ডিজিটেল ডেস্ক: নগাঁৱৰ পুৰণিগুদাম কেঞাপট্টিৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত এগৰাকী মহিলাসহ দুজন লোক, আহত দুই যুৱক।
এখন তীব্ৰবেগী চাৰিচকীয়া KIA Carens বাহনs প্ৰচণ্ড খুন্দা মাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত থকা ডিভাইডাৰৰ ষ্টিট লাইটৰ খুঁটাত। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীতে জ্বলি উঠে দুৰ্ঘটনা গ্ৰস্ত বাহনখন।
দুৰ্ঘটনাটোৰ ফলত অগ্নিদগ্ধ হৈ বাহনৰ ভিতৰতে জ্বলি অগ্নিদগ্ধ হৈ থিতাতে নিহত হয় দুজনকৈ লোক,আনহাতে গুৰুতৰভাৱে আহত হয় আন দুজন যুৱক।
দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই বহু সময় ধৰি অগ্নিদগ্ধ বাহনৰ ভিতৰতে আৱদ্ধ নিহতসকল।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ জুই নিৰ্বাপন হয় যদিও বৰ্তমানেও বাহনৰ ভিতৰতে আৱদ্ধ নিহত লোকসকল। দুৰ্ঘটনাটোৰ ফলত সম্পূৰ্ণভাৱে জ্বলি চাৰখাৰ হয় AR 01 W5107 নম্বৰৰ বাহনখন।
ঘটনাস্থলীত চামগুৰি আৰু পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহতসকলক বাহনৰ পৰা উলিওৱা চেষ্টা কৰে।
বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই নিহত-আহত ব্যক্তিসকলৰ পৰিচয়।