংখ্যা ৩ , শুভ ৰং কমলা |

সিংহ – এলাহক নিজৰ ওপৰত ভাৰী হ’বলৈ নিদিব | কাৰোবাৰ লগত কথা কওতে সাৱধানে ক’ব | প্ৰেমত মধুৰ | শুভ সংখ্যা ৮, শুভ ৰং সেউজীয়া |

কন্যা – প্ৰেমত শুভ। কৰ্মস্থানত ব্যস্ততা বাঢ়িব | ঘৰৰ মানুহৰ লগত মনোমালিন্য হ’ব | ব্যৱসায়ত চিন্তা বাঢ়িব | শুভ সংখ্যা ৯ , শুভ ৰং ৰঙা |

তুলা – পৰিয়ালত সংঘাত। স্বাস্থ্যক লৈ চিন্তিত হ’ব | হাতত থকা পইচা অধিক মাত্ৰাত খৰচ হ’ব | শিক্ষাৰ্থী সকলে সফলতা পাব | শুভ সংখ্যা ১, শুভ ৰং বাদামী |

বৃশ্চিক – মূৰৰ বিষ হ'ব পাৰে। কোনো কামৰ বাবে অধিক চিন্তা নকৰিব | ভ্ৰমণৰ সম্ভাবনা আছে | স্বাস্থ্য ভালে যাব | শুভ সংখ্যা ৭ , শুভ ৰং আকাশী |

ধনু – ভাগ্যই সংগ দিব। যদি আপুনি কৰবাত মূলধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে ইয়াক তৎক্ষণাৎ কাৰ্যকৰী কৰক। অযথা খৰচ নকৰিব | শুভ সংখ্যা ২ ,শুভ ৰং বগা |

মকৰ – সুখৰ দিন। আজি পৰিস্থিতি ভাল হ’ব। কিছু সময়ৰ বাবে মনত চলি থকা যিকোনো দ্বৈত যুদ্ধ সমাপ্ত হ’ব। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা | শুভ সংখ্যা ৮ , শুভ ৰং ৰূপালী |

কুম্ভ – পৰিয়ালত শান্তি। কোনো আত্মীয়ৰ সৈতে চলি থকা ভুল বুজাবুজি আঁতৰ কৰা হ’ব | আত্ম বিশ্বাস ৰাখিব | শুভ সংখ্যা ৩, শুভ ৰং মেৰুণ |

মীন – খৰচত নিয়ন্ত্ৰণ কৰিব | আনৰ বাবে আজি আপুনি সুখ পাব | স্বাস্থ্যৰ প্ৰতি সাৱধান হ’ব | কফজনিত ৰোগ দূৰ হ'ব। শুভ সংখ্যা ৬ , শুভ ৰং গাঢ় নীলা |


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?