--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এখন বাহন সঠিকভাৱে চলাবলৈ যিদৰে ইন্ধনৰ প্ৰয়োজন হয়, ঠিক একেদৰে শৰীৰটোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ভিটামিনৰ প্ৰয়োজন হয়। যেনে-ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-বি, ভিটামিন-কে, ভিটামিন-ই ইত্যাদি...। যদি এই ভিটামিনবোৰৰ যিকোনো এটা শৰীৰত অভাৱ হয়, তেন্তে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কিন্তু কি কি ভিটামিনৰ অভাৱত কি কি ৰোগ হ’ব পাৰে সেই বিষয়ে বহু লোক অজ্ঞাত। সেয়েহে এই লেখাটোৰ জৰিয়তে আজি আমি ভিটামিনৰ অভাৱত হোৱা ৰোগ আৰু ইয়াৰ অভাৱ কেনেকৈ দূৰ কৰিব পাৰি সেই বিষয়ে বিতংভাৱে জানো আহক...।

১. ভিটামিন-B:-আমাৰ শৰীৰৰ বাবে ভিটামিন-B অতি গুৰুত্বপূৰ্ণ। ভিটামিন-Bত বহুতো কমপ্লেক্স থাকে। য’ত ভিটামিন-বি১, বি-২, বি-৩, বি-5, বি-৬, বি-৭ আৰু বি-১২ অন্তৰ্ভুক্ত। এই সকলোবোৰ কমপ্লেক্স আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি শৰীৰত ভিটামিন-বি১ আৰু ভিটামিন-বি২ৰ অভাৱ হয় তেন্তে স্নায়ুতন্ত্ৰ, ছাল, চকুৰ ওপৰত প্ৰভাৱ পৰা দেখা যায়। আনহাতে ভিটামিন-বি৩য়ে ক্লান্তি, বমি, হজম শক্তি বেয়া হোৱা আদি সমস্যাৰ সৃষ্টি কৰিব পাৰে। ভিটামিন-বি৬ৰ অভাৱৰ ফলত হতাশাবিভ্ৰান্তি, বমি, ৰক্তহীনতা আৰু সঘনাই সংক্ৰমণৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ভিটামিন-বি১২ৰ বাবে কোষ্ঠকাঠিন্য, ভোক কমি যোৱাগেছ গঠন, উশাহ লোৱাত কষ্ট, মগজুৰ কাৰ্য্যক্ষমতাক প্ৰভাম্বিত কৰিব পাৰে। ভিটামিন–বিয়ে আমাৰ শৰীৰত জিন আৰু ডি এন এ গঠনৰ বাবে কাম কৰে। ভিটামিন-বিৰ সহায়ত শৰীৰত ৰক্তকণিকাও উৎপন্ন হয়। ভিটামিন-বিৰ অভাৱ দূৰ কৰিবলৈ কণী, মাংসমাছ, সকলো ধৰণৰ দুগ্ধজাত সামগ্ৰী সেৱন কৰা উচিত।

২. ভিটামিন-কে:-আমাৰ স্বাস্থ্যৰ বাবে ভিটামিন-কে অতি গুৰুত্বপূৰ্ণ।ইয়াৰ অভাৱেও বহুতো গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। ভিটামিন-কেৰ অভাৱত অষ্টিঅ’পৰ’ছিছ হ’ব পাৰে। কেন্সাৰৰ আশংকা বৃদ্ধি পায়। ৰক্তক্ষৰণৰ সমস্যা, হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ আশংকা থাকে। ভিটামিন-কেৰ অভাৱৰ বাবে ৰক্তবাহী নলীবোৰ কঠিন হৈ পৰে। পিৰিয়ডৰ লগত জড়িত সমস্যা হ’ব পাৰে। যেনেকৈ বেছি বিষ হোৱা আৰু তেজ ওলোৱা। প্ৰদাহজনিত অন্ত্ৰৰ ৰোগ হ’ব পাৰে। ভিটামিন-কেৰ অভাৱত হিমোফিলিয়াৰ দৰে ৰোগ হ’ব পাৰে।ইয়াৰ অভাৱ পূৰণৰ বাবে ঘেঁহু, সৰিয়হৰ সেউজীয়া শাক, কচু, সেউজীয়া পাতৰ শাক, গজালি ওলোৱা শস্য, কল, কিৱি, আঙুৰ, জলপাই তেল, ৰঙা মৰিচা শাক, মূলা, বুটমাহ, ব্ৰকলি খাব পাৰে।

৩. ভিটামিন-এঃ-আন ভিটামিনৰ দৰে ভিটামিন-এ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। ই এক মহান এন্টিঅক্সিডেন্ট যিয়ে ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰাত সহায় কৰে। শৰীৰৰ সঠিক বিকাশতো ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভিটামিন-এৰ অভাৱত চকুৰ দৃষ্টিশক্তিৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পৰা দেখা যায়। ইয়াৰ অভাৱৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাৰ উপৰি সংক্ৰমণ সম্ভাৱনা বাঢ়ি যায়। ভিটামিন-এৰ অভাৱত আপুনি ৰক্তহীনতাৰ বলি হ’ব পাৰে। প্ৰস্ৰাৱৰ সংক্ৰমণৰ বাহিৰে আন শ্বাস-প্ৰশ্বাসৰ সংক্ৰমণ। ভিটামিন-এৰ অভাৱত যকৃতৰ ৰোগ হয়। শৰীৰৰ বহু অংশ যেনে-ছাল, চুলি, দাঁত আৰু আঁঠুৰ বাবেও ই প্ৰয়োজনীয়।ছালৰ কোষ গঠন আৰু মেৰামতিৰ বাবে ভিটামিন-এ অতি প্ৰয়োজন। ইয়াৰ অভাৱৰ বাবে ছালৰ শুকান সমস্যাৰ সৃষ্টি হ’ব পাৰে। ভিটামিন-এৰ অভাৱত পুৰুষ আৰু মহিলা উভয়ৰে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰাৰ উপৰি ই তেজত থকা কেলচিয়ামৰ মাত্ৰা অটুট ৰখাত সহায় কৰে। ফলত হাড়বোৰ মজবুত হয়।সেউজীয়া পাতৰ শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰি ইয়াৰ অভাৱ পূৰণ কৰিব পাৰি। ইয়াৰ উপৰি সৰিয়হ, গাখীৰ, বিলাহী, মাছৰ তেল, কণী, ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন-এ পোৱা যায়।

৪. ভিটামিন-চিঃ-শৰীৰৰ সঠিক বিকাশৰ বাবেও ভিটামিন-চি অতি প্ৰয়োজনীয়।ভিটামিন-চিৰ অভাৱত কেৱল ছালৰ সমস্যাই নহয়, শৰীৰ বিভিন্ন অংশত ইয়াৰ বিশেষ প্ৰভাৱ পৰা দেখা যায়। দৰাচলতে শৰীৰত ভিটামিন-চিৰ অভাৱৰ বাবে কলাজেনৰ অভাৱ হয়। ইয়াৰ বাবেই দাঁতৰ আলুৰ পৰা তেজ ওলোৱাৰ সমস্যা হ’ব পাৰে। ভিটামিন-চিৰ অভাৱত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হ’ব পাৰে।আপুনি বাৰে বাৰে অসুস্থ হ’ব পাৰে বা ভাগৰুৱা আৰু পেশীৰ বিষ অনুভৱ কৰিব পাৰে। যদি শৰীৰত ভিটামিন-চিৰ অভাৱ হয়, তেন্তে শৰীৰৰ যিকোনো ঘাঁ ভাল হ’বলৈ বহু সময় লাগিব পাৰে। ভিটামিন-চিৰ অভাৱ পূৰণ কৰিবলৈ আপুনি খাদ্যত ছাইট্ৰাছ ফল যেনে-নেমু, কমলা, কঁঠাল, আঙুৰ, পদিনা, বিলাহী আৰু বিভিন্ন ধৰণৰ ঋতুভিত্তিক ফলমূল আৰু শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

৫. ভিটামিন-ডিঃ-শৰীৰটো সুস্থ হৈ থাকিবলৈ ভিটামিন-ডি অতি প্ৰয়োজন। ভিটামিন-ডিৰ অভাৱৰ বাবে হাড় দুৰ্বল হৈ পৰে। ইয়াৰ ফলত বাতবিষ, অষ্টিঅ’পৰ’ছিছৰ সমস্যাত ভুগিব পাৰে বা ভৰিৰ হাড় বেঁকা হৈ পৰা সমস্যা হ’ব পাৰে। ভিটামিন-ডিৰ অভাৱত শিশুৰ ৰিকেটছ ৰোগ হ’ব পাৰে বা হাড়বোৰ থুনুকা হ’ব পাৰে।ভিটামিন-ডিৰ অভাৱত মানুহে মানসিক চাপ আৰু হতাশাতো ভুগিব পাৰে।ইয়াৰ অভাৱ পূৰণ কৰিবলৈ সূৰ্যৰ পোহৰ হৈছে সৰ্বোত্তম নিৰাময়ৰ উপায় হোৱাৰ লগতে অতি কমেও ১৫ মিনিট সূৰ্যৰ তাপ লয় তেন্তে ভিটামিন-ডিৰ অভাৱ সম্পূৰ্ণ হ’ব পাৰে।

৬. ভিটামিন-ই:-ছাল আৰু চুলি সুস্থ কৰি ৰখাত ভিটামিন-ই অতি গুৰুত্বপূৰ্ণ অৱদান আছে। ইয়াৰ বাহিৰেও ই শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰে। ভিটামিন-ইৰ অভাৱত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল  হোৱাৰ লগতে পেশীবোৰো দুৰ্বল হ’ব পাৰে বা চকুৰ লগত জড়িত অভিযোগ হ’ব পাৰে। ইয়াৰ উপৰি প্ৰজনন ক্ষমতাত বিৰূপ প্ৰভাৱ পেলাব পাৰে। ভিটামিন-ই কলেষ্টেৰলৰ মাত্ৰা বজাই ৰখাৰ লগতে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ভিটামিন-ইৰ অভাৱৰ বাবে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায়। যাৰ বাবে হৃদযন্ত্ৰ আৰু মগজুৰ লগত জড়িত বহুতো সমস্যা হ’ব পাৰে। ভিটামিন-ইয়ে হাৰ্টএটেকৰ পাছত পেশীৰ ক্ষতি ৰোধ কৰাত সহায় কৰিব পাৰে। ইয়াৰ অভাৱ পূৰণ কৰিবলৈ কচু, আলমণ্ড, বাদাম, কণী, আখৰোট, সেউজীয়া শাক-পাচলি, ব্ৰকলি আদি অন্তৰ্ভুক্ত কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা